নগাঁও: বছৰটোৰ পহিলা দিনাই নগাঁও চহৰত লাগিল হাহাকাৰ । তীব্ৰ আতংকৰ মাজত নৱবৰ্ষৰ প্ৰথমটো দিনটো পাৰ কৰে নগাঁওবাসীয়ে । নগাঁও চহৰৰ মাজমজিয়াত এটা বাঘৰ আশ্ৰয়ক লৈ সৃষ্টি হৈছে তীব্ৰ আতংক । নগাঁও চহৰৰ মাজমজিয়াৰ এটা বাসগৃহৰ বাথৰুমত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে আশ্ৰয় লৈ থকা প্ৰত্যক্ষ কৰাৰ পাছতেই সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ । নগাঁও চহৰৰ আমোলাপট্টিৰ এটা বাসগৃহত নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে নিৰ্মাণকামত জড়িত শ্ৰমিকে প্ৰথমে বাঘটো প্ৰত্যক্ষ কৰি গৰাকীক খবৰ দিয়ে ।
তাৰ পাছতেই স্থানীয় লোক উপস্থিত হয় উক্ত এলেকাত । চহৰখনৰ আমোলাপট্টিত নাহৰফুটুকী বাঘে আশ্ৰয় লোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় আতংকৰ । নাহৰফুটুকী বাঘে আমোলাপট্টিৰ এটা বাসগৃহৰ বাথৰুমত বাঘে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰি উপস্থিত হয় স্থানীয় বিধায়ক ৰূপক শৰ্মাও । লগে লগে বন বিভাগৰ লোকক খবৰ দিয়াত বিভাগৰ লোকো উপস্থিত হয় যদিও এই বাতৰি যুগুত কৰাসময়লৈকে কোনো ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ লোক ।
সম্পূৰ্ণ ঘন জনবসতিপূৰ্ণ এলেকা নগাঁও চহৰৰ আমোলাপট্টিত নাহৰফুটুকীটো ক'ৰপৰা আহিছে সেই তথ্যও নিশ্চিত হ'ব পৰা নাই স্থানীয় লোক অথবা বন বিভাগৰ লোক । বাঘটোৰ দেখা স্থানত উপস্থিত হৈ বিধায়ক ৰূপক শৰ্মাই কয়,"আচৰিত কথা, ওচৰত পাহাৰো নাই, চাহ-বাগানো নাই জনসমুদ্ৰৰ মাজত বাঘটো কেনেকৈ আহি সোমাল আচৰিত লাগিল । যিহেতু বাঘটো এতিয়াও আছে গতিকে সকলোকে সাবধান আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনালোঁ ।"