ETV Bharat / state

২০২৫ৰ প্ৰথম সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ ডং গাঁৱত ভিৰ পৰ্যটকৰ - ARUNACHAL FIRST SUNRISE VILLAGE

সূৰ্যোদয়ৰ দেশ অৰুণাচলৰ ডং গাঁৱত দেশৰ ভিতৰতে সূৰ্যৰ প্ৰথম কিৰণ পৰে । দেশ-বিদেশৰ পৰ্যটকে এই নান্দনিক দৃশ্য উপভোগ কৰিলে ।

MILLENIUM FIRST SUNRISE
২০২৫ৰ প্ৰথম সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ ডং গাঁৱত ভিৰ পৰ্যটকৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 8:22 PM IST

তেজপুৰ : বছৰৰ প্ৰথম দিনটোত প্ৰথম সূৰ্যৰ কিৰণ পৰা স্থানত প্ৰথম সূৰ্যোদয় প্ৰত্যক্ষ কৰিলে প্ৰায় শতাধিক লোকে । বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ দলে পুৱতি নিশাই এই বিশেষ সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ উপস্থিত হয় ভাৰতবৰ্ষৰ এখন বিখ্যাত গাঁৱত । যাক ভাৰতৰ সূৰ্যোদয়ৰ প্ৰথম স্থান বুলি বিবেচনা কৰা হয় । সেই গাঁওখন হ'ল অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ ডং গাঁও ।

"আশা আৰু প্ৰত্যাশাৰ মাজতে শতাধিক লোক সমাগত হৈ সেই বিৰল দৃশ্য নিজৰ নিজৰ কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিল যদিও আজি বতৰ কিছু ডাৱৰীয়া হোৱাৰ বাবে বহু পলমকৈ হে সূৰ্যৰ বিৰল ৰঙা ৰশ্মি আৰু তাৰ পিছত সূৰ্যৰ সম্পূৰ্ণ পোহৰ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হওঁ ।"-এই মন্তব্য অসমৰ এজন ইউটিওবাৰ খগেন গগৈৰ ।

২০২৫ৰ প্ৰথম সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ ডং গাঁৱত ভিৰ পৰ্যটকৰ (ETV Bharat)

ডং গাঁৱত সূৰ্যৰ প্ৰথম কিৰণ

উল্লেখ্য যে ভাৰতৰ একেবাৰে পূৱ দিশত অৱস্থিত ডং গাঁও দেশৰ ভিতৰতে সূৰ্যোদয়ৰ প্ৰথম স্থান হিচাপে পৰিচিত । যাৰ বাবে বছৰৰ অন্তিমটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰত তালৈ যথেষ্ট পৰ্যটকৰ সমাগম হয় । বছৰৰ প্ৰথমটো সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ এইবাৰো গাঁওখনলৈ পৰ্যটকৰ আগমন হৈছে ।

বছৰৰ প্ৰথম সূৰ্যোদয়

সূৰ্যোদয়ৰ নান্দনিক দৃশ্য উপভোগ কৰি আনন্দিত পৰ্যটক । উত্তৰ প্ৰদেশৰ পৰ্যটক অমন বৰ্মাই ইটিভি ভাৰতক কয়,"মই আজি পুৱাৰ যি দৃশ্য উপভোগ কৰিলো সেয়া ভাষাৰে বুজাব নোৱাৰো । গুগল আৰু শেহতীয়া বাতৰিৰ পৰা জানিবলৈ পাৰিলো যে এই ঠাই ডোখৰত আহি ভাৰতৰ প্ৰথম সূৰ্যোদয় প্ৰত্যক্ষ কৰিব পাৰি। মই তেজুত আছিলো তাত আহি ভালদৰে জানিব পাৰিলো যে ডং এক পৰ্যটকৰ আকৰ্ষণীয় ঠাই । প্ৰথম সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ পুৱতি নিশা ২ বজাত ট্ৰেকিং আৰম্ভ কৰি গন্তব্য স্থানত উপস্থিত হৈছিলো ।"

এগৰাকী স্থানীয় গাইডৰ মতে ১ জানুৱাৰীৰ সূৰ্যোদয় প্ৰত্যক্ষ কৰিবলৈ দেশৰ ভিন্ন প্ৰান্তৰ লোক আহিছিল । তাৰ ভিতৰত আছে কেৰালা, তামিলনাডু, হায়দৰাবাদ, মহাৰাষ্ট্ৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, মিজোৰাম, নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশৰো বহু জিলাৰ লোক ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশক 'সূৰ্যোদয়ৰ দেশ' আৰু লেণ্ড অব ডন-লিট-মাউণ্টেইন (Land of the Dawn-Lit-Mountains) বুলি কোৱা হয় । পূৱ দিশত অৱস্থিত বাবে অৰুণাচল প্ৰদেশত অন্যান্য প্ৰান্ততকৈ প্ৰথমে সূৰ্যৰ ৰশ্মি পৰে । তেজপুৰ চহৰৰ পৰা প্ৰায় ৬৭০ কিলোমিটাৰ পূৱ দিশত অৱস্থিত আঞ্জাও জিলাৰ ডং গাঁও ৱালঙৰ পৰা মাত্ৰ ৮ কিলোমিটাৰ দূৰত অৱস্থিত । ডং গাঁৱৰ পৰা প্ৰায় ৩ ঘণ্টা ট্ৰেকিং কৰি সেই বিশেষ ভিউ পইণ্টত উপস্থিত হ'ব লাগে । পুৱতি নিশা লুংলুঙীয়া পথেৰে শাৰী শাৰীকৈ পাহাৰৰ শিখৰলৈ যাব লাগে । বিগত ২০০০ চনৰ ১ জানুৱাৰীত ডঙত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে সূৰ্যোদয়ৰ সাক্ষী হৈছিল । এতিয়া গাঁওখনক লোহিত নদীৰ ওপৰেৰে লোৰ ওলোমা দলঙেৰে সংযোগ কৰা হৈছে । ডং উপত্যকা অত্যন্ত আকৰ্ষণীয় ।

লগতে পঢ়ক :বছৰৰ পহিলা দিনতে মন্দিৰত ভক্তৰ ভিৰ - NEW YEAR CELEBRATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.