নিউজ ডেস্ক, ২৫ মাৰ্চ :জন্মস্থান হিমাচল প্ৰদেশৰ পৰা বিজেপি দলে লোকসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতক । জন্মস্থান মাণ্ডি সমষ্টিৰ পৰা শাসকীয় দলে টিকট প্ৰদান কৰাৰ লগে লগে অভিনেত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰিছে । বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁৰ সদায় চৰ্তহীন সমৰ্থন আছে ।
উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১৬ খন ৰাজ্যৰ প্ৰাৰ্থীৰ পঞ্চম তালিকা প্ৰকাশ কৰে । য'ত কংগনাক কংগ্ৰেছৰ দুৰ্গ হিচাপে জনাজাত হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা মনোনীত কৰা হৈছে । বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিচতে কংগনাই ইনষ্টাগ্ৰামত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে ।
তেওঁ লিখিছে, "মোৰ প্ৰিয় ভাৰত আৰু ভাৰতীয় জনতাৰ নিজৰ দল ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) সদায় মোৰ পৰা চৰ্তহীন সমৰ্থন লাভ কৰি আহিছে, আজি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মোক মোৰ জন্মস্থান হিমাচল প্ৰদেশ, মাণ্ডি (সমষ্টি)ৰ পৰা তেওঁলোকৰ লোকসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত হাইকমাণ্ডৰ সিদ্ধান্ত মই মানি লৈছো ।"