অসম

assam

ETV Bharat / politics

প্ৰতিটো নিৰ্বাচনতে চামগুৰিত নিৰ্বাচনী হিংসা কিয় ?

নিৰ্বাচন মানেই যেন আক্ৰমণ, প্ৰত্যাক্ৰমণ, মাৰপিট, উত্তেজনা । দুই দশকত চামগুৰিত হিংসাত্মক ঘটনাবিহীন হোৱা নাই এটাও নিৰ্বাচন ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Samaguri assembly constituency
প্ৰতিটো নিৰ্বাচনতে চামগুৰিত নিৰ্বাচনী হিংসা কিয় ? (ETV Bharat Assam)

নগাঁও: সুদীৰ্ঘ প্ৰায় ২৩ বছৰ একেৰাহে ৰাজত্ব কৰি অৱশেষত ধুবুৰীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে ৰকিবুল হুছেইন । চামগুৰি সমষ্টিৰ বিধায়ক পদ পদত্যাগ কৰি সমষ্টিটোৰ পৰা পুত্ৰক বিধায়ক হিচাপে নিৰ্বাচিত কৰিবলৈ অভিযান আৰম্ভ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইনে । ইয়াৰ বিপৰীতে ৰকিবুল পুত্ৰক পৰাজিত কৰিবলৈ উঠি পৰি লাগিছে শাসকীয় পক্ষ।

ইতিমধ্যে সমষ্টিটোৰ উপ-নিৰ্বাচনৰ সম্ভাব্য প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাৰ হৈ সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, বিধায়ক জিতু গোস্বামীসহ কেইবাগৰাকী নেতাই । ইপিনে, চামগুৰি সমষ্টিৰ পৰা গৈ ধুবুৰীত এআই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক শোচনীয়ভাৱে পৰাজিত কৰা ৰকিবুল হুছেইনৰ বিৰুদ্ধে পোটক তুলিবলৈ সাজু হৈছে বদৰুদ্দিন আজমল । ৰকিবুল পুত্ৰক যিকোনো বিনিময়ত পৰাজিত কৰাই যেন এতিয়া লক্ষ্য হৈ পৰিছে আজমলৰ । অৱশ্যে চামগুৰি সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী কোন হ'ব সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো একপ্ৰকাৰ নিশ্চিত বুলি ইতিমধ্যেই মন্তব্য কৰিছে বদৰুদ্দিন আজলমলে।

চামগুৰি সমষ্টিত এফালে ৰকিবুলৰ পুত্ৰক জয়ী কৰোৱাটো যিদৰে সাংসদগৰাকীৰ সন্মান জড়িত হৈ পৰিছে একেদৰে যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত হেৰুওৱা সন্মান ঘুৰাই অনাৰ সুযোগৰ সন্ধানত পুনৰ সৰ্বশক্তি প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে । আনহাতে, ৰকিবুল হুছেইনৰ কম বয়সীয়া পুত্ৰ তাঞ্জিলৰ হাতত পৰাজিত হোৱাটোও অসম বিজেপিৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সন্মান জড়িত হৈ পৰিছে । যাৰ ফলতে হয়তো সমষ্টিটোৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰাই নিৰ্বাচনকেন্দ্ৰিক সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰিব ধৰিছে চামগুৰি সমষ্টিত ।

দুই দশকত হিংসাত্মক ঘটনাবিহীন নহ'ল চামগুৰিৰ নিৰ্বাচন

চামগুৰিত নিৰ্বাচনকেন্দ্ৰিক হিংসা কোনো নতুন কথা নহয় । বিভিন্ন প্ৰান্তত উৎসৱৰ দৰে গণ্য কৰি অহা নিৰ্বাচন যেন শান্তি বিঘ্নিত কৰাৰ কাৰণ হৈ পৰে নগাঁও জিলাৰ চামগুৰিৰ বাবে । কাৰণ নিৰ্বাচন আহিলেই চামগুৰি সমষ্টিত আৰম্ভ হয় আক্ৰমণ, প্ৰত্যাক্ৰমণ, মাৰপিটৰ দৰে হিংসাত্মক ঘটনা । বিগত দুটা দশকত হিংসাত্মক ঘটনাবিহীন নহ'ল চামগুৰি সমষ্টিৰ কোনো এটা নিৰ্বাচন । সেয়া বিধানসভা নিৰ্বাচনেই হওক অথবা লোকসভা কিম্বা পঞ্চায়ত নিৰ্বাচনেই হওক । প্ৰতিটো নিৰ্বাচনতেই সংঘটিত হৈ অহা হিংসাত্মক ঘটনাই শান্তি বিঘ্নিত কৰি আহিছে সমষ্টিটোৰ সৰ্বসাধাৰণ জনতাৰ ।

২০০১ চনৰ পৰাই চামগুৰি সমষ্টিত হৈছে হিংসা

২০০১ চনৰ পৰাই চামগুৰি সমষ্টিৰ নিৰ্বাচনত এনে এক অশুভ পৰিবেশে গা কৰি উঠা বুলি সৰ্বত্ৰে চলি থাকে চৰ্চা । ২০০১ চনৰ বিধানসভা নিৰ্বাচনত কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল যদিও বিশেষকৈ ২০০৬ চনৰ বিধানসভা নিৰ্বাচনৰ পৰা নিৰ্বাচনকেন্দ্ৰিক পৰিবেশ অধিক অৱনতি ঘটিছিল চামগুৰি সমষ্টিত । ২০০৬ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গঠিত ৰাজনৈতিক দল এ আই ইউ ডি এফ দলৰ কোনো নেতাকে চামগুৰিত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল সেই সময়ৰ প্ৰৱল প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনৰ সমৰ্থকে । আনকি দলটোৰ নেতা বদৰুদ্দিন আজমলকো চামগুৰি প্ৰবেশত বাধা প্ৰকদান কৰাক লৈ উত্তপ্ত হৈছিল চামগুৰি । এ আই ইউ ডি এফৰ বহু নেতাৰ বাহন ভাঙিও চুৰমাৰ কৰিছিল কংগ্ৰেছ সমৰ্থকে । এই কথা ইতিমধ্যেই বিভিন্ন মাধ্যমত উল্লেখ কৰিছে দলটোৰ বিধায়ক আমিনুল ইছলামে ।

একেদৰে ২০১১ চনৰ নিৰ্বাচনৰ সময়ত ৰকিবুল হুছেইনৰ বিৰুদ্ধে অগপ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমৰ্থকৰ সৈতেও সংঘাতত লিপ্ত হৈছিল কংগ্ৰেছৰ কৰ্মী সমৰ্থক । ২০১১ চনৰ বিধানসভা নিৰ্বাচনতো কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৰাজ্যৰ ভিতৰতে বহুচৰ্চিত চামগুৰি সমষ্টিত ।

একেদৰে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনো শান্তিপূৰ্ণ হোৱা নাছিল চামগুৰিত। কেন্দ্ৰত নৰেন্দ্ৰ মোদী নোতৃত্বাধীন বিজেপিয়ে গাদী দখল কৰিবলৈ সক্ষম হোৱাৰ পাছত অসমৰ প্ৰথমটো বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতো তীব্ৰ উত্তেজনা, আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন । আনকি সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা সেই সময়ৰ বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ বাহনো সাৰি যোৱা নাছিল একাংশৰ আক্ৰমণৰ পৰা । আনকি কংগ্ৰেছ বিজেপি দুয়োটা দলৰেই বহু কৰ্মী-সমৰ্থক আহত হ'বলগীয়াও হৈছিল । এই কথাও ইতিমধ্যে উল্লেখ কৰিছে বিজেপি নেতা তথা বিধায়ক জিতু গোস্বামীয়ে ।

কেৱল এয়াই নহয়, ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল চামগুৰিত । বিৰ্বাচনত ৰকিবুল হুছেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল বিজেপি নেতা অনিল শইকীয়া । ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ -বিজেপিৰ কৰ্মী-সমৰ্থকৰ মাজত সংঘটিত মাৰপিটৰ ঘটনাত উত্তাল হৈছিল চামগুৰি সমষ্টি। ২০২১ চনৰ নিৰ্বাচনতো কংগ্ৰেছ আৰু বিজেপি দলৰ বহু কৰ্মী-সমৰ্থক আহত হৈছিল দুই দলৰ কৰ্ম -সমৰ্থকৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত।

বিগত দুই দশকত নিৰ্বাচনে শান্তি বিঘ্নিত কৰিছে চামগুৰিবাসীৰ

মুঠৰ ওপৰত বিগত দুটা দশকত নিৰ্বাচনে একপ্ৰকাৰ শান্তি বিঘ্নিত কৰি আহিছে চামগুৰিবাসীৰ । এই সন্দৰ্ভত নাম প্ৰকাশত অনিচ্চুক চামগুৰিৰ কেইবাগৰাকী সচেতন তথা জ্যেষ্ঠ নাগৰিকে ই টিভি ভাৰতৰ সাংবাদিকৰ সন্মুখত কয়, "প্ৰতিটো ৰাজনৈতিক দলেই হিংসাৰ আশ্ৰয় লোৱাৰ বিপৰীতে নিজৰ দক্ষতা, যোগ্যতা প্ৰতিপন্ন কৰি ভোটাৰক আকৰ্ষিত কৰিব লাগে । কিন্তু চামগুৰিত বিগত দুটা দশক ধৰি নিৰ্বাচনে সমষ্টিটোৰ শান্তি সম্পূৰ্ণ বিঘ্নিত কৰিছে । চামগুৰি সমষ্টত পূৰ্বে কেতিয়াও এনে ঘটনা সংঘটিত হোৱা নাছিল অথবা এনে কোনো পৰিৱেশ বিৰাজ কৰা নাছিল যদিও শেহতীয়াকৈ বিগত দুটা বছৰে গঢ়ি উঠা এনে অশান্তিৰ পৰিৱেশে সচেতন নাগৰিকক উদ্ধিগ্ন কৰি তুলিছে ।"

এতিয়া চামগুৰিবাসীয়ে কেৱল বিচাৰিছে নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনাৰ পৰা পৰিত্ৰাণ । কিন্তু চামগুৰিবাসীয়ে এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাব কেতিয়া ?

লগতে পঢ়ক:বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

চামগুৰিৰ ৰাইজে বিজেপিক আশীৰ্বাদ দিব এইবাৰ : পল্লব লোচন দাস - ASSAM BY ELECTION

ABOUT THE AUTHOR

...view details