গুৱাহাটী, ১২ মাৰ্চ :বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত কংগ্ৰেছ দলে ঘোষণা কৰিলে ১২টা সমষ্টিৰ প্ৰাৰ্থী তালিকা । ১৬টা বিৰোধী ৰাজনৈতিক দলৰে গঠিত বিৰোধী ঐক্য মঞ্চক প্ৰাধান্য নিদি কংগ্ৰেছ দলে নিজাকৈ ১২টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ ঘোষণা কৰি মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰিলে ১২টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা । লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা নাই ।
ইফালে ডিব্ৰুগড় সমষ্টিটো মিত্ৰদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক এৰি দিয়াৰ কথা ইতিমধ্যে কংগ্ৰেছ দলে ঘোষণা কৰিছে । একমাত্ৰ অসম জাতীয় পৰিষদৰ বাহিৰে মিত্ৰদলৰ কোনো এটা দলকে এখনো আসন নিদিলে কংগ্ৰেছ দলে । কংগ্ৰেছ দলে আজি প্ৰকাশ কৰা ১২টা সমষ্টিৰ প্ৰাৰ্থী তালিকাৰ পাচতে বিৰোধী ঐক্য মঞ্চত দেখা দিছে অসন্তুষ্টিয়ে । অৱশ্যে বিৰোধী ঐক্য মঞ্চত আসনকেন্দ্ৰিক অসন্তুষ্টি বহু আগৰে পৰা আছিল যদিও আসন বুজাবুজিক লৈ আলোচনা অব্যাহত আছিল । কিন্তু আজি তালিকা প্ৰকাশৰ পাচতে সকলো কথা স্পষ্ট হৈ পৰিল ।
বিৰোধী ঐক্য মঞ্চৰ আসন বিচৰা দলসমূহক এলাগী কৰি কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা । উল্লেখ্য যে চি পি আই এম দলে একপ্ৰকাৰ আৰম্ভণিৰ পৰাই বৰপেটা সমষ্টি বিচাৰি আহিছিল । আনকি তেওঁলোকে কংগ্ৰেছ দলক লিখিত আকাৰেও নিজৰ অভিব্যক্তি প্ৰকাশ কৰিছিল । বৰপেটা সমষ্টিত চি পি আই এমৰ বৰ্ষীয়ান নেতা মনোৰঞ্জন তালুকদাৰৰ নামটো চৰ্চিত হৈ আহিছে । কিন্তু তাৰ পাচতো চি পি আই এম দলক উপেক্ষা কৰি কংগ্ৰেছ দলে বৰপেটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দ্বীপ বায়নক প্ৰক্ষেপ কৰে ।