নিউজ ডেস্ক, ২৫ মে' :চলিত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ শনিবাৰে অনুষ্ঠিত হৈছে । এই পৰ্যায়ত দিল্লী লোকসভাৰ ৭ খন আসনৰ আটাইকেইখনতে নিৰ্বাচন অনুষ্ঠিত হৈছে । ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ৰাষ্ট্ৰীয় ৰাজধানীত বিজেপি আৰু ইণ্ডিয়া ব্লকৰ মাজত এইবাৰ পোনপটীয়া যুঁজ হৈছে ।
দেশৰ ৰাজধানীৰ সাতখন আসনৰ বাবে ২,৬২৭ টা স্থানত ১৩,০০০ তকৈও অধিক ভোটকেন্দ্ৰত ৮২ লাখ পুৰুষ আৰু ৬৯ লাখ মহিলা ভোটাৰৰ লগতে ১,২২৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ সহিতে মুঠ ১.৫২ কোটি ভোটাৰে ভোটদান কৰিব । আনহাতে, এইবাৰনিৰ্বাচনত প্ৰথমবাৰৰ বাবে ২.৫২ লাখতকৈও অধিক ভোটাৰে তেওঁলোকৰ প্ৰথম ভোটদান কৰিব বুলি আশা কৰা হৈছে ।
ইণ্ডিয়া ব্লকৰ অংশীদাৰ : কংগ্ৰেছ আৰু অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে (আপ) দিল্লীৰ নিৰ্বাচনৰ বাবে প্ৰাক-নিৰ্বাচনী বুজাবুজিত উপনীত হৈছে । আপে চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে বাকী তিনিখন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে । আনহাতে, বিজেপিয়ে সাতখন আসনতে প্ৰাৰ্থী প্ৰদান কৰিছে ।
মুখ্য ভোটাৰ
যিহেতু ৰাষ্ট্ৰীয় ৰাজধানীত ভোটদান হৈ আছে, সেয়ে শনিবাৰে কেইবাগৰাকীও গণ্য-মান্য তথা বিশিষ্ট ব্যক্তিয়ে ভোটদান কৰিব । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় ৰাজধানীত ভোটাধিকাৰ সাব্যস্ত কৰিব । এই চহৰৰ বাসিন্দা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীও মুখ্য ভোটাৰসকলৰ ভিতৰত আছে ।
আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালো বিশিষ্ট ভোটাৰসকলৰ ভিতৰত আছে । ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ আৰু বীৰেন্দ্ৰ ছেহৱাগো চহৰখনৰ ভোটাৰ ।
মুখ্য প্ৰাৰ্থী
আপে পূব দিল্লীৰ আসনৰ পৰা কুলদীপ কুমাৰ, পশ্চিম দিল্লীৰ পৰা মহাবল মিশ্ৰ, নতুন দিল্লীৰ পৰা সোমনাথ ভাৰতী আৰু দক্ষিণ দিল্লীৰ পৰা চাহি ৰাম পহেলৱানক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । কংগ্ৰেছে চান্দনী চ'কৰ পৰা জে পি আগৰৱালা, ছাত্ৰ নেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰা কানহাইয়া কুমাৰক উত্তৰ-পূব দিল্লীৰ পৰা আৰু উদিত ৰাজক উত্তৰ পশ্চিম দিল্লী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।