গুৱাহাটী, ২৩ মাৰ্চ:"কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ এইবাৰৰ নিৰ্বাচনী লোকসভা নিৰ্বাচন সুখকৰ নহয় । কাৰণ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এইবাৰ শক্তিশালী প্ৰাৰ্থী অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰক্ষেপ কৰা হৈছে ।" এই মন্তব্য় চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ । আজি গুৱাহাটীত চিপিআই (এম)ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এইদৰে মন্তব্য় কৰি কয় যে কংগ্ৰেছ দলে এই সমষ্টিটো অজাপক এৰি দিছে । আনহাতে, ৰাইজৰ দলে লুৰীণকে সমৰ্থন কৰিছে । এতিয়া আকৌ চি পি আই এম দলে শনিবাৰে মুকলিকৈ সংবাদমেলৰ জৰিয়তে সোণোৱালক পৰাজিত কৰাৰ বাবে লুৰীণক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে । যাৰ বাবে এতিয়া বিজেপিৰ শক্তিশালী প্ৰাৰ্থী বুলি জনাজাত সোণোৱালৰ বাবে লুৰীণজ্যোতি বৃহৎ প্ৰত্যাহ্বান হিচাবে দেখা দিছে ।
সংবাদমেলখনত চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়,"পাৰ্টীয়ে প্ৰথম পৰ্যায়ৰ বাবে অসমৰ যিকেইটা সমষ্টিত নিৰ্বাচন হয়, তাৰে ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে থিয় হোৱা অজাপৰ লুৰীণজ্যোতি গগৈৰ সমৰ্থনত জোৰদাৰ প্ৰচাৰ চলাব, যাতে সোণোৱালক পৰাজিত কৰিব পৰা যায় । "