অসম

assam

ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাৰ 'অসম মডেল'ৰ প্ৰকৃত স্বৰূপ কি ? তথ্যৰে উদঙালে চি পি আই এমে - CPIM SLAMS ASSAM CM

বিজেপিৰ ৮ বছৰীয়া শাসনকালত অসমত প্ৰায় ১০,০০০ স্কুল বন্ধ কৰা হৈছে । চি পি আই এমৰ অভিযোগ ।

CPIM Slams Assam CM
মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা চি পি আই এমৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 30, 2024, 9:39 PM IST

গুৱাহাটী :বিজেপিৰ শাসনত অসমত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস হৈছে । এই অভিযোগ চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ । গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত চৰকাৰী তথ্য সদৰী কৰি তেওঁ কয়, "ৰাজ্যখনত যোৱা ৩ বছৰত ক্ৰমান্বয়ে বাঢ়িছে ড্ৰপ আউটৰ হাৰ ।"

সংবাদমেলত তেওঁ কয়, "বিজেপিৰ শাসনত শ্ৰমিকসকলক প্ৰাপ্যৰ পৰা দেখদেখকৈ বঞ্চিত কৰা হৈছে ৷ যোৱা ৩ বছৰত আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মজুৰি এটকাও বৃদ্ধি কৰা নাই ৷ চাহ শ্ৰমিকসকলক যোৱা ৯ বছৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ন্যূনতম মজুৰিয়ে আদায় নিদিলে ৷ শিক্ষক-কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য বিচাৰি বাৰে বাৰে আন্দোলন কৰিবলগীয়া হৈছে ৷ তেনেদৰে বাঢ়িছে বাঢ়িছে নাৰী আৰু শিশু নিৰ্যাতনৰ ঘটনা ।"

মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা চি পি আই এম অসম প্ৰদেশৰ (ETV Bharat Assam)

সংবাদমেলত তালুকদাৰে উল্লেখ কৰে যে নতুন বছৰৰ ৫, ৬ আৰু ৭ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'ব চি পি আই এমৰ ২৪ সংখ্যক ৰাজ্যিক সন্মিলন ৷ চি পি আই এমৰ সংবিধান অনুসৰি তিনিবছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ২৪ সংখ্যক ৰাজ্যিক সন্মিলন ৷

এই সন্মিলনত অসমৰ আৰ্থ-সামাজিক-ৰাজনৈতিক পৰিস্থিতি বিতংকৈ পৰ্যালোচনা কৰিব আৰু অহা ৩ বছৰৰ কৰ্মপন্থা নিৰ্ধাৰণ কৰিব ৷ সন্মিলনে ৰাজ্যখনৰ নতুন নেতৃত্বও নিৰ্বাচন কৰিব । তেওঁ কয়, "বিজেপিক পৰাস্ত আৰু জনবিচ্ছিন্ন কৰাৰ কৌশল আৰু পৰিকল্পনা ৰচনা কৰিব চি পি আই এমৰ ৰাজ্যিক সন্মিলনে ৷ কাৰণ কেন্দ্ৰ তথা ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দিনত জনসাধাৰণৰ অৱস্থাৰ চৰম অৱনতি ঘটিছে ৷ খাদ্য সামগ্ৰীকে ধৰি নিয়মিত ব্যৱহাৰ্য সামগ্ৰীসমূহৰ দাম বাঢ়িছে অবিৰতভাৱে ৷ ইয়াৰ বিপৰীতে সাধাৰণ মানুহৰ আয় বঢ়া নাই ৷ সেয়েহে ক্ৰমাগত দামবৃদ্ধিৰ পৰিণতিত তেওঁলোকৰ প্ৰকৃত আয় হ্ৰাসহে পাইছে ৷"

তেওঁ লগতে কয়, "ৰাজ্যখনত নিবনুৱাৰ সংখ্যা সৰ্বকালৰ ভিতৰত সৰ্বাধিক হৈছেগৈ ৷ ৰাজ্যখনৰ প্ৰায় ৭০ শতাংশ লোক কৃষিজীৱী যদিও সৰহভাগ খেতিয়কৰ অৱস্থা শোচনীয় হৈ পৰিছে ৷ কাৰণ খেতিৰ খৰচ বাঢ়িছে প্ৰতিবছৰে, কিন্তু খেতিয়কৰ ফচলৰ উপযুক্ত দাম পোৱাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই ৷ আচৰিত কথা, ২০২০-২১ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষৰ ভিতৰত শস্য উৎপাদন কৰা মাটিত জলসিঞ্চনৰ হাৰ ৫.১২ শতাংশৰ পৰা ২.৩৬ শতাংশলৈ হ্ৰাসহে পাইছে ৷ ফলত গাঁওবোৰত ক্ৰমাৎ কৃষকৰ সংখ্যা কমিছে, বাঢ়িছে শ্ৰমিক আৰু স্বনিয়োজিত লোকৰ সংখ্যা ৷"

তেওঁ জনায় যে সন্মিলনৰ আৰম্ভণি হ'ব ব্ৰহ্মপুত্ৰৰ জাহাজঘাট, ফাঁচীবজাৰত এক বিশাল সমাবেশৰ মাজেৰে ৷ দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিবলগীয়া এই সমাবেশত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ, দলৰ পলিটব্যুৰ'ৰ সদস্য সুভাষিনী আলী, নীলোৎপল বসু আৰু অসমৰ ৰাজ্যিক নেতৃত্বই ভাষণ দিব ৷ সমাবেশৰ পাছত পাঞ্জাবাৰীৰ শিল্পগ্ৰামত তিনিদিনীয়াকৈ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক :বিজেপিৰ বিদ্ৰোহী নেতাৰ নেতৃত্বত ৰাজ্যত গঠন হ'ব নতুন আঞ্চলিক দল ! - ASSAM BJP INTERNAL CONFLICT
লগতে পঢ়ক :প্ৰসংগ 'লজ্জা' : মুখ্যমন্ত্রীৰ পৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰিলে প্ৰদেশ কংগ্ৰেছে - CONGRESS SHAMELESS CONTROVERSY

ABOUT THE AUTHOR

...view details