অসম

assam

চি পি আই এমক বৰপেটা এৰি দিবলৈ কংগ্ৰেছক পুনৰ আহ্বান

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 8:14 PM IST

Lok Sabha elections 2024: বৰপেটা লোকসভা সমষ্টিটো কংগ্ৰেছে এৰি দিবনে চিপিআই (এম)ক ? এতিয়াও অন্ত পৰা নাই চৰ্চাৰ । ইয়াৰ মাজতেই দলটোৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এখন সংবাদমেলত পুনৰ জনালে আহ্বান ।

Barpeta Lok Sabha constituency
চিপিআই (এম)ৰ সংবাদমেল

চিপিআই (এম)ৰ সংবাদমেল

গুৱাহাটী, ১৯ মাৰ্চ:বৰপেটা লোকসভা সমষ্টিটো চিপিআই (এম)ক এৰি দিয়াৰ বাবে কংগ্ৰেছক চিপিআই (এম)ৰ নেতৃত্বই পুনৰ আহ্বান জনাইছে । কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্ব এইক্ষেত্ৰত কোনোধৰণৰ বুজাবুজি কৰাৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই । যাৰ বাবে বৰপেটাত বিৰোধীৰ ভোট বিভাজন‌ হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈছে । গুৱাহাটীত মঙলবাৰে চিপিআই (এম)ৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে বৰপেটা সমষ্টিটো চিপিআই (এম)ক এৰি দিয়াৰ বাবে কংগ্ৰেছক পুনৰ আহ্বান জনায় ।

দলটোৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে বৰপেটাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অৰ্থাৎ অগপৰ প্ৰাৰ্থীক পৰাজিত কৰাৰ বাবে বিৰোধী ঐক্য হোৱাৰ প্ৰয়োজন যাতে বিৰোধী ভোট বিভাজন নহয় । তেওঁ পুনৰ কয়," আমি বিৰোধী ঐক্যমঞ্চৰ‌ সভাত কংগ্ৰেছক দুটা লোকসভা সমষ্টি শিলচৰ আৰু বৰপেটা সমষ্টি এৰি দিয়াৰ প্ৰস্তাৱ দিছিলো । পিছত শিলচৰ লোকসভাৰ প্ৰস্তাৱ এৰি আমি অকল বৰপেটা সমষ্টিটো আমাৰ দলক দিয়াৰ বাবে কংগ্ৰেছক কোৱা হৈছিল । কাৰণ বৰপেটাত আমাৰ সাংগাঠনিক ভেটি আছে । দুবাৰকৈ দলৰ সাংসদ হোৱাৰ ইতিহাস আছে ।" সুপ্ৰকাশ তালুকদাৰে কয়,"এতিয়াও মনোনয়ন পত্ৰ দিয়াৰ সময় আছে ।‌ গতিকে আমি কংগ্ৰেছলৈ‌ বাট চাই আছো ।"

মন কৰিবলগীয়া যে ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিটো চিপিআই (এম)ক এৰি দিয়াৰ বাবে কংগ্ৰেছৰ প্ৰতি ৰাজ্যৰ ভালেসংখ্যক গণতান্ত্রিক মনোভাবাপন্ন আৰু স্বাধীন চিন্তাৰ বিশিষ্ট চিন্তাবিদ, লেখক, সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীয়ে আহ্বান জনাইছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক সম্বোধন কৰি তেওঁলোকে এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে । কিন্তু এই ক্ষেত্ৰত ভূপেন বৰাই কোনো উত্তৰ দিয়া নাই ।

সংবাদ মাধ্যমৰ আগতো তেওঁ এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই । এই সন্দৰ্ভত ই টি ভি ভাৰতৰ পৰা বৰাৰ মন্তব্য জনাৰ‌ বাবে যোগযোগ কৰা হৈছিল যদিও তেওঁ এই ক্ষেত্ৰত কোনো সঁহাৰি নজনালে । ভূপেন বৰাৰ এই নীৰৱতাই নিশ্চিতভাৱে বৰপেটা লোকসভা সমষ্টিটো চিপিআই (এম)ক কংগ্ৰেছে এৰি নিদিব । কংগ্ৰেছৰ দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, এই ক্ষেত্ৰত ভূপেন বৰাই একো কৰিব নোৱাৰে । কাৰণ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই বৰপেটাত কংগ্ৰেছৰ দ্বীপ বায়নক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । দ্বীপ বায়ন‌ অসমৰ কংগ্ৰেছৰ সেৱা দলৰ‌ সভাপতি । তেওঁলোকৰ কংগ্ৰেছৰ এটা বৃহৎ কৰ্মী দল আছে ।

উল্লেখ্য যে কংগ্ৰেছৰ পৰা টিকট নাপায় কেইবাগৰাকী জ্যেষ্ঠ নেতাই দল ত্যাগ কৰি বিজেপত যোগদান কৰিছে। যাৰ বাবে এনেধৰণৰ শংকাত কংগ্ৰেছে বৰপেটা চিপিআইএমক এৰি দিয়াৰ সম্ভাৱনা থকাৰ পিছতো অৱশেষত বৰপেটাত কংগ্ৰেছৰ দ্বীপ বায়নক প্ৰাৰ্থিত্ব প্ৰদান কৰে । এই ক্ষেত্ৰত এতিয়াও আশা এৰা নাই চিপিআইএমে ।

লগতে পঢ়ক:বৰপেটা চি পি আই (এম)ক এৰি দিবলৈ কংগ্ৰেছক আহ্বান ৭৭ গৰাকী বিশিষ্ট নাগৰিকৰ

ABOUT THE AUTHOR

...view details