গুৱাহাটী: কংগ্ৰেছে চূড়ান্ত কৰিলে অহা ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে চাৰিজনীয়া প্ৰাৰ্থী তালিকা । এতিয়াও অনিশ্চয়তাত বিহালী আসনখন । দেওবাৰে কংগ্ৰেছে ঘোষণা কৰিব উপ-নিৰ্বাচনৰ চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম । কংগ্ৰেছৰ শীৰ্ষ সূত্ৰ অনুসৰি চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁও সমষ্টিত প্ৰাৰ্থী চূড়ান্ত কৰিছে দলটোৱে ৷ বিহালী সমষ্টিক লৈ কংগ্ৰেছৰ ভিতৰত অন্তঃকলহ অব্যাহত আছে এতিয়াও ৷
এপিচিচিৰ সভাপতি ভূপেন বৰাই বিচাৰে আসনখন বিৰোধীৰ ঐক্যমঞ্চক এৰি দিয়ক কংগ্ৰেছে । বিৰোধীৰ হৈ চিপিআইএমএলক আসন দিয়াৰ চৰ্চা চলি আছে । কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ নেতাক লৈ ৫ জনীয়া কমিটীও গঠন কৰি দিছিল । কিন্তু গৌৰৱ গগৈৰ শিবিৰে বিচাৰি আছে আসনখনত কংগ্ৰেছে নিজেই প্ৰাৰ্থী প্ৰক্ষেপ কৰক ।
বিহালীৰ বাদে বাকী চাৰিটা সমষ্টিত কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী ?
চামগুৰি: কংগ্ৰছে তাঞ্জিল হুছেইনৰ নাম চূড়ান্ত কৰিছে চামগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাবে । তাঞ্জিল হুছেইন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ । ৰকিবুল হুছেইনৰ পৰিয়ালৰ দখলতে কেইবাটাও দশক আছে চামগুৰি সমষ্টিটো । ৰকিবুল হুছেইন ২০০১ চনৰ পৰা ২০২১ চনলৈ মুঠ ৫ বাৰ চামগুৰিৰপৰা বিধায়ক নিৰ্বাচিত হয় । ৰকিবুল হুছেইন বিগত লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাছত চামগুৰি আসনখন খালী হৈ পৰে ৷ উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব দিব কংগ্ৰেছ দলে । বিজেপিয়ে চামগুৰিত প্ৰাৰ্থিত্ব দিছে যুৱনেতা দিপ্লুৰঞ্জন শৰ্মাক ।
ধলাই:ধ্ৰুৱজ্যোতি পুৰকায়স্থক ধলাই সমষ্টিত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে । বৰাকৰ ধলাই সমষ্টিটো ক্ৰমাগতভাৱে যোৱা দুটা কাৰ্যকাল বিজেপিৰ দখলত আছে । ২০১৬ আৰু ২০২১ ৰ নিৰ্বাচনত পৰিমল শুক্লবৈদ্যই ধলাই সমষ্টিৰ পৰা বিধায়ক ৰূপে জয় লাভ কৰিছিল । ২০২৪ ৰ লোকসভা নিৰ্বাচনত শিলচৰ সমষ্টিৰ পৰা বিজেপিৰ সাংসদ ৰূপে পৰিমল শুক্লবৈদ্যই জয়লাভ কৰাত ধলাই বিধানসভা আসনখন খালী হৈ পৰে । ধলাইত বিজেপিয়ে নিহাৰঞ্জন দাসক দিছে প্ৰাৰ্থিত্ব ।