ETV Bharat / international

ব্ৰাজিলৰ গ্ৰামাডোত বিমান দুৰ্ঘটনাগ্ৰস্ত: আটাইকেইগৰাকী যাত্ৰীৰেই মৃত্য়ু - BRAZIL PLANE CRASH

বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছুসময় পিছতে দুৰ্ঘটনাগ্ৰস্ত এখন সৰু বিমান । খুন্দিয়ালে কেইবাটাও অট্টালিকাত ।

Plane crashed in southern Brazil
ব্ৰাজিলত বিমান দুৰ্ঘটনাগ্ৰস্ত (ANI)
author img

By ANI

Published : Dec 23, 2024, 1:03 PM IST

গ্ৰামাডো (ব্ৰাজিল): দক্ষিণ ব্ৰাজিলৰ গ্ৰামাডো চহৰত দেওবাৰে এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কমেও ১০ জন লোক নিহত হয় । চি এন এনৰ বাতৰিত এই ঘটনাৰ বিষয়ে উল্লেখ কৰা হৈছে । ব্ৰাজিলৰ চৰকাৰী কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি বিমানখন কেইবাটাও অট্টালিকাৰ সৈতে সংঘৰ্ষ হোৱাত ব্যাপক ক্ষতিসাধন হয় । এই ঘটনাত ১৭ জনৰো অধিক লোক আহত হোৱা বুলিও চৰকাৰী তথ্য়ত প্ৰকাশ ।

ৰিঅ' গ্ৰেণ্ডে ডো ছুলৰ অসামৰিক প্ৰতিৰক্ষাই এই বিষয়ে নিশ্চিত কৰি কয় যে দুৰ্ঘটনাটোত কমেও ১৭ জন লোক আহত হৈছে । আহতসকলৰ ভিতৰত দুজন ব্যক্তিৰ অৱস্থা গুৰুতৰ । সৰু বিমানখনে কেইবাটাও অট্টালিকাত খুন্দিওৱাত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত জুইৰ লেলিহান শিখা আৰু ধোঁৱাই আকাশ আগুৰি ধৰে ।

ৰাষ্ট্ৰীয় অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তথ্য অনুসৰি বিমানখন স্থানীয় বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছুসময় পিছতে দুৰ্ঘটনাটো সংঘটিত হয় । বিমানখনে প্ৰথমে এটা আৱাসিক ঘৰত খুন্দা মৰাৰ পূৰ্বে এটা অট্টালিকাৰ চিমনিত খুন্দা মাৰে । তাৰ পিছত এখন আচবাবৰ দোকানত আঘাত কৰে ।

ঘটনাস্থলীৰ ভিডিঅ' ফুটেজত পৰৱৰ্তী পৰিস্থিতি সম্পৰ্কে তথ্য় লাভ কৰা হৈছে । ধ্বংসাৱশেষৰ পৰা জুই আৰু ধোঁৱা ওলোৱাত চহৰখনত কুঁৱলীয়ে আৱৰি থকা মেঘাচ্ছন্ন আকাশৰ ছবি প্ৰতিফলিত হয় । স্থানীয় কৰ্তৃপক্ষই বিমানখনত কোনো জীৱিত নাছিল বুলি উদ্বেগ প্ৰকাশ কৰিছে । ৰিঅ' গ্ৰেণ্ডে ডো ছুলৰ গভৰ্ণৰ এডুয়াৰ্ডো লেইটে কয় যে প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি বিমানখনৰ আৰোহীসকলৰ কোনোৱেই জীৱিত নাই ।

প্ৰাথমিক তথ্য অনুসৰি বিমানখনত ১০ জন লোক আছিল । কৰ্তৃপক্ষই দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান অব্যাহত ৰাখিছে । খ্ৰীষ্টমাছৰ বতৰত এই শোকাৱহ ঘটনাটোৱে দক্ষিণ ব্ৰাজিলৰ জনপ্ৰিয় ৰিজ'ৰ্ট চহৰ গ্ৰামাডোক জোকাৰি গৈছে ।

লগতে পঢ়ক:ভয়ংকৰ শব্দৰে সংঘটিত হ’ল বিমান দুৰ্ঘটনা, দুজন পাইলট আহত - Guna Aircraft Crash - GUNA AIRCRAFT CRASH

উৰণৰ সময়তে দুৰ্ঘটনাত পতিত বিমান: 18 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন পাইলট - Kathmandu plane crash - KATHMANDU PLANE CRASH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.