গুৱাহাটী, ১৭ আগষ্ট :পিতৃ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাৰ বিশ্বস্ত মন্ত্ৰী ৷ কংগ্ৰেছী মন্ত্ৰীজনৰ পুত্ৰও দুদিনমান আগলৈকে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সোঁহাত আছিল ৷ লোকসভা নিৰ্বাচনৰ আগতে কংগ্ৰেছ এৰি গৌৰৱ গগৈৰ কাষৰ পৰা গৈ আশ্ৰয় লৈছিল বিজেপিত ৷ এতিয়া কংগ্ৰেছত অসন্তুষ্ট পিতৃয়েও অনুসৰণ কৰিব নেকি পুত্ৰৰ পথেই ! বিভিন্ন মহলত এতিয়া ইয়াক লৈয়েই চৰ্চা চলিছে ৷ আমি ক’ব খুজিছো জ্যেষ্ঠ কংগ্ৰেছ অকণ বৰা আৰু তেওঁৰ পুত্ৰ মানস বৰাৰ কথা ।
প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পদত্যাগ পত্ৰ (ETV Bharat) অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছৰ বিষয়বাবৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ (APCC) সদস্য অকণ বৰাই । যোৱা ১৬ আগষ্ট, শুকুৰবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ এখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে অকণ বৰাই ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী সমিতি আৰু ৰাজনৈতিক পৰিক্ৰমা সমিতি(PAC)ৰ পৰা পদত্যাগ কৰিছে প্ৰবীণ কংগ্ৰেছী নেতাজনে ৷ মল্লিকাৰ্জুন খাৰ্গেলৈ লিখা পদত্যাগ পত্ৰখনত অকণ বৰাই উল্লেখ কৰিছে যে গভীৰভাৱে চিন্তা কৰিহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ । বৰাই পদত্যাগ পত্ৰখনত উল্লেখ কৰিছে-
“গভীৰ শ্ৰদ্ধা আৰু দায়িত্ববোধেৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী সমিতিৰ পৰা আৰু ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ পৰা তৎকালীন কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ দাখিল কৰিব বিচাৰিছো ।
সাধাৰণভাৱে এই সিদ্ধান্ত লোৱা হোৱা নাই, কিন্তু ভালদৰে বিবেচনাৰ অন্ততহে লোৱা হৈছে ৷ এই সুযোগতে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি মোৰ গভীৰ নিষ্ঠা আৰু আনুগত্যক পুনৰ দৃঢ় কৰিব বিচাৰিছো । মোৰ গোটেই ৰাজনৈতিক পৰিক্ৰমাত এই দল আৰু আমাৰ ৰাজ্যৰ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো । কংগ্ৰেছ দলৰ আদৰ্শ আৰু মূল্যবোধৰ প্ৰতি মোৰ দায়বদ্ধতা আগৰ দৰেই শক্তিশালী হৈ আছে আৰু মই গোটেই জীৱন যি উৎসাহ আৰু নিষ্ঠাৰে দলৰ লগতে আমাৰ প্ৰিয় ৰাজ্যখনৰ সেৱা কৰি যাম ।”
- অকণ বৰাৰ সংঘাত বাঢ়িছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে :
পিতা-পুত্ৰ (Manas's FB page)
লোকসভা নিৰ্বাচনৰ আগে আগে গৌৰৱ গগৈৰ সৈতে যোৰহাট লোকসভাত প্ৰচাৰ চলাই থকাৰ মাজতে কংগ্ৰেছ দলক শ’লঠেকত পেলাই বিজেপিত যোগদান কৰিছিল অকণ বৰাৰ পুত্ৰ মানস বৰাই ৷ সেয়াই আছিল আৰম্ভণি । তাৰ পিছতেই অকণ বৰা যথেষ্ট অস্বস্তিত পৰিছিল পুত্ৰৰ সিদ্ধান্তক লৈ । কেইবাটাও বিষয়ক লৈ ৰাজ্যিক নেতৃত্বৰে সংঘাত বাঢ়ি আহিছিল অকণ বৰাৰ ৷ তাৰ ভিতৰত অন্যতম আছিল দিছপুৰত কংগ্ৰেছ দলৰ কাৰ্যালয় থকা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ কোঠাৰ অধিকাৰক লৈ ৷
সুদীৰ্ঘকাল দিছপুৰৰ বহুকোটিটকীয়া কেইবা বিঘা মাটিত থকা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ কাৰ্যালয়টো মূলতঃ আছিল অকণ বৰা আৰু তেওঁৰ পুত্ৰ মানস বৰাৰ অধীনত । কিন্তু মানস বৰাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছত মানস বৰাৰ কাৰ্যালয় কোঠাটো মুকলি কৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই আন নেতাক অৰ্পণ কৰে । লাহে লাহে মানবেন্দ্ৰ কমপ্লেক্সত প্ৰভুত্ব কমি আহে অকণ বৰাৰ । বাঢ়ি আহে অকণ বৰাৰো অসন্তুষ্টি ।
তাৰ মাজতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ এটা কোঠা প্ৰদেশ কংগ্ৰেছৰ এজন সাধাৰণ সম্পাদকক ৰাজ্যিক নেতৃত্বই গতাই দিয়ে ৷ এই লৈ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত হৈ দলীয় কৰ্মীৰে দুদিনমান পূৰ্বে এক সংঘাততো লিপ্ত হয় অকণ বৰা । এই সংঘাতৰ পিছতেই শুকুৰবাৰে তেওঁ এ আই চি চিৰ সভাপতি মল্লকাৰ্জুন খাৰ্গেলৈ দলীয় পদৰ পৰা অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ এককথাত বহু কোটিটকীয়া মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ অধিকাৰক লৈ সৃষ্টি হোৱা সংঘাতৰ পিছতেই অকণ বৰাই এই পদত্যাগ পত্ৰ দিছে ৷ ত্যাগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ বিষয়বাব। অৱশ্যে অকণ বৰাই ত্যাগ কৰা নাই এ আই চি চিৰ সদস্য পদ ৷