চিৰাং: সুদীৰ্ঘ ২৫ বছৰৰ মূৰত ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে জাতীয় কংগ্ৰেছ দলে । আজি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ, উপ-সভাপতি গুণকান্ত গগৈৰ উপস্থিতিত চিদলী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে কাজলগাঁওস্থিত জিলা নিৰ্বাচনী কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ।
মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে । মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে জিলাখনৰ কাজলগাঁৱৰ বৈখুনগাঁৱত অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী জনসভা । সভাত বিজেপিৰ শাসনকালত সৰ্ব-সাধাৰণ ৰাইজৰ ওপৰত যি অত্যাচাৰ শোষণ-তোষণ চলাই আছে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয়লাভ কৰাৰ পিচতেই সৰ্বসাধাৰণ ৰাইজক সেই শোষণ-তোষণৰ পৰা মুক্ত কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।
ইফালে মনোনয়ন পত্ৰ দাখিল কৰা পূৰ্বে কাজলগাঁৱৰ বৈখুনগাঁৱৰ জনসভাস্থলীৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কলা-কুশলীৰ নৃত্য-গীত আৰু বেণ্ডপাৰ্টী সংগীতৰ তালে তালে প্ৰায় সহস্ৰাধিক সমৰ্থকে শোভাযাত্ৰা কৰি চিৰাং জিলা নিৰ্বাচনী বিষয়া ফিৰদৌশ আলমৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে । অনুষ্ঠানত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ, উপ-সভাপতি গুণকান্ত গগৈ, বিধায়ক আব্দুল বাতেন খন্দকাৰ, ৰমন ঝাই প্ৰাৰ্থী সঞ্জীৱ ৱাৰীক সংগ দিয়ে ।