অসম

assam

ETV Bharat / politics

যোৰহাটৰ ৰাইজৰ অভিভাৱকৰ ভূমিকাৰ বাবেই এই জয় : গৌৰৱ গগৈ - Lok Sabha Election Results 2024

Jorhat Lok Sabha constituency : কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ১ লাখ ৪১ হাজাৰতকৈ অধিক ভোটৰ ব্য়ৱধানত বিজয়ী । জয়ী হৈয়েই কি ক'লে গৌৰৱ গগৈয়ে ৷

Jorhat Lok Sabha constituency
গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:00 PM IST

যোৰহাট, ৪ জুন: এগজিট প’লৰ সমীক্ষাক ভুল প্ৰমাণিত কৰি ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ পৰা বৃহৎ ব্যৱধানত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ১ লাখ ৪১ হাজাৰতকৈ অধিক ভোটৰ ব্য়ৱধানত বিজয়ী হয় । ইয়াৰ পিচতেই তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," জীৱনৰ আটাইতকৈ জটিল পৰিস্থিতিত জয়ী হৈছো ।" যোৰহাটৰ ৰাইজে অভিভাৱকৰ দায়িত্ব লোৱা বাবেই তেওঁ বিজয়ী হোৱা বুলি কয় ।

গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

ইপিনে, কংগ্ৰেছ ত্য়াগ কৰি বিজেপিত যোগদান কৰাসকলক সমালোচনা কৰি দলৰ পৰা ওলাই যোৱাসকলৰ অভাৱ অনুভৱ হ'বলৈ নিদিলে বুলি তেওঁ কয় । বিজেপিৰ তীব্ৰ প্ৰত্যাহ্বানৰ পাচতো যোৰহাটৰ ৰাইজে লোৱা অভিভাৱকৰ ভূমিকাৰ বাবেই এই জয় সম্ভৱ হ'ল বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে । যোৰহাট লোকসভা সমষ্টিৰ ৰাইজক কৃতজ্ঞতা জনালে গৌৰৱ গগৈয়ে । জয় নিশ্চিত হোৱাৰ পাচতে তিতাবৰত উপস্থিত হৈ দলীয় কৰ্মীৰে আনন্দৰ বন্য়াত মিলি যায় গৌৰৱ গগৈ । কান্ধত ঢোল লৈ দলীয় কৰ্মীৰে বিহু নাচিলে গৌৰৱ গগৈয়ে ।

গৌৰৱ গগৈয়ে শিৱসাগৰ বিধানসভা সমষ্টিত 18,753, মৰিয়নীত 16,785 , তিতাবৰত 40,555, সোণাৰিত 10,334, মাহমৰাত 9,630, ডিমৌত16,050, নাজিৰাত ১২৭ , টীয়কত 23,377, যোৰহাটত ১১৯০৭ টা ভোট লাভ কৰে । যোৰহাট লোকসভা সমষ্টিৰ পোষ্টেল বেলটৰ ভোট গৌৰৱ গগৈয়ে অধিকাংশই লাভ কৰে । ১০টা বিধানসভা সমষ্টিৰে গঠিত যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে মাজুলীত 6,586টা ভোটতহে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ।

আনহাতে, গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা জয়লাভ কৰাৰ পিচতেই ন-বিজেপি তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰাণা গোস্বামী যোৰহাটৰ পৰা অন্তৰ্ধান হয় ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

লগতে পঢ়ক:গৌৰৱ গগৈয়ে কিয় পালে 'এডভানটেজ' ? দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া - Lok Sabha Election Results 2024

এগজিট প’ল নহয় মোদী প’লহে আছিল : গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

...view details