ডিফু, ৩ এপ্ৰিল:৬ নং ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে আজি ডিফু আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত সহস্ৰাধিক সমৰ্থক লগত লৈ মনোনয়ন দাখিল কৰে প্ৰাৰ্থী জয়ৰাম ইংলেঙে ৷ ইয়াৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনোয়নপত্ৰ দাখিল বাবে উলিওৱা হয় এক বিশাল সমদল ৷ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলৰ অন্তত ডিফুৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে জয়ৰাম ইংলেঙে ৷ মনোনয়ন দাখিলৰ সময়ত জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ সকলৰ লগতে সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷
সমদলত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়," অসমৰ মানুহ এতিয়া মুখ্যমন্ত্ৰীৰ চলাহী কথাত ভোল নাযায় ৷ মুখ্যমন্ত্ৰীয়ে এতিয়া অসমৰ মূল বিষয়ৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছে ৷ " তেওঁ অসম চুক্তিৰ ৫ নং দফা ৰূপায়নৰ বিষয়টো এতিয়া কি হ'ল বুলি প্ৰশ্ন কৰে ? প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে কয়,"কাৰ্বি আংলং আৰু ডিমা হাছাও পৰিষদ দুখনক নিজৰ পকেটত থকা দুখন এটিএম বুলি ভাৱে মুখ্যমন্ত্ৰীয়ে ৷ মুঠতে মানুহৰ মগজু নিয়ন্ত্ৰণ কৰি ৰাইজক মূল বিষয়সমূহ পাহৰাই ৰাখিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু অসমৰ মানুহে এইবাৰ মুখ্যমন্ত্ৰীৰ চলাহী কথাত ভোল নায়ায় ৷ " তেওঁ লগতে কয় যে ইণ্ডি এলায়েন্স কাৰ্বি পাহাৰৰ দীৰ্ঘদিনীয়া দাবী ২৪৪(ক)ৰ পক্ষত আছে ৷