অসম

assam

ETV Bharat / politics

বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদত বহিব মুখ্যমন্ত্ৰী কেজৰিৱাল

Delhi liquor scam : বলৱৎকাৰী সঞ্চালকালয়ৰ পৰিৱৰ্তে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত INDIA মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পৰাজয়ৰ বিৰোধিতাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কাৰ্যসূচীত যোগদান কৰিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । ইডি চমনক অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে আম আদমী পাৰ্টীয়ে ৷

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:57 AM IST

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী : দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত সোধ-পোছৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ধাৰাবাহিকভাৱে চমন প্ৰেৰণ কৰি আহিছে ইডিয়ে । শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীক ইডিৰ আগত হাজিৰ হ’বলৈ মাতিছিল যদিও আজিও তেওঁ ইডিৰ আগত হাজিৰ নহ’ব বুলি জানিব পৰা গৈছে । আম আদমী পাৰ্টীয়ে এই চমনক অবৈধ বুলি অভিহিত কৰিছে ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

আম আদমী পাৰ্টীয়ে লগতে কয়, "আমি বৈধ চমন মানি চলিম । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰি দিল্লী চৰকাৰ ওফৰাই দিয়া । আমি এনেকুৱা হ’বলৈ নিদিও । শুকুৰবাৰে আম আদমি পাৰ্টীৰ বিক্ষোভৰ নেতৃত্ব দিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।" চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত INDIA মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ পৰাজয় আৰু নিৰ্বাচনত ৰিগিঙৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত আম আদমী পাৰ্টীৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এই বিক্ষোভ । আপে পুৱা 11 বজাত প্ৰতিবাদৰ সময় নিৰ্ধাৰণ কৰিছে ।

ইয়াৰ পূৰ্বে 31 জানুৱাৰীত ইডিয়ে অৰবিন্দ কেজৰিৱাললৈ চমন প্ৰেৰণ কৰিছিল আৰু শুকুৰবাৰে তেওঁক ইডিৰ মুখ্য কাৰ্যালয়লৈ সোধ-পোছৰ বাবে মাতিছিল । তেওঁৰ বিৰুদ্ধে অভিযোগ যে এই সুৰা নীতি সম্পৰ্কীয় খচৰা নীতি মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰতে নিৰ্মাণ কৰা হৈছিল আৰু সমগ্ৰ বিষয়টো তেওঁৰ আয়ত্তত ।

আম আদমি পাৰ্টী কয়, "আপোনালোকক কওঁ যে সুৰা নীতি কেলেংকাৰীৰ গোচৰৰ তদন্ত কৰি থকা ইডিয়ে নৱেম্বৰ মাহত অৰবিন্দ কেজৰিৱাললৈ প্ৰথমখন চমন প্ৰেৰণ কৰিছিল । ইটোৰ পিচত সিটোকৈ পঠোৱা সকলো চমনকে আওকাণ কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইডিয়ে প্ৰেৰণ কৰা চমনৰ সলনি তেওঁ নিজৰ লিখিত উত্তৰ প্ৰেৰণ কৰিছিল ।

আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে মুখ্যমন্ত্ৰী কেজৰিৱালে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত INDIA মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পৰাজয়ৰ বিৰোধিতাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কাৰ্যসূচীত যোগদান কৰিব । সুৰা নীতি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰী কেজৰিৱালক জেৰাও কৰিছে চিবিআইয়ে । ইয়াৰ পূৰ্বে তেওঁৰ আইনী দলটোৱে ইডিয়ে প্ৰেৰণ কৰা চমনৰ উত্তৰ প্ৰেৰণ কৰিছিল ৷ তেওঁলোকে কৈছিল, "আমি প্ৰতিটো আইনী চমন গ্ৰহণ কৰিবলৈ সাজু । ইডি চমনক অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ।"

লগতে পঢ়ক:কেজৰিৱাললৈ ইডিৰ পঞ্চমখন চমন প্ৰেৰণ; 2 ফেব্ৰুৱাৰীত তলব

ABOUT THE AUTHOR

...view details