অসম

assam

ETV Bharat / politics

এজন বিৰোধী নেতাই বিজেপিক ৭খন দিয়েই দিলে : মুখ্যমন্ত্ৰী - Lok Sabha election 2024

Barpeta Lok Sabha constituency : পাকা বেতবাৰীৰ বৰবালাত ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ । আজমলে নতুনকৈ মাদ্ৰাছা স্থাপন কৰা প্ৰসংগতো মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ আজমল প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে ?

By ETV Bharat Assamese Team

Published : May 3, 2024, 8:10 PM IST

Barpeta Lok Sabha constituency
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

বৰপেটা, ৩ মে’:বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত বৰবালাত আজি অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সদৰি কৰে ।‌

এই সভাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "উৎফুল্লিত হ'বলৈ কাৰণ এটাতো থাকিব লাগিব ৷ বৰপেটাত বিৰোধীৰ একো মিত্ৰতা নহ'ল ৷ বৰপেটাত কংগ্ৰেছ এফালে, চিপিআইএম এফালে, নিৰ্দলীয় এফালে ৷ বৰপেটাত আমি আৰামত হাঁহি হাঁহি জিকিম" ৷ তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গগৈ প্ৰসংগত কয় যে তেওঁলোকৰ লগতো ৬ গগৈ আছে ৷

বিজেপিয়ে ৭ খন আসন লাভ কৰিব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," তেওঁ ৭ খনতো দিছে ৷ ফ্ৰীতে ৭ খন দিয়াতো ডাঙৰ কথা নহয় জানো ৷ আমি ৭ ৰ পৰা আৰম্ভ কৰিম ৷ এজন বিৰোধী নেতাই বিজেপিক ৭খ ন দিয়েই দিলে ৷"

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ আগবাঢ়িছে । তেওঁৰ হাত অধিক শক্তিশালী কৰিবলৈ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী বিপুল ভোটত জয়যুক্ত হ'ব লাগিব । মুখ্যমন্ত্ৰীগৰাকায়ে কয় যে, বৰপেটা লোকসভা সমষ্টিৰ উন্নয়নৰ গতি ত্বৰান্বিত হ'বলৈ হ'লে ফণীভূষণ চৌধুৰী বিজয়ী হ'বই লাগিব।

ইপিনে, মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা আৰু যুৱ প্ৰজন্মৰ ২৫ শতাংশ ভোট লাভ কৰিব বিজেপিয়ে ৷ বৰপেটাত ফণীভূষণ চৌধুৰীয়ে ৩ লাখ ভোটত জয় লাভ কৰিব ৷ আনহাতে ধুবুৰীত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য় কৰি কয়- কোন জিকে কোৱা টান ৷ বিগত তিনিদিনমান অগপৰ বহু বেছি উত্থান হৈছে ৷

আনহাতে, বদৰুদ্দিন আজমলে নতুনকৈ মাদ্ৰাছা স্থাপন কৰা প্ৰসংগতো মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এই জনমত সম্ভৱ হ'ব জানো ? মোৰ লগত টক্কৰ দিবলৈ ইমান সহজতে পাৰিব জানো"?

লগতে পঢ়ক:নৰেন্দ্ৰ মোদীৰ বাবেই বড়োভূমিত শান্তি প্ৰতিষ্ঠা হৈছে : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details