গুৱাহাটী, 22 জানুৱাৰী : ৰাজ্যত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ থকাৰ মাজতে কংগ্ৰেছ তথা ৰাহুল গান্ধীক পুনৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ ৷ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ গুৱাহাটীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনিত সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰা পৰিলক্ষিত হ’ল ৷
অনুষ্ঠানৰ পিছত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- "আজিৰ দিনটো ৰামময় হৈ আছে ৷ আজিৰ দিনটো ৰামক বাদ দি কোনোৱে ৰাৱণৰ কথা উল্লেখ কৰা উচিত নহয় ৷ আজি ৰামৰ কথা চিন্তা কৰক ৷ কাইলৈ-পৰহিলৈ ৰাৱণৰ কথা চিন্তা কৰিম ৷"
উল্লেখ্য যে অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰৱেশ কৰাৰ পিছতে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তেজনাময় হৈ আছে ৷ এফালে ঠায়ে ঠায়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত চৰকাৰৰ বাধা প্ৰদান আৰু আনফালে কংগ্ৰেছৰ প্ৰতিবাদে অসমৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি ৰাখিছে ৷