অসম

assam

শংকৰ সংঘৰ মঞ্চলৈ আজমলক নিমন্ত্ৰণ নজনাবলৈ কৰযোৰে অনুৰোধ মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 5:17 PM IST

Himanta Biswa Sarma: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চলৈ বদৰুদ্দিন আজমলক নিমন্ত্ৰণ কৰিলে গোটেই ৰাতি শুব নোৱাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷ তেনে কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ অন্তৰে কান্দি উঠে ৷ সংঘৰ অধিৱেশনত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Himanta Biswa Sarma
শকৰদেৱ সংঘৰ অধিৱেশন

শকৰদেৱ সংঘৰ অধিৱেশনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰঙিয়া, 11 ফেব্ৰুৱাৰী: ৰঙিয়াত অনুষ্ঠিত হোৱা ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত দেওবাৰে উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চত বদৰুদ্দিন আজমলৰ উপস্থিতি সম্পৰ্কে উল্লেখ কৰে ।

বদৰুদ্দিন আজমলৰ দৰে এজন ব্যক্তিক, যিয়ে নাৰী সমাজক ভোগৰ পণ্য সমগ্ৰী লগত তুলনা কৰে, যিয়েই নাৰীক বোৰ্খাত ৰাখিব বিচাৰে তেনে মানুহক সংঘই নিজৰ মঞ্চত স্থান নিদিবলৈ অনুৰোধ কৰে ড৹ শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যেতিয়ালৈকে বিজেপি চৰকাৰ আছে আৰু তেওঁ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে তেতিয়ালৈকে সংঘই ধনৰ লগতে আন অসুবিধাৰ বিষয়ে চিন্তা কৰিব নালাগে ।

ড৹ শৰ্মাই ভাষণ প্ৰসংগত কয় যে তেওঁ শিক্ষামন্ত্ৰী অথবা মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত প্ৰয়োজন সাপেক্ষে চৰকাৰী নিয়মৰ বাহিৰত গৈ হ’লেও সংঘলৈ সহায়ৰ হাত আগবঢ়াই আহিছে । আগন্তুক সময়ত বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চৰ পৰা আঁতৰাই ৰাখিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে উদ্যোক্তাসকলৰ লগতে ভকত-বৈষ্ণৱসকলে খোল-তাল বাদনেৰে মূল মঞ্চলৈ আদৰি আনে । মূল মঞ্চলৈ অহাৰ পথত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত ভকত-বৈষ্ণৱসকলৰ লগতে আই-মাতৃসকলৰ সৈতে মত বিনিময় কৰে ।

মঞ্চত উপবিষ্ট হোৱাৰ পিচত মুখ্যমন্ত্ৰীগৰাকীক সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰামায়ণী সাহিত্যৰ বিষয়ে লিখা গ্ৰন্থ আদিকাণ্ড আৰু উত্তৰাকাণ্ড ৰামায়ণৰ সমীক্ষাত্মক অধ্যয়নৰ সন্দৰ্ভত সংঘৰ সাহিত্য শাখাই প্ৰকাশ কৰা এখন গ্ৰন্থ আৰু সংঘৰ ৰঙিয়াৰ যুৱকসকলে প্ৰকাশ কৰা ৰূপহী ৰঙিয়া নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰে ৷

গ্ৰন্থ দুখন উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শংকৰদেৱ সংঘৰ সাহিত্য শাখাই গুৰুজনাৰ ধৰ্মৰ প্ৰচাৰৰ বাবে এশতকৈও অধিক কিতাপ প্ৰকাশ কৰিছে ৷ অকল অসমীয়াতেই নহয়, হিন্দী-ইংৰাজীকে ধৰি কেবাটাও ভাষাত কিতাপ প্ৰকাশ কৰি উলিয়াইছে শংকৰদেৱ সংঘই ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় ৫০ লাখ সদস্যভুক্ত সংগঠন হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘ এক বৃহৎ সংগঠনলৈ ৰূপান্তৰিত হৈছে । তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ তথা ধৰ্ম ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিবলৈ সংঘই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । সভাখনত ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাকে ধৰি সংঘৰ বহু লোক উপস্থিত থাকে ।

লগতে পঢ়ক:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত জ্ঞানী জছবীৰ সিঙৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details