অসম

assam

গৌৰৱ গগৈ নীলা তেজৰ মানুহ: ফণীভূষণ চৌধুৰীৰ ঘৰত ক’লে মুখ্যমন্ত্ৰীয়ে - Himanta Biswa Sarma

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 8:49 PM IST

Himanta Biswa Sarma: ভূপেন বৰায়ো বিজেপিত যোগদান কৰাৰ সম্ভাৱনাৰ কথা ক’লে হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে গৌৰৱ গগৈ নীলা তেজৰ মানুহ আখ্যা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ ফণীভূষণ চৌধুৰীৰ বাসগৃহত মাছে-ভাতে খাই এই মন্তব্য ড৹ শৰ্মাৰ ৷

HIMANTA BISWA SARMA
ফণীভূষণ চৌধুৰীৰ ঘৰতমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ফণীভূষণ চৌধুৰীৰ ঘৰতমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বঙাইগাঁও, ২৪ মাৰ্চ: দেওবাৰে বিধায়ক তথা বঙাইগাঁও লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰাৰ্থীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ লগতে নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভতো কেতবাৰো আলোচনা কৰে ৷

উল্লেখ্য যে দেওবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ বঙাইগাঁও চহৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী ৷ মিত্ৰদল অগপৰ প্ৰাৰ্থীগৰাকীৰ বাসগৃহত ভাতে-মাছে তৃপ্তিৰে এসাজ খাই সংবাদ মাধ্যমৰ মুখামুখি হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।

ভূপেন বৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘‘ভূপেন বৰাই কেতিয়া বিজেপিত যোগদান কৰে সেয়া ঠিক নাই । ভূপেন বৰাই বিজেপিৰ যোগদান কৰাৰ কথা এনেই নকওঁ । মোক যিয়েই বেছিকৈ গালি পাৰে, তেৱেঁই দুদিন পিচত বিজেপিত যোগদান কৰে ৷ কংগ্ৰেছৰ কাৰো কথাই বিশ্বাস নকৰিব ৷ ’’

ধিঙৰ বিধায়ক আমিনুল ইছলামে খিলঞ্জীয়াৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, খিলঞ্জীয়া হ’বলৈ হ’লে ভাষা-সংস্কৃতি জানিব লাগিব ৷ দ্বিতীয় বিবাহ কৰিব নালাগিব, নাৰীক কামাখ্যা জ্ঞান কৰিব লাগিব ইত্যাদি ৷

আনহাতে CPIM ৰ প্ৰতীকচিহ্ন দেখিলেই অসমত কোনেও ভোট নিদিয়ে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ ইফালে ৰমাকান্ত দেউৰীৰ এক বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ কথা ছিৰিয়াছলী ল’ব নালাগে। আনহাতে বদৰুদ্দিন আজমল জয়ী হ’লে মৌলবাদী বাঢ়িব আৰু ৰকিবুল হুছেইন জয়ী হ’লে কাজিৰঙাৰ গঁড়খিনিয়ে কষ্ট পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে গৌৰৱ গগৈৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘ নীলা তেজৰ মানুহৰ কথা মই নকওঁ ৷ ৰয়েল ফেলিমীৰ ষ্টণ্ডাৰ্ড আমাৰ লগত নিমিলে ৷ আমিতো সৰু-সুৰা মানুহ ৷ আমাক ভাত খাবলৈ চামুচ নালাগে ৷’’

লগতে পঢ়ক:একেলগে চাহৰ জুতি ল’লে সোণোৱাল আৰু গগৈয়ে

ABOUT THE AUTHOR

...view details