অসম

assam

ETV Bharat / politics

খেদাখেদি-মাৰপিট-গুলীয়াগুলীৰ মাজেৰে শেষ হ'ল উপ-নিৰ্বাচনৰ প্ৰচাৰ

অন্ত পৰিল ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ । প্ৰাৰ্থী সাজু বিজয়ৰ শেষ হাঁহিৰ বাবে ।

Campaigning for by election
উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 8:04 PM IST

গুৱাহাটী:চামগুৰিৰ ব্য়াপক নিৰ্বাচনী হিংসা, আক্ৰমণ-প্ৰত্য়াক্ৰমণ তথা বোকা ছটিওৱাৰ ৰাজনীতিৰে সামৰণি পৰিল ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান । সোমবাৰে আবেলি ৫ বজাৰ লগে লগেই ৰাজ্যত সামৰণি পৰিল ১৩ নৱেম্বৰত অনুষ্ঠিতব্য় বিহালী, ধলাই, চামগুৰি, বঙাইগাঁও আৰু চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান ।

ৰাজ্য়ৰ পাঁচটা সমষ্টিৰ ভিতৰত চামগুৰি সমষ্টিত ভোটযুদ্ধ নহয়, যেন কুৰুক্ষেত্ৰ সদৃশ পৰিস্থিতিৰেহে প্ৰচাৰ অভিযান সামৰণি পৰিল ! বিহালী সমষ্টিত গৌৰৱ গগৈ বনাম মুখ্যমন্ত্ৰী আৰু পাৰিষদবৰ্গৰ মাজত তীব্ৰ ৰাজনৈতিক বাক্যবাণ আৰু নিৰ্বাচনী ই্ছ্যুৰে সামৰণি পৰিল উপ-নিৰ্বাচনী প্ৰচাৰ ৷

চামগুৰি সমষ্টিৰ বাদে বিহালী, ধলাই, চিদলী আৰু বঙাইগাঁও সমষ্টিত প্ৰায় শান্তিপূৰ্ণভাৱে সামৰণি পৰিল উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১৩ নৱেম্বৰত মুঠ ৫ টা সমষ্টিৰ ৯,১০১২৬ গৰাকী ভোটাৰে উপ-নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।

ক’ত কিদৰে শেষ হ’ল প্ৰচাৰ ?

বিহালীত কংগ্ৰেছৰ জয়ন্ত বৰা আৰু বিজেপিৰ দিগন্ত ঘাটোৱাৰৰ লগতে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী আৰু আপৰ প্ৰাৰ্থীয়ে অন্তিম দিনটোত চলালে শেষ প্ৰচাৰ । কংগ্ৰেছৰ গৌৰৱ গগৈ, ৰিপুণ বৰা আদিয়ে দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ চলালে প্ৰচাৰ । ইয়াৰ মাজতেই দিনটোত জয়ন্ত বৰাৰ মালিকাধীন চাহ ফেক্টৰীত আৰক্ষীৰ তালাচীয়ে বাতৰিৰ শিৰোনাম দখল কৰে । প্ৰচাৰৰ শেষ দিনটোলৈকে বিহালী বিধানসভা সমষ্টিত দেখা গ’ল ৰথী-মহাৰথীৰ ভিৰ । কি বিৰোধী, কি শাসক সকলোৱে সৰ্বশক্তিৰে জঁপিয়াই পৰিল বিহালীত ।

কংগ্ৰেছৰ গৌৰৱ গগৈক বিহালীত দেখা গ’ল দলটোৰ সেনাপতিৰ ৰূপত ৷ মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালীত দুখনকৈ জনসভাত প্ৰচাৰ চলোৱাৰ লগতে পদযাত্ৰাতো অংশগ্ৰহণ কৰে । বিজেপিৰ মন্ত্ৰী-বিধায়কৰ ভিৰ দেখা গ’ল বিহালীত ।

আনহাতে, বিৰোধীৰ অসম সন্মিলিত মঞ্চৰ হৈ অখিল গগৈৰ পৰা আৰম্ভ কৰি লুৰীণজ্য়োতি গগৈ, অজিত ভূঞালৈকে দেখা গ’ল বিহালীত । লগতে দেখা গ’ল আপৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ৰাজেশ শৰ্মাক । বিহালীত ১৫৪ টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ১,৩২,৫৭৯ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ।

চামগুৰিত শেষৰ দিনটোত নঘটিল বিশেষ একো অঘটন

বিগত কেইবাদিনো ধৰি চামগুৰিত ব্যাপক হিংসা চলে যদিও প্ৰচাৰৰ শেষৰ দিনটোত নঘটিল বিশেষ একো অঘটন ৷ চামগুৰিত উপ-নিৰ্বাচনী প্ৰচাৰ অভিযানত নিৰ্বাচনী হিংসাত এজনৰ মৃত্যু ঘটাৰ লগতে গুলীয়াগুলী, মাৰপিট, গাড়ী ভঙা আদি বহু ঘটনাৰে শিৰোনাম দখল কৰিলে চামগুৰিয়ে । ধাৰণা কৰা হৈছে কংগ্ৰছেৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ মাজতেই হ’ব মূল নিৰ্বাচনী ভোটযুদ্ধ । চামগুৰি বিধানসভা সমষ্টিত মুঠ ১৮০৩৮৬ গৰাকী ভোটাৰে ১৯৭টা ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰিব নিজৰ ভোটাধিকাৰ ।

বঙাইগাঁৱত ব্ৰজেনজিৎ সিনহা বনাম দীপ্তিময়ী চৌধুৰীৰ মাজত মূল যুঁজখন হ’ব বুলি চৰ্চা হৈছে । সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অগপ নেতৃত্ব উবুৰি খাই পৰে বঙাইগাঁৱত । বঙাইগাঁৱত মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৮,২৩,৫৪ গৰাকী আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২২৪ টা ।

আনহাতে,চিদলীত মূল নিৰ্বাচনী যুঁজখন ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ,বি পি এফৰ শুদ্ধ বসুমতাৰী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ মাজত হ’ব বুলি ধাৰণা কৰা হৈছে ৷ মুঠ ২,১৭,১৬৫ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ১৩ নৱেম্বৰত । মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়োৰ প্ৰচাৰ অভিযানে আকৰ্ষণীয় কৰি তুলিলে চিদলীৰ নিৰ্বাচনী বতৰ ।

আনহাতে, ধলাই বিধানসভা সমষ্টিত বিজেপিৰ নিহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ মাজতেই সীমাৱদ্ধ থাকিল প্ৰচাৰ অভিযান । মুখ্যমন্ত্ৰীৰ পৰা বিজেপিৰ মন্ত্ৰী-বিধায়কৰ শাৰী দেখা গ’ল ধলাইত । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ধলাইত বিজেপিৰ মুখ্য নিৰ্বাচনী ৰণকৌশলীৰ ৰূপত দেখা গ’ল সমগ্ৰ প্ৰচাৰ অভিযানত । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা জীতেন্দ্ৰ সিঙলৈকে ধলাইত নামিল নিৰ্বাচনী প্ৰচাৰত । ধলাইত ২০৮ টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ১৯৭৬৪২ গৰাকী ভোটাৰে বুধবাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ।

লগতে পঢ়ক:চামগুৰি দখলৰ মূলমন্ত্ৰ কি দিপ্লু ৰঞ্জন শৰ্মাৰ ?

বিহালীত কংগ্ৰেছেও ৱাচিং মেচিন আনিছে: অখিল গগৈ

ABOUT THE AUTHOR

...view details