অসম

assam

ETV Bharat / politics

চিদলী সমষ্টিত কি হ'ব উপ-নিৰ্বাচনৰ ফলাফল ? বি পি এফ-ইউ পি পি এল উভয়ৰে জয়ৰ দাবী

উপ-নিৰ্বাচনৰ ভোট গণনাৰ বাবে এদিন বাকী থকা অৱস্থাত চিদলী সমষ্টিক লৈ কি কয় বি পি এফ-ইউ পি পি এলৰ নেতা তথা প্ৰাৰ্থীসকলে ?

Sidli Bye Election 2024
চিদলী সমষ্টিত কি হ'ব উপ-নিৰ্বাচনৰ ফলাফল ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 9 hours ago

চিৰাং:অসমত অনুষ্ঠিত পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলৰ বাবে মাজত মাথোঁ এটা দিন বাকী । ইতিমধ্যে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিভিন্ন দল তথা প্ৰাৰ্থীয়ে নিজৰ নিজৰ ভাগে জয়-পৰাজয়ৰ অংক কৰাত ব্যস্ত হৈ পৰিছে ।

তাৰ মাজতে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে দুই মুখ্য প্ৰতিদ্বন্দ্বী দল বি পি এফ আৰু ইউ পি পি এলৰ নেতা-প্ৰাৰ্থীসকলে ।

চিদলী সমষ্টিত কি হ'ব উপ-নিৰ্বাচনৰ ফলাফল ? (ETV Bharat Assam)

ফলাফল সন্দৰ্ভত একেবাৰে নিশ্চিত বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰী । তিনি হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি উল্লেখ কৰি বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে কয়, "সেইটো লৈ আমি আজি পাৰ্টী লেভেলত চৰ্চা কৰিলোঁ প্ৰজেক্টেড ভোট কিমান হ'ব নহ'ব । সকলো পজিটিভে দেখা পাইছোঁ । গোটেই প্ৰাইমাৰী লেভেলৰ যিটো ৰিপোৰ্ট দিছে ভাল মাৰ্জিন এটাত আমি জিকি যাম । সেইটো স্পষ্ট হৈ গ'ল । বিজয় নিশ্চিত । এতিয়াতো আমি বাই-ইলেচনক খেলিছোঁ । জিকাৰ পিছত কি কৰিব লাগে কৰিম পিছত । পৰিষদীয় নিৰ্বাচনত ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব । কাৰণ শাসকীয় দলৰ বিৰুদ্ধে উপ-নিৰ্বাচনত জিকি যোৱাটো বহুত ডাঙৰ কথা । সেয়ে বি টি চিত সেইটোৱে নিশ্চিতভাৱে এক প্ৰভাৱ পেলাব ।"

আনহাতে, উপ-নিৰ্বাচনৰ চিদলী সমষ্টিৰ এন ডি এ মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ময়ো নিজৰ বিজয় নিশ্চিত বুলি জনায় । তেওঁ কয়, "মইতো নৰ্মেলী আছোঁ । এতিয়া আমাৰ ব্লক সমষ্টি আৰু বুথ সমষ্টিৰ মাজত ৰিভিউ হৈছে । তেওঁলোকৰ যিটো পৰ্যালোচনা সেই মতে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মই জিকাটো খাটাং ।" বি পি এফ সন্দৰ্ভত কয়, "তেওঁলোকৰ পৰ্যালোচনা তেওঁলোকৰ মতে কৰিব । আমাৰ পৰ্যালোচনা মতে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মই জিকাটো একেবাৰে এশ শতাংশ খাটাং ।"

ইফালে চিৰাঙৰ কাশিকোত্ৰাত চিদলী সমষ্টিৰ বি পি এফৰ প্ৰত্যেকটো ব্লক কমিটীৰ দলীয় কৰ্মীৰ সৈতে সভা অনুষ্ঠিত কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে দলীয় কৰ্মীসকলে যি ৰিপোৰ্ট দিলে সেই হিচাপৰ পৰা ছয় শতাংশ বাদ দি আমি জিকাটো খাটাং ।

হাগ্ৰামা মহিলাৰীয়ে কয়, "আজি আমাৰ আগন্তুক ভোটগণনাক লৈ আমি আলোচনা কৰিছোঁ । চিদলী সমষ্টিত আমাৰ বি পি এফ দল হিচাপে জিকিব পৰা সুবিধা আছেনে নাই সেইটো গোটেই ৰিপোৰ্টটো ল'লো মই । আমাৰ প'লিং এজেণ্টসকলে যিটো ৰিপোৰ্ট দিছে আমি জিকাটো খাটাং । খুব ভাল । মোক যিখিনি ৰিপোৰ্ট দিছে মই সকলো অংক কৰি ইয়াৰ পৰা ৬ পাৰ্চেণ্ট মাইনাছ কৰিছোঁ । তথাপিও আমাৰ দল জিকি আছে ।"

লগতে পঢ়ক :বঙাইগাঁৱত অগপৰ দুৰ্গ থাকিব নে ন-আশাই পূৰ্ণতা পাব ?
লগতে পঢ়ক :২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ অখিল গগৈৰ ৰণচালি; লক্ষ্য ২০ খন আসন দখল

ABOUT THE AUTHOR

...view details