অসম

assam

ETV Bharat / politics

যিকোনো মুহূৰ্ততে বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম

ধলাই, বিহালী আৰু চামগুৰিত বিজেপিৰ কোন হ'ব প্ৰাৰ্থী ? অন্তিম নাম তালিকাত চীল মোহৰ ।

By ETV Bharat Assamese Team

Published : 4 hours ago

BJP may announce Candidates name
আজিয়েই প্ৰাৰ্থী ঘোষণা হ’ব বিজেপিৰ (ETV Bharat Assam)

গুৱাহাটী: অসমত ১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসক-বিৰোধীয়ে যিকোনো মুহূৰ্ততেই প্ৰাৰ্থী ঘোষণা কৰিব । সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত কোন কোন আছে ? এতিয়া এই লৈ চৰ্চা চলিছে ৰাজ্যৰ ৰাজনীতিত ।

আজিয়েই প্ৰাৰ্থী ঘোষণা হ’ব বিজেপিৰ:

আজিয়েই ঘোষণা হোৱাৰ সম্ভাৱনা বিজেপিৰ ৩ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম । ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । লগতে ভৱেশ কলিতাই সদৰী কৰে যে উপ-নিৰ্বাচন হ'বলগীয়া ৫ টা সমষ্টিৰ বাবে বিজেপিয়ে মিত্ৰদলৰ সৈতে প্ৰস্তুত কৰিছে ৰণনীতি ।

নিৰ্বাচনী ৰণনীতি কাৰ্যকৰীকৰণৰ বাবে প্ৰতিটো সমষ্টিৰ দায়িত্বত থাকিব এজনকৈ মন্ত্ৰী, দুজনকৈ বিধায়ক আৰু এজন জ্যেষ্ঠ নেতা । ধলাই, বিহালী আৰু চামগুৰিত বিজেপিয়ে নিজা প্ৰাৰ্থী দিব আৰু চিদলীত ইউ পি পি এল, বঙাইগাঁৱত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব । বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ লগতেই বিধানসভা আৰু লোকসভাৰ উপ-নিৰ্বাচনৰো প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ।

বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থী :

বিজেপিয়ে প্ৰাৰ্থী দিবলগীয়া প্ৰতিটো সমষ্টিতে কেইবাজনীয়া প্ৰাৰ্থী তালিকা ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে । যিকোনো মুহূৰ্ততে বিজেপিয়ে ঘোষণা কৰিব নিজৰ প্ৰাৰ্থীৰ নাম ।

বিহালী:বিহালীত তিনিজনীয়া প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিলেও দিগন্ত ঘাটোৱাৰকেই প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত ৷

চামগুৰি: চামগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব যুৱনেতা দিপ্লুৰঞ্জন শৰ্মা ৷ তেওঁৰ লগতে মহেন্দ্ৰ কোঁৱৰৰ নামো বিজেপিয়ে পেনেলত ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই সদৰী কৰিছে ।

ধলাই : ধলাইত বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনাই অধিক ৷ ধলাইৰ প্ৰাৰ্থিত্বৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা পেনেলত আছে তিনিজনৰ নাম- অমিয়কান্তি দাস, নিহাৰ ৰঞ্জন দাস আৰু স্বপন শুক্লবৈদ্য ।

লগতে পঢ়ক:১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

পীযুষ হাজৰীকাৰ প্ৰচাৰৰ মাজতেই বিহালীত বিজেপি নেতাৰ দল ত্যাগ

ABOUT THE AUTHOR

...view details