নগাঁও :চামগুৰি সমষ্টিত নিৰ্বাচনী হিংসা অতি ভয়ংকৰ হৈ পৰিছে । কংগ্ৰেছ-বিজেপিৰ সংঘাতে ৰাজ্যজুৰি বিতৰ্কৰ সূচনা কৰিছে । তেনে সময়তে কংগ্ৰেছ আৰু ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিলে বিজেপিয়ে ।
ৰকিবুল হুছেইনক চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰা আঁতৰাই ৰখাৰ দাবী জনাই দেওবাৰে নগাঁৱৰ ৰিটাৰ্নিং বিষয়াৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগলৈ বিজেপিৰ হৈ পত্ৰ প্ৰেৰণ কৰে মন্ত্ৰী বিমল বড়া আৰু বিধায়ক ৰূপক শৰ্মাই ।
ৰকিবুলক কটাক্ষ বিমল বড়াৰ
নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত পত্ৰ প্ৰেৰণৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ মন্ত্ৰী বিমল বড়াৰ । এজন লোকৰ দীৰ্ঘদিনৰ কু-অভিসন্ধিৰ বাবে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন ৰক্তাক্ত হ'বলৈ গৈ আছে বুলি অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে ।
শনিবাৰে নিশা বিধায়ক জিতু গোস্বামীকে ধৰি একাংশ বিজেপি নেতাক শিলগুটি নিক্ষেপ, চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে গুলীচালনাৰে হত্যাৰ ষড়যন্ত্ৰ কৰা বুলিও কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে মন্ত্ৰী বিমল বড়াই ।
লগতে মন্ত্ৰী বিমল বড়াই কয়, "আমি সেয়ে সাংসদ ৰকিবুল হুছেইনক উপ-নিৰ্বাচনৰ পৰা বাৰণ কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছো । কাৰণ তেওঁ থাকিলে ১৩ নৱেম্বৰৰ নিৰ্বাচন স্বচ্ছ আৰু নিকা নহয় ।"