নিউজ ডেস্ক, 19 এপ্ৰিল:ৰাজ্যত প্ৰথম পৰ্যায়ত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে সৰ্বসাধাৰণৰ সমান্তৰালভাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীসকলেও ৷ 78 নং ধেমাজি বিধানসভা সমষ্টিৰ অধীনৰ 158 নং ধেমাজি ৰূপনাথ ব্ৰহ্ম হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই ৷ বিগত বৰ্ষতকৈ এইবাৰ অধিক ভোটৰ ব্যৱধানত নিৰ্বাচনত জয়লাভ কৰিব বুলি দাবী কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷
আনহাতে, বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে লাইপুলিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰদান কৰে ভোটদান ৷ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰি দেশৰ গণতন্ত্ৰ, সংবিধান ৰক্ষাৰ বাবে ভোটদান কৰিবলৈ সকলোলৈ আহ্বান জনায় ৷ লগতে 95 শতাংশ ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে আটাইকেইটা সমষ্টিতে ৷
সমান্তৰালভাবে, পুৱাই পিতৃৰ চৰণ চুই ভোটাধিকাৰ সাব্যস্ত কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷ সোণাৰিৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে । পিতৃ নগেন গগৈ, সহধৰ্মিনী ড° বিনীতা শইকীয়াসহ ভোটদান কৰিলে তপন কুমাৰ গগৈয়ে ।