ETV Bharat / international

যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত; ১৮১ৰ ভিতৰত ১৭৯ জনৰে মৃত্যুৰ আশংকা - PLANE CRASHES IN SOUTH KOREA

আকৌ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ আহি পৰিছে ৷ এইবাৰৰ স্থান দক্ষিণ কোৰিয়া ৷ এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ আছে ৷

Atleast 28 dead as passenger plane crashes in South Korea
দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বিমান (AP)
author img

By ANI

Published : 17 hours ago

Updated : 13 hours ago

ছিউল (দক্ষিণ কোৰিয়া) : দেওবাৰে পুৱাই আহিছে এটা বেয়া খবৰ ৷ দক্ষিণ কোৰিয়াৰ জৰুৰীকালীন কাৰ্যালয় আৰু স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, দেশখনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ এটা বিমানবন্দৰত ১৮১ জন লোক কঢ়িয়াই অনা এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ প্ৰথম অৱস্থাত ২৮ জন লোকৰ মৃত্যু বুলি নিশ্চিত কৰা হৈছিল যদিও শেহতীয়াকৈ মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে ৷ লগতে ১৮১জন যাত্ৰীৰ ভিতৰত ১৭৯ জনৰে মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷ সংবাদ সংস্থা ANI ৰ বাতৰিত প্ৰকাশিত তথ্য মতে, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে প্ৰকাশ কৰিছে বুলি য়নহাপ নিউজ এজেন্সীয়ে (Yonhap News Agency) উল্লেখ কৰিছে।

তথ্য মতে, কোনো কাৰিকৰীক বিজুটিৰ ফলত পুৱা ৯:০৭ বজাত জেজু এয়াৰৰ এখন বিমান (Jeju Air flight) অৱতৰণৰ সময়তে ৰাণৱেৰ পৰা আঁতৰি ছিউলৰ পৰা প্ৰায় ২৮৮ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত মুয়ান কাউন্টিৰ মুছান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বেৰত খুন্দা মাৰে । যাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷

plane crashes in South Korea
যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত (AP)

কৰ্তৃপক্ষই জনোৱা মতে, বিমানখনৰ টেইল ছেকচনত ২৮ জন লোকৰ মৃত্যু হৈছে ৷ অৱশ্যে মতকৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে । বাতৰি যুগুত কৰা পৰলৈকে মাত্ৰ দুজন ব্যক্তিকহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয় ।

ANI ৰ বাতৰি মতে, ১৭৫ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ কঢ়িয়াই অনা বিমানখন বেংককৰ পৰা উভতি আহি আছিল । যাত্ৰীসকলৰ অধিকাংশই আছিল দক্ষিণ কোৰিয়াৰ নাগৰিক ৷ লগতে বিমানখনত দুজন থাই নাগৰিকো আছিল বুলি জানিব পৰা গৈছে ।

য়নহাপ নিউজ এজেন্সী(Yonhap News Agency)ৰ বাতৰি অনুসৰি, বৰ্তমানো উক্ত দুৰ্ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি আছে ৷ এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও তেওঁলোকে ধৰিব পৰা নাই বুলি উল্লেখ কৰে ৷ (ANI)

লগতে পঢ়ক : ব্ৰাজিলৰ গ্ৰামাডোত বিমান দুৰ্ঘটনাগ্ৰস্ত: আটাইকেইগৰাকী যাত্ৰীৰেই মৃত্য়ু

Last Updated : 13 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.