ETV Bharat / state

জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল... - WEEKLY HOROSCOPE

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল...

Weekly Horoscope for 29th December 2024 to 4th January 2025
সপ্তাহটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 17 hours ago

মেষ ৰাশি : এই সপ্তাহটোত ইতিবাচক অগ্ৰগতি আৰু আগতীয়া সাফল্যৰ সুযোগ পাব ৷ পাৰদৰ্শিতা দেখুৱাব পাৰিব ৷ উৰ্ধতন বিষয়া আৰু সহকৰ্মী উভয়ৰে সমৰ্থন লাভ কৰিব, ফলত কৰ্মক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰিব পাৰিব । নিজৰ আৰ্থিক বিষয়ত মনোযোগ দিয়ক, কিয়নো অতিৰিক্ত ব্যয়ৰ ফলত আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে । সুস্বাস্থ্যৰ অধিকাৰী হ’ব ৷ ঘৰত পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ দাম্পত্য জীৱনটো সুখৰ ভৰা ৷

বৃষ ৰাশি : উদ্যোগৰ সৈতে জড়িত লোকসকলে বিনিয়োগৰ পৰা হঠাতে লাভ অৰ্জন কৰিব ৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভান্বিত হ’ব ৷ যিকোনো উদ্যোগ বা আঁচনিত ধন বিনিয়োগ কৰাৰ আগতে কোনো পেছাদাৰী বা বিশ্বাসযোগ্য বন্ধুৰ পৰা পৰামৰ্শ লওক ৷ খাদ্য আৰু ব্যায়ামৰ ৰুটিনকে ধৰি নিজৰ সুস্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ কোনো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ চিকিৎসকৰ পৰামৰ্শ লওক ৷ বিবাহযোগ্য প্ৰাৰ্থীৰ বাবে শুভ সপ্তাহ ৷ প্ৰেমত শুভ ৷ ভ্ৰমণৰ যোগ ৷ সপ্তাহটো আগবাঢ়ি যোৱাৰ লগে লগে বিদেশত কেৰিয়াৰ গঢ়া বা ব্যৱসায় কৰাসকলে সাফল্য লাভ কৰিব ৷ ধৰ্মীয় আৰু সামূহিক কাম-কাজৰ লগত জড়িত হৈ সমাজত অধিক সন্মান লাভ কৰিব ।

মিথুন ৰাশি : কামত চাহিদা বৃদ্ধি ৷ মানসিক চাপ বৃদ্ধি ৷ নিজৰ দায়িত্ব দক্ষতাৰে সম্পূৰ্ণ কৰক ৷ নিজৰ লক্ষ্যত উপনীত হোৱাৰ পৰা আপোনাক বিচলিত কৰিব বিচৰা লোকসকলৰ পৰা আঁতৰি থাকক । ব্যৱসায়ত যথেষ্ট লাভ অৰ্জন কৰাৰ সম্ভাৱনা ৷ সংগীৰ সৈতে সুন্দৰ সময় উপভোগ কৰক ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ ধৈৰ্য, অনুশাসন আৰু ইতিবাচক মনোভাৱ বজাই ৰাখক ৷

কর্কট ৰাশি : এই ৰাশিৰ জাতক/জাতিকাসকলে সপ্তাহটোত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ৷ বিশেষকৈ ঘৰুৱা আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’ব পাৰে । সম্পত্তিৰ সন্দৰ্ভতো বিবাদ হ’ব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক ৷ প্ৰেমত শুভ ৷ সপ্তাহৰ শেষৰ ফাললৈ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়খ ৷ ঋতুকালীন পৰিৱৰ্তন বা স্বাস্থ্যজনিত সমস্যা হোৱাৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি : এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত অংশগ্ৰহণ কৰাৰ সুযোগ পাব । এগৰাকী অভিজ্ঞ বিশেষজ্ঞৰ পৰা সহযেগিতা লাভ কৰিব, যিয়ে আপোনাৰ বাকী থকা কামবোৰ সমাধান কৰাত সহায় কৰিব ৷ পেছাগত উন্নতিৰ বাবে লাভজনক ৷ প্ৰেমত শুভ ৷ ধৰ্মীয় স্থানলৈ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা ৷ আধ্যাত্মিক আৰু মানসিক বিকাশৰ বাবে উত্তম সময় ৷ কেৰিয়াৰ, প্ৰেমৰ সম্পৰ্ক আৰু আৰ্থিক স্থিতিৰ অগ্ৰগতি ৷

কন্যা ৰাশি : প্ৰিয় ঠাইলৈ স্থানান্তৰিত হোৱাৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব৷ জীৱনৰ নতুন সুযোগৰ দুৱাৰ মুকলি হ’ব । বৰ্তমান চাকৰি কৰি থকা লোকসকলে অভাৱনীয়ভাৱে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে, যিয়ে আপোনাৰ কেৰিয়াৰক আগবঢ়াই নিব পাৰে ৷ আয় বৃদ্ধি, সামগ্ৰিক ধন-সম্পত্তি বৃদ্ধি । বিদেশত কাম কৰা লোকসকলে আশানুৰূপ লাভ অৰ্জন কৰিব ৷ প্ৰেমত সফল ৷ সৰু-সুৰা স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱাবলৈ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব লাগিব ৷ সকলো কাম ভাবি-চিন্তি কৰক, ই ব্যক্তিগত শ্ৰীবৃদ্ধি আৰু সফলতাত অৰিহণা যোগাব ।

তুলা ৰাশি : ঋতুৰ লগত অহা ৰোগৰ পৰা হাত সাৰিবলৈ সজাগ হৈ থাকক ৷ স্বাস্থ্যসন্মত খাদ্যাভ্যাস খাওক ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত যথেষ্ট পৰিশ্ৰম কৰিব লাগিব ৷ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে । শান্ত হৈ থাকক ৷ আকাংক্ষিত সাফল্য লাভ ৷ ব্যৱসায়িক জগতৰ লোকসকলে কামৰ সংক্ৰান্তত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । সামগ্ৰিকভাৱে মানসিক চাপ কমোৱাৰ চেষ্টা কৰক ৷ খৰখেদাকৈ কাম কৰাৰ পৰা বিৰত থাকক ৷ নিজৰ স্বাস্থ্য আৰু আৰ্থিক স্থিতিৰ ওপৰত চকু ৰাখক ৷

বৃশ্চিক ৰাশি : আৰম্ভণিতে কিছু আৰ্থিক প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু সপ্তাহৰ শেষলৈ হঠাৎ ধনৰ আগমন হ’ব ৷ নিজৰ ব্যৱসায় বঢ়াব বিচাৰিছে, তেন্তে সাৱধানে আগবাঢ়ি যাওক ৷ ৰোমাণ্টিক সম্পৰ্কত সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৷ সপ্তাহৰ মাজভাগত আইনী বা চৰকাৰী বিষয়ত জড়িত হৈ পৰিব পাৰে ৷ কোনো ব্যক্তিক লগ পালে ভৱিষ্যতে লাভজনক সুযোগৰ দুৱাৰ মুকলি হ’ব৷ নতুন প্ৰত্যাহ্বান আহিব পাৰে ৷ এই সময়ছোৱাত সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰক ৷

ধনু ৰাশি : দৈনন্দিন কাম-কাজ সম্পূৰ্ণ কৰিব পাৰিব ৷ পেছাগত, ব্যৱসায়িক বা ব্যক্তিগত কামৰ সৈতে সম্পৰ্কীত চুটি বা দীৰ্ঘ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷ ব্যয় বৃদ্ধিৰ যোগ ৷ অবিবাহিতসকলে বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা । বৈবাহিক জীৱন আনন্দময় আৰু সমৃদ্ধিশালী ৷

মকৰ ৰাশি : আৰম্ভণিতে নিজৰ কামত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ব্যক্তিসকলে সাফল্য লাভ কৰিব ৷ কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কীয় সমস্যাসমূহ সমাধান হ’ব । কৰ্মক্ষেত্ৰৰ পৰিৱেশ উন্নত৷ জ্যেষ্ঠ সহকৰ্মীৰ পৰা আশীৰ্বাদ আৰু কনিষ্ঠ সহকৰ্মীৰ পৰা উৎসাহ লাভ কৰিব । প্ৰেম সম্পৰ্ক উন্নত ৷ জীৱন সংগীৰ মাজত আৱেগিক সম্বন্ধ অধিক দৃঢ়, বৈবাহিক জীৱনত সুখ বৃদ্ধি । সপ্তাহৰ শেষৰ ফাললৈ ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ ৷

কুম্ভ ৰাশি : আত্মতুষ্টি আৰু দম্ভৰ পৰা আঁতৰি থাকি কামত মন দিয়ক ৷ দাম্পত্য জীৱন উন্নত কৰিবলৈ নিজৰ সংগীৰ সৈতে সময় কটাওক ৷ নিজৰ স্বাস্থ্য আৰু সম্পৰ্কসমূহ উন্নত কৰাত অগ্ৰাধিকাৰ দিয়ক । বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শনৰ গুৰুত্ব বুজক ৷ ধৈৰ্য আৰু অধ্যৱসায়েৰে নিজৰ কৰ্তব্য পালন কৰক । পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে অধ্যৱসায়ৰ বলত সপ্তাহটোৰ শেষত ইতিবাচক ফলাফল প্ৰাপ্ত কৰিব ৷

মীন ৰাশি : নিজৰ লক্ষ্যত উপনীত হ’বলৈ সময় আৰু শক্তিৰ উচিত ব্যৱহাৰ কৰক ৷ কেৰিয়াৰৰ উন্নতি বা চাকৰি সলনি হোৱাৰ সম্ভাৱনা ৷ প্ৰেমত শুভ ৷ সংগীৰ পৰা উপহাৰ পাব ৷ স্বাস্থ্য উত্তম ৷ আৰ্থিক দিশত উন্নত ৷ সম্পত্তি লেনদেনৰ ক্ষেত্ৰত সাৱধান, কোনো সিদ্ধান্ত লোৱাৰ আগতে বিশ্বাসযোগ্য ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো বাঞ্ছনীয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.