ডিফু, ৫ জুন:পাহাৰত দ্বিতীয়বাৰৰ বাবে ফুলিল পদুম ৷ ৬ নং ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰচিং তিচ'ৱে ৩,৩৪,৬২০ টা ভোট লাভ কৰে । ইয়াৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী এপিএইছএলচি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী জে আই কাথাৰে লাভ কৰে ১,৮৭,০১৭ টা ভোট ৷ আনহাতে,কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে লাভ কৰে ১,২৪,০১৯ টা ভোট ৷ নিৰ্দলীয় প্ৰাৰ্থী জন বাৰ্ণাৰ্ড চাইমাই লাভ কৰে ১১,২৭৯ ভোট ৷ ইপিনে, এএছডিচিৰ প্ৰাৰ্থী জৎছন বে'ই লাভ কৰে ১৬,২৫৯ টা ভোট ৷ নোটা ভোটৰ সংখ্যা ১৬,২৫৯ টা ৷
অষ্টাদশ লোকসভাৰ নিৰ্বাচনৰ মঙলবাৰে ঘোষিত ফলাফলত ৬নং ডিফু লোকসভা আসনখনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় বিজেপি প্রার্থী অমৰচিং তিচ'ৱে । উল্লেখ্য যে নির্বাচনৰ পূর্বে বিজেপি দলে অতি সহজে অভিলেখ সংখ্যক ভোটৰ ব্যবধানত সমষ্টিটোত জয়লাভ সাব্যস্ত কৰিব বুলি দাবী কৰিছিল যদিও সমষ্টিটোত এইবাৰ প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হয় শাসকীয় বিজেপি দল । পাহাৰত এইবাৰ আঞ্চলিকতাবাদৰ উত্থান দেখিবলৈ পোৱা যায় । নির্দলীয় প্রার্থীৰূপে অবতীর্ণ জে আই কাথাৰৰ ৰাজনৈতিক দল অল পার্টি হিলছ লীডাৰছ কনফাৰেন্সে দ্বিতীয় স্থান লাভ কৰি পাহাৰত পুনৰ আঞ্চলিকতাবাদৰ উত্থান ঘটাবলৈ সক্ষম হয়। ইণ্ডিয়াৰ অংশীদাৰ হৈও মিত্রজোঁটত অংশীদাৰ নহৈ পৃথকে নির্বাচনত অৱতীর্ণ হোৱা কাথাৰে ডেৰ লাখৰ ওপৰত ভোট লাভ কৰিবলৈ সক্ষম হোৱাটোৱে আগন্তুক দিনৰ বাবে পাহাৰত বিজেপিৰ বাবে প্রত্যাহ্বানৰ সৃষ্টি কৰাটো নিশ্চিত ।
কোনে কিমান ভোট পালে ?
ইপিনে, পাহাৰত দীর্ঘকাল শাসনত থকা কংগ্ৰেছ দলৰ স্থান অৱনমিত হোৱাটোৱেও চৰ্চাৰ বিষয় হৈ পৰিছে । হাফলং বিধানসভা সমষ্টিত শাসকীয় বিজেপিৰ প্রার্থী অমৰচিং তিচ'ৱে ৫৯,২২৬ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জয়ৰাম ইংলেঙে ৩৪,৮২৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। নির্দলীয় জে আই কাথাৰে হাফলং বিধানসভা সমষ্টিত ১৭,৪৭৩ টা ভোট লাভ কবিবলৈ সক্ষম হয় । বোকাজান বিধানসভা সমষ্টিত বিজেপিৰ প্রার্থীগৰাকীয়ে ৫১,৮৯৬ টা ভোট লাভ কৰাৰ বিপৰীতে নির্দলীয় জে আই কাথাৰে ৩০,৭৪৮ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । ইপিনে, কংগ্ৰেছৰ প্রার্থীগৰাকীয়ে ২৬,৩৯১ টা ভোট লাভ কৰে ।
বিজেপিৰ প্রার্থীগৰাকীয়ে হাওৰাঘাট বিধানসভা সমষ্টিত ৭২,২৪৮ টা ভোট, কংগ্রেছ প্রার্থীগৰাকীয়ে ২০,০৬৫ টা আৰু জে আই কাথাৰে ৩৬,৪১৩ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । উল্লেখনীয় যে পাহাৰৰ একমাত্র আসনখনত বিজেপি দলে এইবাব ৩ লাখৰো অধিক ভোটত জয়লাভ কৰিব বুলি দাবী কৰিছিল । বিগত লোকসভা নির্বাচনত সমষ্টিটোত বিজেপি প্রার্থী হৰেণছিং বে'য়ে ৩,৮০,১৮৩ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ বীৰেণছিং ইংতিয়ে লাভ কৰিছিল ১,৪০,৩৪৪ টা ভোট । ২০১৯ চনত বিজেপিৰ প্রার্থীগৰাকীয়ে ২,৩৯,৮৩৯ টা ভোটৰ বৃহৎ ব্যবধানত জয়লাভ কৰিছিল যদিও এইবাৰ এই জয়ৰ ব্যবধান যথেষ্ট হ্রাস পায় ।