অসম

assam

ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলত যোগদান বিভিন্ন দল-সংগঠনৰ নেতাৰ - Assam BJP candidate

Lok sabha election 2024: লোকসভাৰ নিৰ্বাচনৰ বাবে তিনিচুকীয়াত তৎপৰ বিজেপি ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ নেতাই যোগদান কৰিলে দলটোত ৷ অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ৷

BJP booth conference and joining programme in Tinsukia
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলত যোগদান বিভিন্ন দল-সংগঠনৰ নেতাৰ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 7:17 AM IST

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলত যোগদান বিভিন্ন দল-সংগঠনৰ নেতাৰ

তিনিচুকীয়া,মাৰ্চ: ডিব্ৰুগড় লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থিত্ব নিশ্চিত হোৱাৰ পিচতে তৎপৰতা বৃদ্ধি পাইছে বিজেপিৰ নেতা-কৰ্মীসকলৰ মাজত । কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতত জাতীয়-জনগোষ্ঠীয় তথা বিৰোধী দলৰ নেতা সদস্যসকলৰ যোগদানৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ পূৰ্বে দলীয় শক্তি বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি দলে ।

লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিচতে শাসকীয় দল বিজেপিৰ নেতা সদস্যসকলে পূৰ্ণোদ্যমে নিৰ্বাচনী ৰণডংকা বজোৱা পৰিলক্ষিত হৈছে । দেওবাৰে তিনিচুকীয়া বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়াৰ স্থানীয় বিধায়ক সঞ্জয় কিষাণৰ উপস্থিতত দলীয় শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে বুথ পৰ্যায়ৰ নেতৃত্বসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ আনকি দুই শতাধিক জাতীয় জনগোষ্ঠীয় নেতা-সদস্যৰ লগতে একাংশ কংগ্ৰেছ দলৰ কৰ্মীয়েও দলটোত যোগদান কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, শনিবাৰে বিজেপিয়ে ঘোষণা কৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা । অসমৰ 11 খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে ৷ ইয়াৰে 5 গৰাকী ন-বিজেপি ৷ যাৰ ফলত বৰ্তমানৰ কেবাগৰাকীও সাংসদৰ নাম কৰ্তন কৰা হৈছে ৷

ডিব্ৰুগড় সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঠাইত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক । শোণিতপুৰ লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসৰ ঠাইত বিজেপিয়ে প্ৰক্ষেপ কৰিছে ৰঞ্জিত দত্তক ৷

আনহাতে, ডিফু সমষ্টিত সাংসদ হৰেন ছিং বে’ৰ ঠাইত প্ৰাৰ্থিত্ব দিয়া হ’ল অমৰ ছিং বে’ক । আনহাতে গুৱাহাটী সমষ্টিৰ টিকট হেৰুৱালে সাংসদ কুইন ওজাই । এগৰাকী বিফল সাংসদৰূপে চৰ্চিত কুইন ওজাৰ বিপৰীতে বিজুলী কলিতা মেধিক দলে প্ৰদান কৰিছে প্ৰাৰ্থিত্ব ৷

ইয়াৰোপৰি, সাংসদ ৰাজদীপ ৰায়ৰ পৰিৱৰ্তে বিজেপিয়ে এইবাৰ দিল্লীলৈ যোৱাৰ সুযোগ প্ৰদান কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ৷

লগতে পঢ়ক:নিৰ্বাচনৰ দিন ঘোষণাৰ পিচতহে বিপিএফৰ প্ৰাৰ্থী ঘোষণা :হাগ্ৰামা

ABOUT THE AUTHOR

...view details