বঙাইগাঁও:সমাগত উপ-নিৰ্বাচন । ইতিমধ্যে উপ-নিৰ্বাচনক লৈ অসমৰ পাঁচোটা বিধানসভা সমষ্টিত বলিছে গৰম বতাহ । মঙলবাৰে বঙাইগাঁও জিলাৰ বৰপাৰাস্থিত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অসম গণ পৰিষদ আৰু বিজেপিৰ এখনি যৌথ সভা অনুষ্ঠিত কৰা হয় । বঙাইগাঁও বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক লৈ আজিৰ এই সভা অনুষ্ঠিত কৰা হয় । সভাত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ তথা অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে বঙাইগাঁও বিধানসভাৰ উপ-নিৰ্বাচনৰ অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীসহ অগপ আৰু বিজেপি দলৰ নেতাসকল ।
আগন্তুক উপ-নিৰ্বাচনৰ বিভিন্ন ৰণকৌশল সন্দৰ্ভত আজিৰ এই সভাত আলোচনা কৰা হয় । সভাৰ অন্তত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ সংবাদমাধ্যমৰ আগত কয়, "বঙাইগাঁও বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত । আজিৰ তাৰিখত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ’লে কমেও ৩০ হেজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব দীপ্তিময়ী চৌধুৰী ।"