ETV Bharat / politics

গো-হত্যা কৰি চামগুৰিত জয়ী হৈছে বিজেপি: ভূপেন বৰা - ASSAM BY POLLS 2024

‘‘চামগুৰিত জিকিবলৈ বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গো-হত্যা কৰিছে ৷ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল হ’ব ৷’’ ভূপেন বৰা ৷

Assam By polls 2024
ভূপেন বৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 7:47 AM IST

বিশ্বনাথ: যোৱা 23 নৱেম্বৰত ঘোষণা হোৱা উপ-নিৰ্বাচনৰ ফলাফলত ৰাজ্যৰ পাঁচোটা নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিতে পৰাজয়ৰ মুখ দেখিব লগা হ’ল বিৰোধী শক্তিয়ে । ইয়াৰ লগে লগে এতিয়া ৰাজ্যত অনুষ্ঠিত হোৱা পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ দল এতিয়া সমালোচনা সন্মুখীন হৈছে । কাৰণ পূৰ্বে বিৰোধী ঐক্য মঞ্চত থকা কংগ্ৰেছ দলে এইবাৰ উপ-নিৰ্বাচনত নিজাকৈ পাঁচোটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াই মুখ ঠেকেচা খাব লগীয়া হ’ল ৷

উপ-নিৰ্বাচনত বিপৰ্যয়ৰ কাৰণ বিচাৰি পাঁচোটা সমষ্টিৰ পৰা তিনিটাকৈ প্ৰতিবেদন বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ পাঁচটা সমষ্টিৰ পৰা 5 গৰাকী নিৰ্বাচনী তত্বাৱধায়কৰ লগতে জিলা সভাপতি, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদকসকলে পৰ্যায়ক্ৰমে প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ এসপ্তাহৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে সভাপতি ভূপেন বৰাই ৷ তেওঁ কয় যে, অগপৰ দিনৰে পৰা যি দলৰে চৰকাৰ থাকে উপ-নিৰ্বাচনত সেই দলৰে প্ৰাৰ্থী জয়ী হৈ আহিছে ৷

ভূপেন বৰাৰ মন্তব্য (ETV Bharat)

উপ-নিৰ্বাচনত পৰাস্ত হ’লেও আগতকৈ প্ৰদৰ্শন উন্নত হোৱা বুলি দাবী কৰিছে ভূপেন বৰাই ৷ তেওঁ কয় যে ছিদলীক বাদ দি বাকী চাৰিটা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰদৰ্শন ভাল হৈছে ৷ নিৰ্বাচনৰ কাৰণসমূহ পৰ্যবেক্ষণৰ বাবে নিৰ্বাচনী তত্বাৱধায়ক সংশ্লিষ্ট জিলাৰ কংগ্ৰেছ সভাপতি, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদকক কি কি আসোঁৱাহ আছিল সেই বিষয়ে প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ সেই প্ৰতিবেদন দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ বিষয়-ববীয়াৰ আগত দাখিল কৰি পৰাজয়ৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব ৷

চামগুৰি সমষ্টিত বিজেপিৰ জয় সন্দৰ্ভত তেওঁ কয়, ‘‘চামগুৰিত জিকিবলৈ বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গো-হত্যা কৰিছে ৷ গো-মাতাক পূজা কৰা, গো-মাতাৰ সুৰক্ষাৰ বাবে আন্দোলন কৰা বিজেপিয়ে গো-হত্যা কৰাৰ খবৰ আছে ৷’’ তেওঁ লগতে কয়, ‘‘চাৰিমাহকৈ ঝাৰখণ্ডত বাহৰ পতা হিমন্ত বিশ্ব শৰ্মাই বিজেপিক জিকাব নোৱাৰিলে ৷ বিজেপিৰ কপাল ভাল যে হিমন্ত বিশ্ব শৰ্মাক মহাৰাষ্ট্ৰলৈ নপঠিয়ালে ৷’’

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে, ৰাজ্যিক পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰাটো সম্ভৱ নহয় ৷ কিন্তু সকলো ভাবি-চিন্তি সিদ্ধান্ত ল’ব লাগিব ৷ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল হ’ব বুলিও তেওঁ মত ব্যক্ত কৰে ৷ ইফালে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাত বিলম্ব হোৱা সন্দৰ্ভত তেওঁ কয় যে বিজেপি চৰকাৰে ক্ষমতা কেন্দ্ৰীভূত কৰি পঞ্চায়তৰ ধন দিছপুৰত ভাগ কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৷ ৰাজীৱ গান্ধীয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে পঞ্চায়ত ব্যৱস্থাত যি পৰিৱৰ্তন সাধিছিল আজি বিজেপিয়ে সেয়া নোহোৱা কৰি পেলালে ৷ লগতে উপ-নিৰ্বাচনৰ সময়ত তিনি গগৈৰ মাজত সৃষ্টি হোৱা সংঘাত অচিৰেই দূৰ কৰিব বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনে আৰু পিছলৈ ঠেলিছে ৰাজ্যৰ বিজেপি বিৰোধী মিত্ৰতাক

ঝাৰখণ্ডত বিজেপি জিকিব বুলি কেতিয়াও দাবী কৰা নাছিলোঁ: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.