গুৱাহাটী : ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছেমি ফাইনেল বুলি বিবেচিত অসমত অনুষ্ঠিত বিধানসভাৰ উপ-নিৰ্বাচনত বিজেপিৰ ৫-০ ব্যৱধানত ক্লিন ছুইপে ৰাজ্যখনত কংগ্ৰেছকে ধৰি বিৰোধী দলক পশ্চাদমুখী কৰি তুলিছে নেকি ? নিৰ্বাচনৰ বিপৰ্যয়ৰ পিছত বিৰোধীয়ে পুনৰ একত্ৰিত হৈ ২০২৬ চনত বিজেপিৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিবনে ? এয়া অসমৰ ৰাজনীতিত আজিৰ তাৰিখত আটাইতকৈ চৰ্চিত তথা গুৰুত্বপূৰ্ণ বিষয় ।
কিয়নো হৈ যোৱা উপ-নিৰ্বাচনত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ উদ্যোগত বিহালী বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দিবলৈকে দলটোৱে বিজেপি বিৰোধী মিত্ৰজোঁট 'অসম সন্মিলিত মৰ্চা'কেই ভংগ কৰি দিছিল । পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধীৰ অসম সন্মিলিত মৰ্চাই চাৰিটা সমষ্টি কংগ্ৰেছক এৰি দি একমাত্র বিহালী সমষ্টিটো চি পি আই-এম এলক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।
কিন্তু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বক সৈমান কৰাই দলত যোগদান নকৰাকৈয়েই জয়ন্ত বৰা নামৰ বিজেপিৰ এজন নেতাক প্ৰাৰ্থিত্ব দিছিল কংগ্ৰেছে ৷ যিটো বিষয়ক লৈ গৌৰৱ গগৈ আৰু এ পি চি চিৰ সভাপতি ভূপেন বৰাৰ মত পাৰ্থক্য স্পষ্ট হৈ পৰিছিল । উপ-নিৰ্বাচনত ০-৫ ব্যৱধানত কংগ্ৰেছৰ শোচনীয় পৰাজয় হোৱাৰ পিছতেই অসমৰ বিজেপি বিৰোধী মৰ্চাক ব্যৰ্থ আখ্যা গৌৰৱ গগৈৰ । এককথাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিং আৰু এ পি চি চিৰ সভাপতি ভূপেন বৰাৰ উদ্যোগত গঠিত উপ-নিৰ্বাচনৰ আগে আগে ভংগ হোৱা বিৰোধী মৰ্চাৰ প্ৰাসংগিকতাক নস্যাৎ কৰিলে গৌৰৱ গগৈয়ে ।
হোটেল লিলি আৰু বিৰোধীৰ ৰাজনীতিৰ মেৰপেঁচ
ভংগ হোৱা কংগ্ৰেছ নেতৃত্বাধীন অসমৰ বিজেপি বিৰোধী ঐক্যমঞ্চৰ বৈঠকসমূহ হৈছিল গুৱাহাটীৰ হোটেল লিলিত । ইয়াকে লৈ তীব্ৰ কটাক্ষ কৰিছিল বিজেপিয়ে । বিজেপিৰ পিছত উপ-নিৰ্বাচনকালীন সময়ত খোদ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়েই কটাক্ষ কৰিলে হোটেল লিলিৰ বৈঠকবোৰক ৷ উপ-নিৰ্বাচনৰ ফলাফলত আটাইকেইখন আসনতে পৰাজয় হোৱাৰ পিছতো গৌৰৱ গগৈয়ে মন্তব্য কৰিলে, “হোটেল লিলি নালাগে ৷ চাহ দোকানতেই বহিব লাগে । হোটেল লিলি ফেইল হ’ল । ৰাস্তাৰ চাহ দোকানত বহিলে আমি ভাল পাম । বিহালীত ভাল ভাল ধাবা দেখিছোঁ ৷ বিহালীত বহিম আমি ।”
গৌৰৱ গগৈৰ এই ভাষ্যৰ বিপৰীতে মন্তব্য কৰে এ পি চি চিৰ সভাপতি ভূপেন বৰাই । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ অসমত বিজেপি-বিৰোধী মিত্ৰজোঁটৰ পোষকতা কৰি ভূপেন বৰাৰ মন্তব্য, “একত্ৰিত বিৰোধীয়ে ‘লিলিত বহিলেহে বিজেপি হিলিব’ ৷ ২০২৬ চনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে বিজেপি-বিৰোধী দল-সংগঠন, কবি, সাহিত্যিক, শিল্পীসহ সকলো পৰ্যায়ৰ ৰাইজৰ লগত কথা পাতিব আৰু পৰামৰ্শ গ্ৰহণ কৰিব ।”
উপ-নিৰ্বাচনত কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা দিলেও বিজেপিক ২০২৬ চনত প্ৰতিহত কৰাৰ স্বাৰ্থত পুনৰ একত্ৰিত হোৱাৰ পোষকতা কৰিছে প্ৰায়বোৰ বিৰোধী দলে । ভংগ হোৱা বিৰোধী মৰ্চাৰ সম্পাদকৰ দায়িত্বত থকা আঞ্চলিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মন্তব্য, “কংগ্ৰেছে বিৰোধীৰ একতা বুজি নোপোৱাৰ বাবে উপ-নিৰ্বাচনত ইমান বেয়া ফলাফল হ’ল । বিৰোধীৰ ঐক্য অবিহনে ২০২৬ চনত বিজেপিৰ পৰাজয় অসম্ভৱ ৷”
আঞ্চলিক দল 'ৰাইজৰ দল'ৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ উপ-নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা লৈ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলাৰ পোষকতা । অখিল গগৈৰ এই প্ৰসংগত মন্তব্য, “গৌৰৱ গগৈৰ অহংকাৰৰ বাবেই আজি ৫ খন আসনত অসমত বিজেপি জিকি গ’ল । ইয়াৰ পৰা আমি এটাই শিক্ষা ল’ব লাগিব যে ২০২৬ চনত আমি আকৌ একলগ হ’ব লাগিব ৷ কিন্তু কংগ্ৰেছে তেওঁলোকৰ অহংকাৰ ত্যাগ কৰিব লাগিব ।”
অসম কংগ্ৰেছত যেন এতিয়া গৌৰৱ গগৈৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত ৷ উপ-নিৰ্বাচনত প্ৰথমে বিজেপি নেতাক কংগ্ৰেছৰ টিকট প্ৰদান আৰু পিছদিনাহে দলত যোগদান কৰা কথাই তাকেই প্ৰমাণ কৰিলে ৷ এতিয়া বিজেপি বিৰোধী ঐক্যমঞ্চক গৌৰৱ গগৈয়ে নস্যাৎ কৰি কটাক্ষ কৰাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে উপ-নিৰ্বাচনত ৫ খন আসনতেই বিজেপিয়ে ক্লিন ছুইপ কৰাৰ পিছত অসমত ২০২৬ চনৰ বাবে বিজেপি বিৰোধী মিত্ৰতা বেকফুটলৈ গতি কৰিছে নেকি ?