ETV Bharat / entertainment

মই মোৰ ভিতৰত থকা শিল্পীসত্তাটো হেৰুৱাব নোখোজো... - DEEPAK SARMA UPLOAD A FACEBOOK POST

আৰ্থিক সংকটত বাঁহীবাদক দীপক শৰ্মা । ফেচবুক প'ষ্টৰ জৰিয়তে বাঁহী বজাবলৈ এখন মঞ্চৰ লগতে ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰিলে শিল্পীগৰাকীয়ে ।

Why did flute artist Deepak Sarma upload a Facebook post seeking financial help?
তীব্ৰ আৰ্থিক সংকটত বাঁহীবাদক দীপক শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 28, 2024, 9:42 PM IST

গুৱাহাটী: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি সমাদৰ লভা তথা বাঁহীৰে জগত জিনা শিল্পী দীপক শৰ্মাৰ ফেচবুকত এক আবেগিক প'ষ্ট । ফেচবুক প'ষ্টৰ জৰিয়তে জনালে শিল্পীগৰাকীৰ তীব্ৰ আৰ্থিক সংকটৰ কথা । ফেচবুক প'ষ্টৰ জৰিয়তে অসুস্থ দেহাৰেও শিল্পীগৰাকীয়ে বিচাৰিলে বাঁহী বজাবলৈ এখন মঞ্চ ।

শিল্পীগৰাকীয়ে ফেচবুক প'ষ্টযোগে উল্লেখ কৰে "বহুদিন বাঁহীৰ অনুষ্ঠান নাই, অলপ পইচাৰ অভাব হৈছে, ৰাইজে যদি অলপ সহায়ৰ হাত আগবঢ়াই মই আপোনাৰ প্ৰতি কৃতজ্ঞ থাকিম । শ্ৰদ্ধাৰে বাঁহীবাদক দীপক শৰ্মা । মোৰ ৯৮৬৪০৫৫৪০০ এইটো নম্বৰত G-pay কৰিব পাৰে আৰু তলত একাউণ্ট নং-৩০৫০৯২১৪৫১৫, IFSC code-SBIN0007202 Dipak Sarma" ৷

তীব্ৰ আৰ্থিক সংকটত বাঁহীবাদক দীপক শৰ্মা (ETV Bharat Assam)

এটা সময় আছিল, বাঁহী বাদক দীপক শৰ্মা বুলি ক'লে একো পৰিচয়ে নালাগিছিল । তেখেতৰ বাঁহীৰ সুৰেৰে জিনিছিল জগত । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি বাঁহীৰে জগত জিনা শিল্পী দীপক শৰ্মাক যেন আজি পাহৰিলে জনতাই ! দীৰ্ঘদিন ধৰি লিভাৰ সংৰোপণৰ বাবে যথেষ্ট টকা ব্যয় কৰিবলগীয়া হৈছে দীপক শৰ্মাই । যাৰ বাবে এতিয়া তীব্র আৰ্থিক সংকটত ভুগিছে শিল্পীগৰাকীয়ে ।

শিল্পীগৰাকীৰ শেহতীয়া স্বাস্থ্যৰ পৰিস্থিতি সন্দৰ্ভত কয়,"বৰ্তমান মই দিল্লীলৈ তিনিবাৰ গ'লো । কিবা কিবি অস্ত্ৰোপচাৰো কৰা হৈছে । শেহতীয়াকৈ এমাহৰ ভিতৰতে দুবাৰকৈ যাবলগীয়া হৈছে । পূৰ্বে মই অসুস্থ হৈ থাকোতে মোৰ বন্ধু কেইজনমানে মিলি এটা ফেচবুক প'ষ্টযোগে মোৰ বাবে সহায় বিচাৰিছিল আৰু ৰাইজে যথেষ্টখিনি সহায়ো কৰিছে । কিন্তু এইবাৰ মই নিজেই সহায় বিচাৰি পোষ্টটো দিছোঁ । কাৰণ মোৰ হাতত বৰ্তমান কোনো অনুষ্ঠানো নাই । লগতে যিহেতু প্ৰটিনজাতীয় খাদ্যৰ পৰা আৰম্ভ কৰি ঔষধ আদি খাই থাকিবলগীয়া হৈছে, এইবোৰ কাৰণতে মই প'ষ্টটো দিবলগীয়া হ'ল ।"

শেহতীয়াকৈ কেতিয়া অনুষ্ঠান পৰিৱেশন কৰিছিল শিল্পীগৰাকীয়ে?

এই সন্দৰ্ভত শৰ্মাই কয়,"মাজতে মই অকমান ভাল পাইছিলোঁ । তেতিয়া কেইখনমান মই অনুষ্ঠান কৰিছিলোঁ । তাৰে ভিতৰত নলবাৰীৰ লগতে খানাপাৰাত এটা অনুষ্ঠান কৰিছিলোঁ । লগতে আকাশবাণীতো অনুষ্ঠান কৰিছিলোঁ ।"

চৰকাৰৰ প্রতি কি আহ্বান শিল্পীগৰাকীৰ ?

এইক্ষেত্ৰত শিল্পীগৰাকীয়ে কয়,"চৰকাৰে যদি মোক মিউজিকেল বা সংস্কৃতিক বিভাগত এটা চাকৰি দি সহায় কৰিব পাৰে । এইসমূহ বিভাগত অধ্যক্ষ আদিকে ধৰি বিভিন্ন পদ খালী হৈ আছে । যদি চৰকাৰে মোক এটা সংস্থাপন দি সহায় কৰে তেন্তে মোৰ বহুত সহায় হ'ব ।"

লগতে পঢ়ক: Flutist Dipak Sharma hospitalized: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা অসুস্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.