ETV Bharat / state

অসম আৰক্ষীয়ে কৰিব নোৱৰা কাম কৰি দেখুৱাইছে নাগালেণ্ডৰ দুৰ্বৃত্তই - KIDNAPPING IN CHARAIDEO NAMTOLA

অসমৰ ড্ৰাগছ ব্যৱসায়ীৰ বাবে নাগালেণ্ডৰ নগা সমাজ ধ্বংস হোৱাৰ অভিযোগ । চৰাইদেউৰ নামতোলাৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ অপৰাধত অপহৰণ কৰা অপহৃতৰ অন্য এটা ভিডিঅ' মুকলি ।

Naga society in Nagaland is destined to be destroyed by drug peddlers in Assam
অসম আৰক্ষীয়ে কৰিব নোৱৰা কাম কৰি দেখুৱাইছে নাগালেণ্ডৰ নগা দুৰ্বৃত্তই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 10:45 PM IST

মৰাণ: অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে নগা দুৰ্বৃত্তই । চৰাইদেউৰ নামতোলাত অসমৰ ড্ৰাগছ সৰবৰাহকাৰীক অপহৰণ কৰি উদঙাই দিলে অসমত চলি থকা ড্ৰাগছৰ গোপন বজাৰ । চৰাইদেউৰ অসম নগালেণ্ড সীমান্তত আৰক্ষী চকীৰ ওচৰতে অসমৰ ব্যৱসায়ীয়ে গোপনে ড্ৰাগছ সৰবৰাহ কৰি থকাৰ পাছতো আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত নগা দুৰ্বৃত্তই সংঘটিত কৰিছে অপহৰণকাণ্ড ।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে নগা দুৰ্বৃত্তই । চৰাইদেউৰ নামতোলাত অসমৰ ড্ৰাগছ সৰবৰাহকাৰীক অপহৰণ কৰি উদঙাই দিলে অসমত চলি থকা ড্ৰাগছৰ গোপন বজাৰ ।

অসম আৰক্ষীয়ে কৰিব নোৱৰা কাম কৰি দেখুৱাইছে নাগালেণ্ডৰ নগা দুৰ্বৃত্তই (ETV Bharat Assam)

উল্লেখযোগ্য অসম আৰক্ষীক অস্তিত্বহীন কৰি সোমবাৰে সন্ধিয়া নামতোলা আৰক্ষী চকীৰ নিচেই কাষৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই অপহৰণ কৰিছিল অসমৰ ব্যৱসায়ীক । মুছলেক আলী নামৰ লোকজনক নিজা ব্যৱসায় প্ৰতিষ্ঠানত বহি থকা সময়ত অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল । অপহৰণ কোনে কৰিছে সেই সম্পৰ্কত কোনো তথ্য আজিও উদঘাটন কৰিব পৰা নাই অসম আৰক্ষীয়ে ।

অপহৰণৰ পিছদিনাই অপহৰণকাৰীয়ে ৰাজহুৱা কৰিছিল অপহৃত ব্যৱসায়ী মুছলেক আলীৰ বিস্ফোৰক ভিডিঅ' বাৰ্তা । অপহৰণকাৰীৰ কৱলত থকা গোপন স্থানৰ পৰা প্ৰেৰণ কৰা হৈছিল ভিডিঅ'টো । ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ বাবে নগাৰ ৰোষত পৰিছে মুছলেক আলী সেই কথা নিশ্চিত হৈছে ভিডিঅ' বাৰ্তাৰ জৰিয়তে । ইয়াৰ পাছতে আজি পুনৰ মুছলেক আলীৰ অন্য এটা ভিডিঅ' মুকলি নগা বিদ্ৰোহী সংগঠনৰ । ক'ত কেনেকৈ ড্ৰাগছৰ বেহা অব্যাহত ৰাখে তাৰ তথ্য সদৰী কৰিলে মুছলেক আলীয়ে ।

কি আছে অপহৃত মুছলেক আলীৰ ভিডিঅ' বাৰ্তাত:

চৰাইদেউ নামতোলাৰ মুছলেক আলীয়ে দুগা দুৰ্বৃত্তৰ কৱলৰ পৰা কয় যে চৰাইদেউৰ টাউকাক নামৰ অঞ্চলৰ পৰা ড্ৰাগছ ক্ৰয় কৰে । বহুকেইজনে ড্ৰাগছ ক্ৰয় কৰাৰ কথা অপহৰণৰকাৰীৰ আগত কৈ গৈছে । অপহৃত মুছলেক আলীয়ে ৫০ হাজাৰ টকা মুল্যত ড্ৰাগছৰ টেমা ক্ৰয় কৰে এবাৰত সেই কথা উল্লেখ কৰিছে । পূৰ্বে চাৰি বছৰ এই কাম কৰাৰ পাছত মাজতে এৰি দি পুনৰ দুটা বছৰ ড্ৰাগছ সৰবৰাহ কৰি থকাৰ কথা উল্লেখ কৰিছে ।

অপহৃত মুছলেক আলীয়ে ড্ৰাগছ ব্যৱসায় কৰি নগা সমাজক ধ্বংস কৰি থকা মূল মানুহ বুলি ভিডিঅ' বাৰ্তাত অপহৰণৰকাৰীসকলে উল্লেখ কৰিছে মুছলেক আলীৰ সন্মুখত । এই কাম পুনৰ নকৰিবলৈ সকীয়নি দিয়াৰ লগতে কৰিলে চৰম শাস্তি প্ৰদান কৰা হ'ব বুলিও সকীয়াই দিয়া হৈছে ।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ গৃহ বিভাগে জিলাই জিলাই ড্ৰাগছ দহন কাৰ্যসূচী কৰি একপ্ৰকাৰে অসমক ড্ৰাগছমুক্ত কৰা বুলি জাহিৰ কৰি আহিছে । কিন্তু অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান যে সফল হোৱা নাই সেই কথা বুজাই দিছে নগা দুৰ্বৃত্তই । অসম-নাগালেণ্ডৰ সীমান্তত মুকলিকৈ চলি থকা ড্ৰাগছ সৰবৰাহৰ বাস্তৱ ছবিখন উদঙাই দিছে এই অপহৰণৰকাণ্ডৰ দ্বাৰা নগা দুৰ্বৃত্তই ।

লগতে পঢ়ক: চাঞ্চল্যকৰ অপহৰণ; অসম-নাগালেণ্ডৰ সীমান্তৰ নামতোলাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ

কিয় অপহৃত মুছলেক আলী: অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ বাৰ্তাত দোষ স্বীকাৰ

নামতোলাত অপহৰণৰ ঘটনাৰ বুজ ল'লে শীৰ্ষ আৰক্ষী বিষয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.