নেশ্যনেল ডেস্ক, 28 জানুৱাৰী:আজি দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দেওবাৰ ৷ কিয়নো বিহাৰৰ মুখ্যমন্ত্ৰী তথা INDI মিত্ৰজোঁটৰ এগৰাকী অন্যতম সদস্য নীতিশ কুমাৰে বিজেপি দলত যোগদান কৰিব নে নাই সেই সন্দৰ্ভত বৰ্তমানেও ৰাজ্যৰ ৰাজনীতিত উৎকণ্ঠা অব্যাহত ৷বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যদিহে মতামত সলনি কৰে তেন্তে বিগত দশকত কুমাৰৰ চতুৰ্থটো এনে পদক্ষেপ আৰু এই কাৰ্যকালত দ্বিতীয়টো হ’ব ।
উল্লেখ্য যে, কেন্দ্ৰৰ বিজেপি চৰকাৰক উফৰায় পেলোৱাৰ উদ্দেশ্যৰে 18 মাহ পূৰ্বে গঠন কৰা হৈছিল মহাগঠবন্ধন ৷ বিৰোধী ব্লক INDIA ৰ এগৰাকী অন্যতম অংশীদাৰ আছিল নীতিশ কুমাৰ তথা তেওঁৰ দল ৷ নীতিশ কুমাৰৰ ঘনিষ্ঠ এক সূত্ৰই কয় যে দেওবাৰে জেডিইউৰ সভাপতিগৰাকীয়ে পদত্যাগ কৰাৰ লগতে নতুন ৰাজ্য চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে ৷
দলটোৰ ৰাজনৈতিক উপদেষ্টা তথা মুখপাত্ৰ কে চি ত্যাগীয়ে দিল্লীত সংবাদ মাধ্যমৰ আগত বিহাৰৰ মিত্ৰজোঁটৰ চৰকাৰখন পতনৰ উপক্ৰম হোৱা বুলি কয় আৰু কংগ্ৰেছ নেতৃত্বৰ এটা শ্ৰেণীয়ে কুমাৰক বাৰে বাৰে “অপমান” কৰাৰ অভিযোগ উত্থাপন কৰে ।