যোৰহাট, 31 জানুৱাৰী:পুনৰ ১২ ফেব্ৰুৱাৰীত যোৰহাট সদৰ থানাত উপস্থিত হ’ব লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত নিয়ম উলংঘা কৰাৰ অভিযোগত অভিযুক্ত ভূপেন বৰা বুধবাৰে হাজিৰ হয় যোৰহাট সদৰ থানাত ৷ থানাৰ পৰা ওলাই আহি পুনৰ চৰকাৰৰ কৰ্মকাণ্ডক কঠোৰ সমালোচনা কৰে সভাপতি বৰাই ।
বুধবাৰে যোৰহাট সদৰ থানাত তিনি ঘন্টাৰো অধিক সময় তদন্তকাৰীৰ বিষয়াৰে প্ৰশ্নোত্তৰ সন্মুখীন হোৱাৰ পিচত ভূপেন বৰাই সাংবাদিকৰ আগত কয় যে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এনে ধাৰা লগাই গোচৰ ৰুজু কৰিছে ৷ যি স্থানত ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰৱেশ কৰিছিল সেই স্থানত নামমাত্ৰ আৰক্ষী থকাৰ লগতে কোনো বেৰিকেডৰ ব্যৱস্থা কৰা নাছিল বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
আনহাতে যোৰহাট থানাত ভূপেন বৰাক সংগ প্ৰদান কৰি বিৰোধী দলপতি দেব্ৰৱত শইকীয়াই কয় যে ভাৰতীয় সংবিধান আৰু আইন মানি চলিব তেওঁলোকে ৷ ইয়াৰোপৰি তেওঁ কয় যে ভূপেন বৰা ১২ ফেব্ৰুৱাৰীত পুনৰ হাজিৰ হ’ব লাগিব । আনহাতে আৰক্ষীক ‘বিজেপি আৰক্ষী’ নহ’বলৈ আহ্বান জনায় ভূপেন বৰাই ।