অসম

assam

ETV Bharat / politics

১০ বছৰত বদৰুদ্দিন আজমলৰ সম্পত্তি বাঢ়িল ১০৮ কোটি টকা - Property of Badruddin Ajmal - PROPERTY OF BADRUDDIN AJMAL

Affidavit of Badruddin Ajmal : দহ বছৰত সাংসদ বদৰুদ্দিন আজমলৰ সম্পত্তি বৃদ্ধি পালে প্ৰায় তিনিগুণলৈ । ২০১৪ ত আজমলে দাখিল কৰা শপতনামা অনুসৰি সম্পত্তিৰ পৰিমাণ আছিল ৪৩ কোটি টকা । ২০২৪ ত সম্পত্তিৰ পৰিমাণ হ'লগৈ ১৫১ কোটি টকা । মনোনয়ন দাখিল কৰা প্ৰাৰ্থী সকলৰ ভিতৰত সাংসদ আজমল সবাটোকৈ বেছি সম্পত্তিশালী।

MP Badruddin Ajmal
সাংসদ বদৰুদ্দিন আজমল

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 3:51 PM IST

গুৱাহাটী, ১৯ এপ্রিল: সকলো সময়তে বিজেপিক কটাক্ষ আৰু সমালোচনা কৰা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ সম্পত্তি বিজেপি চৰকাৰৰ দিনতে দোপতদোপে বৃদ্ধি পালে । ধুবুৰী সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সাংসদ আজমলে দাখিল কৰা শপতনামাত তাৰেই প্ৰতিফলন ঘটিছে । বিজেপি চৰকাৰৰ বিগত দহ বছৰৰ কাৰ্যকাল প্ৰকৃততে আজমলৰ বাবে ভাল দিন আছিল । কাৰণ এই দহ বছৰত আজমলৰ সম্পত্তিৰ পৰিমাণ প্ৰায় তিনি গুণ বৃদ্ধি পালে ।

সাংসদ বদৰুদ্দিন আজমল

লক্ষণীয় বিষয় যে ২০১৪ ৰ লোকসভা নিৰ্বাচনৰ সময়ত আজমলে দাখিল কৰা শপতনামা অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৪৩ কোটি টকা । কিন্তু ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাংসদ আজমলে দাখিল কৰা শতপনামা অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫১ কোটি টকা । বিগত ১০ বছৰত সাংসদ আজমলৰ সম্পত্তি ১০৮ কোটি টকা বৃদ্ধি পালে । বিজেপি চৰকাৰৰ বিগত দহ বছৰীয়া কাৰ্যকালত সাংসদ আজমলৰ সম্পত্তি বৃদ্ধিৰ হাৰ প্ৰায় তিনিগুণ ।

উল্লেখ্য যে অগৰু ব্যৱসায়ী হিচাপে প্ৰখ্যাত আজমলৰ ব্যৱসায় বিজেপি চৰকাৰৰ দিনত দোপতদোপে আগুৱাই গৈছে । আনকি আজমলে তেওঁৰ ব্যৱসায়ৰ ক্ষেত্রত মোদী চৰকাৰৰ পৰা সহযোগিতা লাভ কৰাৰ কথা পূৰ্বতেই সদৰী কৰিছিল। অগৰু ব্যৱসায়ৰ ক্ষেত্রত পূৰ্বতে থকা বহু বাধা-নিষেধাজ্ঞা বিজেপি চৰকাৰে যথেষ্ট শিথিল কৰা বুলিও মন্তব্য কৰিছিল আজমলে । যাৰ বাবেই হয়টো সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে বদৰুদ্দিন আজমলে ।

সাংসদ আজমলে শপতনামাত দাখিল কৰা তথ্য অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫১,৭১,১৩,৭৯৩ টকা। ইয়াৰে অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৮,৩৪,৪০,০৬০ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১২৩,৩৬,৭৩,৭৩৩ টকা । ইফালে, বিশাল সম্পত্তিৰ গৰাকী আজমলৰ হাতত নগদ ধন হিচাপে জমা আছে ২,১৫,৩৪৫ টকা । আনহাতে, সাংসদ আজমলৰ বেংকত জমা আছে ৪৮.২৩ লাখ টকা, বণ্ড তথা শ্বেয়াৰত বিনিয়োগ আছে প্রায় ১১ কোটি টকা, কোম্পানী আৰু ন্যাসত বিনিয়োগ আছে ১৫ কোটি টকা । ৯০ লাখ টকা মূল্যৰ ৯খন বিলাসী বাহনৰ মুৰব্বী আজমলৰ ১২ লাখ টকাৰ আ-অলংকাৰ আছে ।

ইফালে, শপতনামা অনুসৰি আজমলৰ পত্নীৰ নামত নাই কোনো আ-অলংকাৰ । অৱশ্যে আজমলৰ পত্নীৰ নামত আছে ৫৪,৭৬,৮৩৫ টকাৰ অস্থাৱৰ সম্পত্তি আৰু ২.৮১ কোটি টকাৰ স্থাৱৰ সম্পত্তি । আনহাতে, আজমলৰ ৪২ লাখ টকা মূল্যৰ কৃষিভূমি, ৬৬ কোটি টকা মূল্যৰ অ-কৃষিভূমি আৰু ৫৮ কোটি টকা মূল্যৰ আৱাসিক অট্টালিকা আছে । উল্লেখ্য যে ধুবুৰী সমষ্টিৰ পৰা একেলেথাৰিয়ে তিনিবাৰকৈ সাংসদ হোৱা আজমলে ২০০৯ ত প্ৰথম বাৰৰ বাবে সাংসদ হিচাপে জয় হয় । সেই সময়ত আজমলৰ সম্পত্তিৰ পৰিমাণ আছিল ৩০ কোটি টকা ।

আনহাতে, ২০১৪ ত সেই পৰিমাণ ৪৩ কোটি টকালৈ বৃদ্ধি পায় । পাঁচ বছৰত বৃদ্ধি পালে ১৩ কোটি টকা । ইয়াৰ পিচত ২০১৯ত আজমলৰ সম্পত্তিৰ পৰিমাণ বৃদ্ধি হৈ ৭৮.৮০ কোটি টকা হয়গৈ । পাঁচ বছৰত বৃদ্ধি পালে ৩৫.৮০ কোটি টকা । ২০১৪ত কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ হোৱাৰ পাচতেই সাংসদ আজমলৰ সম্পত্তিয়ে বিশাল পৰিসৰ লাভ কৰে । ২০১৯ ত ৭৮.৮০ কোটি টকাৰ সম্পত্তি থকা আজমলৰ সম্পত্তি ২০২৪ত ১৫১.৭১ কোটি টকালৈ বৃদ্ধি পালে । অৰ্থাৎ পাঁচ বছৰত আজমলৰ সম্পত্তি প্ৰায় ৭৩ কোটি টকা বৃদ্ধি পালে ।

উল্লেখ্য় যে বিজেপি চৰকাৰৰ দিনত আজমলৰ ঐশ্বৰ্য্যই আৰু অধিক গতিশীলতা লাভ কৰে । এতিয়ালৈ মনোনয়ন দাখিল কৰা সকলো প্ৰাৰ্থীৰ ভিতৰত সাংসদ আজমল সবাটোকৈ বেছি সম্পত্তিশালী । ইফালে, সাংসদ আজমলৰ বিৰুদ্ধে ধর্মীয় বিষবাষ্প বিয়পোৱাৰ অভিযোগত কৰিমগঞ্জ থানাত এটা গোচৰ ৰুজু হৈ থকাৰ উপৰি বৈঠালাংচু থানাত আন এটা গোচৰ ৰুজু হৈ আছে । দুয়োটা গোচৰে ২০২২ৰ । আনহাতে, সাংসদ আজমলৰ শিক্ষাগত অহৰ্তা হৈছে ফাজিল (Fazil) পৰীক্ষা উত্তীৰ্ণ। তেওঁ উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দৰ পৰা ১৯৭৫ ত ফাজিল পৰীক্ষা উত্তীৰ্ণ হয় ।

ABOUT THE AUTHOR

...view details