অসম

assam

ETV Bharat / politics

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ কমিটি গঠন - Panchayat delimitation

Assam Pradesh Congress Committee : পুনৰ নিৰ্ধাৰণ কৰা হ’ব পঞ্চায়তৰ সীমা ৷ ইয়াৰ বাবে কংগ্ৰেছে গঠন কৰিছে এখন কমিটি ৷ কমিটিখনে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত চোকা দৃষ্টি ৰাখিব ৷

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 10:01 PM IST

Assam Pradesh Congress committee
কংগ্ৰেছ দলৰ প্ৰতীক চিহ্ন (X/@INCAssam)

গুৱাহাটী, ৪ জুলাই : নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে কংগ্ৰেছ দল । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ হ’ব । ইতিমধ্যে ইয়াৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ কমিটি (ETV Bharat Assam)

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰাৰ বাবে কংগ্ৰেছ দলে গঠন কৰিছে ‘পঞ্চায়ত সীমা নিৰ্ধাৰণ কমিটি’ ৷ আজি এক নিৰ্দেশযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পাঁচজনীয়া এখন পঞ্চায়ত সীমা নিৰ্ধাৰণ কমিটি গঠন কৰি দিয়ে । জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীক অধ্যক্ষ হিচাপে লৈ গঠন কৰা কমিটিখনত সদস্য হিচাপে আছে মীনা তেলী, পদ্মাৱতী দাস আৰু এফ এইচ লস্কৰ আৰু আহ্বায়ক হিচাপে আছে উৎপল দলে ।

লগতে পঢ়ক:লক্ষ্য ২০২৬ চনৰ বিধানসভা নিৰ্বাচন; অসমত আপৰ সকলো সমিতি ভংগ

উক্ত কমিটিখনে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি সকলো দিশতে তীক্ষ্ণ দৃষ্টি ৰাখিব । কিবা থাকিলে কমিটিখনে চৰকাৰৰ উপযুক্ত কৰ্তৃত্বৰ সৈতে যোগাযোগ কৰি যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰিব । নিয়মৰ বাহিৰত কিবা হ’লে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিব । কমিটিখনে নিয়ম আৰু পদ্ধতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব । পঞ্চায়ত সীমা নিৰ্ধাৰণ কমিটিখনে গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত নিয়মীয়াকৈ প্ৰদেশ কংগ্ৰেছক পৰামৰ্শ আগবঢ়াব ।

উল্লেখ্য যে নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে পঞ্চায়ত আৰু ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে অলপতে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে । নিৰ্বাচনৰ পূৰ্বে সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব । গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰ সংখ্যা পূৰ্বৰ দৰে একেই থাকিব যদিও কোনোবা সমষ্টিত সাল-সলনি হ'ব পাৰে ।

লগতে পঢ়ক:প্ৰকাশ পাব পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ অধিসূচনা

একোটা ব্লকত ১৭ টাকৈ গাঁও পঞ্চায়ত থাকে । প্ৰথমে পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব আৰু তাৰ পিচত ব্লকৰ সীমা নিৰ্ধাৰণ কৰা হ'ব । ৩০ আগষ্টৰ ভিতৰত পঞ্চায়তৰ আৰু ১৫ ছেপ্টেম্বৰৰ ভিতৰত ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব । সীমা নিৰ্ধাৰণ হোৱাৰ পিচতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক:সংকটত ৰাজ্যৰ হাজাৰ হাজাৰ পঞ্চায়ত কৰ্মচাৰী, কেবিনেটৰ সিদ্ধান্তও নহ'ল কাৰ্যকৰী

ABOUT THE AUTHOR

...view details