গুৱাহাটী, ১২ মাৰ্চ :আগন্তুক লোকসভা নিৰ্বাচনৰ অসমৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ এতিয়াও শেষ হোৱা নাই উৎকণ্ঠাৰ । অৱশেষত ক’ৰ পৰা লোকসভা নিৰ্বাচন খেলিব গৌৰব গগৈয়ে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যে খবৰ অনুসৰি শেষ হ’ল অসমৰ বিৰোধে ঐক্যমঞ্চ । সঁচাকৈয়ে ১৬ টা দলৰ বিৰোধীৰ ঐক্যমঞ্চ অসমত বিফল হ’ল নেকি ? নিজে ১৩ খন আসনত প্ৰাৰ্থী দি কেৱল এখন আসনহে দিব নেকি বিৰোধীক ?
দিল্লীত কংগ্ৰেছৰ দ্বিতীয়খন তালিকাৰ বাবে এতিয়াও দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ বিশ্লেষণ পৰ্ব অব্যাহত আছে । অসমৰ কেইটামান সমষ্টিক লৈ চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই কংগ্ৰেছে ৷ বিপৰীতে বিজেপিয়ে অসমত পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে নিজৰ ১১ জন প্ৰাৰ্থীৰ বাবে । ডিব্ৰুগড়ত সোমবাৰে মহা আড়ম্বৰে নিৰ্বাচনী ৰণডংকা বজালে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ।
এই ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে আগবঢ়াব অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক । দিল্লীৰ পৰা অহা কংগ্ৰেছৰ খবৰ অনুসৰি ডিব্ৰুগড় আসনখনত কংগ্ৰেছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰূপে লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিব সেয়া নিশ্চিত হৈছে ৷ লগতে প্ৰায় নিশ্চিত হৈছে যে ডিব্ৰুগড়ৰ বাদ বাকী ১৩ খন আসনতে কংগ্ৰেছে নিজে প্ৰাৰ্থী দিব অসমত ৷
কংগ্ৰেছে ঠিৰাং কৰিছে ৯ টা সমষ্টিৰ প্ৰাৰ্থী ৷ এতিয়াও ৪টা সমষ্টিত কংগ্ৰেছ হাই কমাণ্ডে ল’ব পৰা নাই চূড়ান্ত সিধান্ত ৷ কংগ্ৰেছে নিজৰ মিত্ৰদলৰ বাবে মাত্ৰ এখন আসনহে এৰিব ৷ সেই একমাত্ৰ আসনখন হ’ল ডিব্ৰুগড়, য’ৰ পৰা অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ।
আনুষ্ঠানিক ঘোষণা বাকী যদিও খবৰ অনুসৰি কংগ্ৰেছে প্ৰাৰ্থী চুড়ান্ত কৰিছে ধুবুৰী, লখিমপুৰ, বৰপেটা, কোকৰাঝাৰ, ডিফু, গুৱাহাটী, দৰং-ওদালগুৰি, কৰিমগঞ্জ আৰু শোণিতপুৰ ৷ পূৰ্বে বৰপেটা আসনখন কংগ্ৰেছে চিপিআইক এৰি দিয়াৰ কথা আছিল যদিও খবৰ অনুসৰি এতিয়া কংগ্ৰেছে নিজে দিব প্ৰাৰ্থী ৷
সেই অনুসৰি ধুবুৰী লোকসভা আসনত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক দিব প্ৰাৰ্থিত্ব ৷ প্ৰাৰ্থিত্ব ঘোষিত নহ’লেও ইতিমধ্যে ৰকিবুল হুচেইনৰ ফ্লেক্স লগোৱা নিৰ্বাচনী প্ৰচাৰ বাহন ৰাজপথত নামি পৰিছে চিপিআইএমৰ পৰিৱৰ্তে বৰপেটাত কংগ্ৰেছে নিজে দীপ বায়নক প্ৰাৰ্থিত্ব দিয়াৰ পথত ।