অসম

assam

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 9:06 PM IST

ETV Bharat / politics

কংগ্ৰেছত অব্যাহত খহনীয়া : প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা নিৰ্বাচনী সমন্বয়ক ৰতন বড়োৰ পদত্যাগ

Erosion in Assam Congress: খহিয়েই আছে অসম কংগ্ৰেছৰ গৰা ৷ দলৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি দল এৰিছে ইজনৰ পিচত সিজন নেতাই ৷ শনিবাৰে দল ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰতন বড়োৱে ৷

Congress leader Ratan Boro
কংগ্ৰেছ নেতা ৰতন বড়োৰ পদত্যাগ

গুৱাহাটী,১৬ মাৰ্চ:লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰদেশ কংগ্ৰেছত পদত্যাগৰ তালিকাখন ক্ৰমাৎ দীঘলীয়া হ’বলৈ ধৰিছে । এজনৰ পিচত আনজনকৈ নেতাই দলত্যাগ কৰিছে । এইবাৰ দলত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা নিৰ্বাচনী সমন্বয়ক ৰতন বড়োৱে ।

উল্লেখ্য যে সুদীৰ্ঘ ২৬ বছৰ কংগ্ৰেছৰ বিভিন্ন পদবীত থাকি সেৱা আগবঢ়াই অহা ৰতন বড়োৱে ২০১৮ চনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বত আছিল ৷ আজি তেওঁ কংগ্ৰেছ দলৰ সমূহ দলীয় বিষয়বাবৰ লগতে প্ৰাথমিক সদস্য পদ ত্যাগ কৰে আৰু পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে ।

সভাপতিলৈ দিয়া পদত্যাগ পত্ৰত ৰতন বড়োৱে কয়, ‘‘প্ৰায় ২৬ বছৰে এগৰাকী কংগ্ৰেছ কৰ্মী তথা বিভিন্ন পদমৰ্যদাৰ দলীয় বিষয়ববীয়া হিচাপে কংগ্ৰেছ দলটোত সেৱা আগবঢ়াই আহিছিলোঁ ৷ তাৰ পিচত যোৱা কিছুদিনৰ পৰা উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছোঁ যে এগৰাকী ৰাজনৈতিক কৰ্মীৰ সমাজমুখী চিন্তাধাৰাক যথোপযুক্তভাৱে বিকশিত হোৱাৰ ক্ষেত্ৰ হিচাপে দলটোক গঢ়ি তোলাৰ দিশত দলটোৰ বৰ্তমানৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বই বাৰুকৈয়ে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে ।’’

তদুপৰি তেওঁ কয়, ‘‘বিশেষকৈ কোনো স্পষ্ট আদৰ্শগত অৱস্থান নোহোৱাকৈ গণবিচ্ছিন্ন চিন্তাধাৰাৰ এচাম অপৰিপক্ক মগজুৰে পৰিৱেষ্টিত হৈ থকা নেতৃত্বৰ হঠকাৰী কৰ্মৰাজিয়ে স্বাধীনতা সংগ্ৰামৰ ঐতিহ্যবাহী দলটোক ক্ৰমাগতভাৱে তিলতিলকৈ মৃত্যুৰ অটল গহ্বৰলৈ ঠেলি দিছে । অতি শেহতীয়াভাৱে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তো গণবিচ্ছিন্ন নেতৃত্বই দলীয় কৰ্মীসকলৰ আবেগ-অনুভূতিক ভৰিৰে মোহাৰি পেলোৱাৰ অলেখ ঘটনা পৰিঘটনাই সমগ্ৰ যাত্ৰাকেই কলংকিত কৰাৰ অনেক উদাহৰণো আমাৰ সন্মুখত আছে ।’’

ৰতন বড়োৱে লগতে কয়, ‘‘ মোৰ ক্ষেত্ৰত বিড়ম্বনাৰ কথাটো হ’ল সক্ৰিয়ভাৱে ৰাজনৈতিক ক্ষেত্ৰখনত পদাৰ্পণ কৰাৰ দিন ধৰি চকুত কংগ্ৰেছী চচমাযোৰ পৰিধান কৰিয়েই পৰিস্থিতি অৱলোকনৰ বাধ্যবাধকতাত বহুবোৰ বিষয় এক ভ্ৰান্ত ৰূপতহে অতদিনে মোৰ মানসপটত ধৰা দিছিল । যোৱা কিছুদিনত মই অৱলম্বন কৰা স্বেচ্ছামূলক নিষ্ক্ৰিয়তাই দলীয় বিতচকু আঁতৰাই প্ৰতিটো বিষয়ক প্ৰকৃতৰূপত অৱলোকণ কৰাৰ এক সুযোগ মোৰ সন্মুখলৈ আনি দিছিল ।

‘‘তাৰেই আধাৰত মই ডাঠি দি ক'ব পাৰো যে প্ৰকৃত অৰ্থত জনমুখী ৰাজনীতি কৰিব পৰাৰ কোনো পৰিবেশ আজিৰ দিনটোত দলটোত নাই আৰু বৰ্তমানৰ নেতৃত্বৰ সামগ্ৰিক গতিবিধিত দলটোৱে বিশ্বাসযোগ্য ৰূপত পুনৰ ঠিয় হ'ব পৰাৰ কোনো সম্ভাৱনাও অদূৰ ভৱিষ্যতলৈ নাই বুলিলেও অত্যুক্তি কৰা নহয় । এনে প্ৰেক্ষাপটতেই আত্মোপলব্ধিৰ এনে এটা পৰ্যায়ত কংগ্ৰেছ দলটোতে সুদীৰ্ঘ কাল ৰাজনৈতিক জীৱনৰ আদিপাঠ গ্ৰহণৰ কথাটো কৃতজ্ঞ চিত্তেৰে সোঁৱৰণ কৰিও নেতৃত্বৰ মন্ত্ৰণাত কক্ষচ্যুত হোৱা দলটোৰে আৰু অধিক সময় জড়িত হৈ থকাৰ কোনো অৰ্থ থাকিব নোৱাৰে । সেয়েহে দলীয় ক্ষেত্ৰখনত কাম কৰাৰ বাবে আজি অতদিনে মোক প্ৰদান কৰা সুযোগখিনিৰ বাবে আন্তৰিক ধন্যবাদ জনাই আজি আজিৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলটোৰসমূহ বিষয়বাবৰ লগতে প্ৰাথমিক সদস্যতাৰ পৰাও পদত্যাগ কৰিলোঁ ।’’

উল্লেখ্য যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ৰতন বড়ো আটাইতকৈ দীৰ্ঘ সময় জিলা তথা লোকসভা যুৱ কংগ্ৰেছৰ সভাপতি আছিল । ২০০০-০১ চনত গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ৰতন বড়ো ২০০৪ চনৰ পৰা ২০০৭ চনলৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক, ২০০৭ চনৰ পৰা ২০১১ চনলৈ গুৱাহাটী মহানগৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি, ২০১৪ চনৰ পৰা ২০১৭ চনলৈ গুৱাহাটী লোকসভা যুৱ কংগ্ৰেছৰ সভাপতি আৰু ২০১৮ চনৰ পৰা বৰ্তমানলৈ প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বত আছিল ।

লগতে পঢ়ক:দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ পদত্যাগী সাংসদ আব্দুল খালেকৰ

ABOUT THE AUTHOR

...view details