ETV Bharat / politics

অস্তিত্বৰ সংকটত ভূগিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা নেতাসকল - Congress leader joins BJP - CONGRESS LEADER JOINS BJP

New BJP leader: স্থান এৰিলে মান হেৰুওৱাৰ দৰে অৱস্থা একাংশ ৰাজনৈতিক নেতাৰ । ক্ষমতা লাভৰ আশাত কংগ্ৰেছ এৰি বিজেপিলৈ ঢাপলি মেলি এতিয়া যেন অস্তিত্বৰ সংকটত একাংশ নেতা ! অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ আশংকাত সময় পাৰ কৰা এই নেতাসকল কোন ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Switched from The Congress to the BJP
অস্তিত্বৰ সংকটত কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা নেতাসকল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 6:31 PM IST

গুৱাহাটী,৩ অক্টোবৰ: ৰাজনীতিত দল-বাগৰা কোনো নতুন কথা নহয় । সুযোগ-সুবিধাৰ বাবে ৰাজনৈতিক নেতাই দল সলনি কৰাটো তেনেই স্বাভাৱিক কথা । কিন্তু এই স্বাভাৱিক কথাৰ মাজতেই বহু সময়ত বহু নেতাৰ উত্থান হোৱা দেখা যায় আৰু বহু নেতাৰ ছন্দপতন হোৱা দেখা যায় । শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ সময়ত দল-বাগৰা একাংশ নেতাই এতিয়া ৰাজনৈতিক অস্তিত্বৰ সংকটত ভুগীবলগীয়া হৈছে ।

লক্ষণীয় বিষয় যে অসমৰ ৰাজনীতিত নীতি-আদৰ্শ তথা জনসেৱাৰ বিপৰীতে ব্যক্তিগত সুবিধাবাদে বেছিকৈ অগ্ৰাধিকাৰ লাভ কৰিছে । যাৰ বাবে এক অনাকাংক্ষিত পৰিৱেশৰ সূচনা হৈছে । বৰ্তমান সময়ত ৰাজনীতি যেন ক্ষমতা সৰ্বোচ্চ হৈ পৰিছে । মূল্যহীন হৈ পৰিছে নীতি-আদৰ্শৰ ৰাজনীতি ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে পৰিধান কৰিছিল গেৰুৱা বসন:

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনীতিত বহু পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিল । দলীয় নীতি-আদর্শ বিসৰ্জন দি নিশাটোৰ ভিতৰতে কংগ্ৰেছৰ বহু নেতাই আশাত বন্দী হৈ যোগ দিছিল শাসকীয় বিজেপি দলত । কিন্তু ততাতৈয়াকৈ বিজেপিত যোগদান কৰা একুৰিতকৈও অধিক কংগ্ৰেছী নেতাই এতিয়া ৰাজনৈতিক অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে ।

কংগ্ৰেছত থাকি পৰিচয় আৰু প্ৰসিদ্ধি লাভ কৰা নেতাসকলে এতিয়া ৰাজনৈতিক ভৱিষ্যৎ অন্ধকাৰ দেখি দিগ্বিদিক হেৰুওৱা পৰিলক্ষিত হৈছে । কাৰণ যোগদান কৰিলে যদিও বিজেপিৰ বৰঘৰত যেন প্রৱেশৰ সুবিধাই পোৱা সদ্যপ্রাক্তন কংগ্ৰেছী নেতাসকলে। আনকি দলীয় মঞ্চত বহিবলৈ এখন চকী পাবলৈ টান হৈছে তেওঁলোকৰ বাবে ।

বৰ্ষীয়ান নেতা তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা:

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ দ্বিজেন শর্মা । কেইবাদশক ধৰি তেওঁ কংগ্ৰেছৰ বৰঘৰত অত্যন্ত গুৰুত্বপূৰ্ণ পদবীত আছিল । কংগ্ৰেছতে তেওঁ ৰাজনৈতিক জীৱনৰ দীঘলীয়া ইনিংছ খেলিলে । উচ্চ সদনলৈ সাংসদ হিচাপে কংগ্ৰেছে পঠাইছিল বর্ষীয়ান নেতা দ্বিজেন শর্মাক । কিন্তু সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পূৰ্বে হঠাতে দ্বিজেন শর্মাই নীতি-আদর্শ সলনি কৰি গেৰুৱা বসন পৰিধান কৰিলে ।

Switched from The Congress to the BJP
অস্তিত্বৰ সংকটত কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা নেতাসকল (ETV Bharat Assam)

যিসময়ত ২০১৫ চনত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, মানৱ ডেকা, বলীন চেতিয়া, পল্লৱলোচন দাস, প্রদান বৰুৱা আদিয়ে বিজেপিত দপদপাই আছে সেই সময়ত কংগ্ৰেছত উক্ত সকলো নেতাতকৈ অগ্রজ দ্বিজেন শর্মা আজি শাসক দল বিজেপিৰ বৰঘৰত একপ্ৰকাৰ অস্তিত্বহীন ।

প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী:

যোৰহাটক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী । এসময়ত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অত্যন্ত বিশ্বাসভাজন আছিল ৰাণা গোস্বামী । প্রয়াত তৰুণ গগৈয়ে ৰাণা গোস্বামীক দিছিল গৃহ বিভাগৰ সংসদীয় সচিবৰ গুৰুদায়িত্ব । সময়ৰ গতিত ৰাণা গোস্বামীয়ে লাভ কৰিছিলগৈ প্রদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দৰে অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদ । কিন্তু তেওঁৰ বাবে যেন সেয়া যথেষ্ট নাছিল ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেইবাদশকজোৰা কংগ্ৰেছী আদর্শ ত্যাগ কৰি ৰাণা গোস্বামী বিজেপিৰ শৰণাপন্ন হয় । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদত থকা অৱস্থাতে বিজেপিত যোগদান কৰা ৰাণা গোস্বামী এতিয়া দলটোত গুৰুত্বহীন । যোৰহাট লোকসভাসমষ্টিত গৌৰৱ গগৈক পৰাভূত কৰাৰ দম্ভালি মাৰি কংগ্ৰেছৰ পৰা ওলাই গৈছিল ৰাণা গোস্বামী । কিন্তু ৰাণা গোস্বামীয়ে হৰুৱাব নোৱাৰিলে বিৰোধীৰ প্ৰাৰ্থী গৌৰৱ গগৈক ।

বৰঞ্চ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ৰাণা গোস্বামীৰ যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছে ভোট পালে ৬০,৬৯৭ টা আৰু বিজেপিৰ তপন গগৈয়ে পালে ৪৮,৫৬৭ টা । বিজেপিৰ বৰঘৰত এতিয়া ৰাণা গোস্বামী অস্তিত্বহীন । কোনো এখন গুৰুত্বপূৰ্ণ কমিটী বা সভাতেই বিজেপিয়ে স্থান দিয়া নাই ৰাণা গোস্বামীক ।

প্ৰাক্তন মন্ত্রী বিস্মিতা গগৈ:

প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে খুমটাইৰ পৰা বিধায়ক নিৰ্বাচিত কৰি আনি মন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল বিস্মিতা গগৈক । তাৰ পূৰ্বে বিস্মিতা গগৈৰ পৰিচয় আছিল অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জীৱ গগৈৰ বোৱাৰীয়েক হিচাপে । কংগ্ৰেছেই বিধানসভালৈ নিৰ্বাচিত কৰি আনি মন্ত্রী পদত বহুওৱা বিস্মিতাগগৈও লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰৱল উৎসাহেৰে কংগ্ৰেছক এৰি বাজপেয়ী ভৱনত প্ৰৱেশ কৰে । কংগ্ৰেছত থাকি ৰাজনৈতিক পৰিচয় লাভ কৰা বিস্মিতা গগৈৰ এতিয়া বিজেপিত নাই কোনো বিশেষ স্থান তথা পৰিচয় ।

প্রাক্তন মন্ত্রী অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত :

প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্রাক্তন মন্ত্রী প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত । এইগৰাকী অংকিতা দত্তক কংগ্ৰেছে অধিষ্ঠিত কৰিছিল যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদত । ৰাজনৈতিক জীৱনত ভৰি দিয়েই এটাৰ পিচত আনটো ব্যক্তিগত জীৱনৰ বিতৰ্কত সাঙোৰ খাই পৰাৰ পিচতো অংকিতা দত্তক কংগ্ৰেছে যথেষ্ট গুৰুদায়িত্ব দিছিল । আনকি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছতো স্থান পাইছিল অংকিতা দত্তই ।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত আমগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছে প্রার্থিত্ব দিছিল অংকিতা দত্তক । কংগ্ৰেছে বহুত দিয়াৰ পাছত সন্তুষ্ট হোৱা নাছিল অংকিতা দত্ত । ৰাণা গোস্বামীৰ দৰে অংকিতা দত্তয়ো যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক পৰাজিত কৰাৰ সংকল্প লৈ যোগ দিছিল বিজেপিত । ৰাণা গোস্বামীৰ দৰেই অংকিতা দত্তয়ো গৌৰৱ গগৈক পৰাজিত কৰিব নোৱাৰি এতিয়া বিজেপিত অস্তিত্বৰ সংকটত ভুগিছে ।

প্ৰাক্তন বিধায়ক অনন্ত মালো আৰু আছুৰ প্রাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়:

দক্ষিণ অভয়াপুৰীৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালোৰো একেই দুৰৱস্থা বিজেপিত । আনহাতে আছুৰ প্রাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে ২০১৬ চনৰ পূৰ্বে বিজেপিত যোগদান কৰি সেই নিৰ্বাচনত বিজেপিৰ প্রার্থিত্ব নাপাই যোগদান কৰিছিল কংগ্ৰেছত । আছুৰ প্ৰাক্তন সভাপতিজনক কংগ্ৰেছে জিলা সভাপতিৰ দায়িত্ব দিয়াৰ লগতে বিগত বিধানসভা নির্বাচনত বঙাইগাঁৱত প্রার্থিত্ব দিছিল । কিন্তু জয়ী হ'ব নোৱাৰিলে ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে অকস্মাতে স্থান এৰি মান এৰাসকলৰ তালিকাত এতিয়া অন্তৰ্ভুক্ত হৈছে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ো । এটা শক্তিশালী ছাত্র সংগঠন আছুৰ নেতৃত্বৰ পৰা কংগ্ৰেছ হৈ বিজেপিলৈ বাগৰি আহি এতিয়া গেৰুৱা দলটোৰ বৰঘৰত স্থান পোৱা নাই প্রাক্তন ছাত্র নেতাজনে ।

সুৰজ দিহিঙীয়া :

২০২১ চনৰ বিধানসভা নিৰ্বাচনত মাহমৰাৰ কংগ্ৰেছ প্রার্থী আছিল সুৰজ কুমাৰ দিহিঙীয়া । কিন্তু অধিকৰ আশাত কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল বিজেপিত । সুৰজ দিহিঙীয়াই যোৰহাট লোকসভা সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীক হৰুৱাই বিজেপিৰ তপন গগৈক লোকসভালৈ পঠিওৱাৰ অংগীকাৰ কৰি গেৰুৱা বসন পিন্ধিছিল । কিন্তু সফল নহ'ল । মাহমৰা বিধানসভা সমষ্টিত বিৰোধীৰ গৌৰৱ গগৈয়ে ৬২,৬৮০টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ তপন গগৈয়ে লাভ কৰিছিল ৫৩,০৩০টা ভোট । এতিয়া বিজেপিত অস্তিত্বহীন হৈ পৰিছে সুৰজ দিহিঙীয়া ।

কিশোৰ কুমাৰ ভট্টাচাৰ্য:

বাওঁপন্থী ছাত্র ৰাজনীতিৰ পৰা কংগ্ৰেছত যোগদান কৰা কমলপুৰৰ কিশোৰ কুমাৰ ভট্টাচাৰ্যৰো এতিয়া চিন-মোকাম নাই বিজেপিত । লোকসভা নিৰ্বাচনৰ পূৰ্বে বাজপেয়ী ভৱনত গৈ গেৰুৱা বসন পৰিধান কৰা কিশোৰ ভট্টাচাৰ্যৰ বিজেপিত ৰাজনৈতিক ভবিষ্যতকলৈ নিশ্চয়তাই দেখা দিছে ।

মানস বৰা আৰু অনুজ বৰকটকী:

আজীৱন কংগ্ৰেছী আছিল প্ৰয়াত শৰৎ বৰকটকী । সোণাৰি সমষ্টিৰ পৰা বহুবাৰ কংগ্রেছক প্রতিনিধিত্ব কৰি বিধানসভালৈ অহা শৰৎ বৰকটকী কেইবাটাও বিভাগৰ প্ৰাক্তন মন্ত্ৰী আছিল । সেইগৰাকী শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকীয়ে আজীৱন কংগ্ৰেছী পিতৃৰ আদর্শ বিসৰ্জন দি লোকসভা নিৰ্বাচনৰ পূৰ্বে যোগ দিলে বিজেপিত । কিন্তু এতিয়া দলটোত তেওঁৰ নাই কোনো পৰিচয় ।

সেইদৰে প্ৰাক্তন মন্ত্রী অকন বৰাৰ পুত্র মানস বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে যদিও পৰিচয় বিচাৰি পোৱা নাই । কংগ্ৰেছৰ কেইবাগৰাকী যুৱ নেতাই বিজেপিত যোগদান কৰিছে যদিও অস্তিত্বহীন হৈ পৰিছে ।

আছুৰ প্রাক্তন সভাপতি দীপাংক কুমাৰ নাথ:

আছুৰ প্রাক্তন সভাপতি দীপাংক কুমাৰ নাথ । লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰৱল উৎসাহেৰে বিজেপিত যোগদান কৰাসকলৰ ভিতৰত আছিল আছুৰ এইজন প্রাক্তন সভাপতি । বিজেপিত এতিয়া অস্তিত্ব বিচাৰি ফুৰিবলগা হৈছে আছুৰ প্ৰাক্তন সভাপতিজনে । যিজনে আছুত থকা সময়ত বিজেপিৰ বিৰুদ্ধে সকলো সময়তে গৰজি আছিল ।

কোনো কুলত নাই বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, বসন্ত দাস আৰু ছিদ্দেক আহমেদ:

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিধানসভা সচিবালয়ত মুখ্যমন্ত্ৰীৰ চৰণ চুই আশীর্বাদ লোৱা কংগ্ৰেছৰ তিনি বিধায়কৰো এতিয়া দুই কুল হেৰুওৱা অৱস্থা । প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা বৰাকৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, মঙলদৈৰ কংগ্ৰেছ বিধায়ক বসন্ত দাস, দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক ছিদ্দেক আহমেদৰ এতিয়া কংগ্ৰেছতো স্থান নাই আৰু বিজেপিয়েও আনুষ্ঠানিকভাৱে আঁকোৱালি লোৱা নাই । লোকসভা নিৰ্বাচনত তিনিওজনে দৃষ্টিকটুভাৱে বিজেপি প্রার্থীৰ হকে ব্যাপক প্ৰচাৰ চলালে । কিন্তু এতিয়া তেওঁলোকৰ ৰাজনৈতিক সম্মান ক'তোৱে নাই ।

কংগ্ৰেছত সকলো পাই এতিয়া বিজেপিত নিঃসংগ :

ৰাজনৈতিক জীৱনৰ অধিকাংশ সময় কংগ্ৰেছতেই থাকি বিধায়ক, সাংসদ, সংসদীয় সচিব, প্রদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি, উপ-সভাপতি, যুৱ কংগ্ৰেছৰ সভাপতিৰ বা বিধানসভা, লোকসভা নির্বাচনত দলীয় প্রার্থিত্ব লাভেৰে ৰাজ্যৰ সমাজ জীৱনত পৰিচিতি লাভ কৰা এইসকল প্রাক্তন কংগ্ৰেছীয়েই লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দীর্ঘদিনীয়া নীতি-আদর্শ বিসর্জন দি বিজেপিত যোগদান কৰিছিল ।

কিন্তু এতিয়া তেওঁলোকে অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ আশংকাত সময় পাৰ কৰা পৰিলক্ষিত হৈছে । এইসকল নেতা এতিয়া বিজেপিত যেন নিঃসংগ । অথচ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আসনত থকাজনেই হৈছে এগৰাকী প্রাক্তন কংগ্ৰেছী । তদুপৰি বৰ্ত্তমান সময়ত শাসকীয় দলটোত তথা চৰকাৰখনত দপদপাই থকা গৰিষ্ঠ সংখ্যকেই হৈছে প্ৰাক্তন কংগ্ৰেছী ।

লগতে পঢ়ক: হাতত কাৰ পতাকা লৈ আহি আছে "কাজিৰঙাৰ ৰজা" ? - Jiten Gogoi will Join AJP

ছেমি কণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত অপপ্ৰচাৰ চলাইছে বিজেপিয়ে; গৌৰৱ গগৈ - GAURAV GOGOI SLAMS CM HIMANTA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.