ETV Bharat / state

২০২৬ত ড৹ হিমন্ত বিশ্ব শৰ্মাই আকৌ হ'ব মুখ্যমন্ত্ৰী: পীযুষ হাজৰীকা - Assam Assembly Bypolls 2024 - ASSAM ASSEMBLY BYPOLLS 2024

Pijush Hazarika: সমাগত অসমৰ উপ-নিৰ্বাচন । বিহালী বিধানসভা সমষ্টিত উপ-নিৰ্বাচনক লৈ বিজেপিয়ে ব্যাপক প্ৰস্তুতি চলাইছে । তাৰ মাজতে ১৭ টা নিৰ্বাচনী কাৰ্যালয় মুকলি বিজেপিৰ ।

Pijush Hazarika
২০২৬ত ড৹ হিমন্ত বিশ্ব শৰ্মাই হ'ব মুখ্যমন্ত্ৰী:পীযুষ হাজৰীকা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 6:05 PM IST

বিশ্বনাথ, ৩ অক্টোবৰ : "আকাশত চাং পতা কথা কোনোবাই ক'ব পাৰে । ২০২৬টো নহয়েই কেতিয়া হ'ব মই নাজানো, কিন্তু '২৬ত আমিয়ে চৰকাৰ কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ আকৌ মুখ্যমন্ত্ৰী হ'ব ।" এই মন্তব্য জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

২০২৬ চনত গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি বিভিন্ন মহলত চৰ্চা চলি থকা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পীযুষ হাজৰীকাই এই মন্তব্য কৰে ।

২০২৬ত ড৹ হিমন্ত বিশ্ব শৰ্মাই হ'ব মুখ্যমন্ত্ৰী:পীযুষ হাজৰীকা (ETV Bharat)

বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

উল্লেখ্য যে উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ ৪ টা সমষ্টিত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । সমষ্টিকেইটাৰ ভিতৰত অন্যতম হৈছে বিহালী । বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত লোকসভা নিৰ্বাচনত শোণিতপুৰৰ পৰা জয়ী হোৱাৰ পিছতে এই সমষ্টিটো খালী হৈ আছে । সমষ্টিটোত ইতিমধ্যে ৰঞ্জিত দত্তৰ উত্তৰাধিকাৰী কোন হ'ব তাক লৈ জল্পনা-কল্পনা অব্যাহত আছে । বিজেপিয়ে সমষ্টিটোত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে । মন্ত্ৰী পীযুষ হাজৰীকাই ইতিমধ্যে সমষ্টিটোত বাহৰ পাতিছে আৰু নিৰ্বাচনী প্ৰস্তুতি অব্যাহত ৰাখিছে । তাৰ অংশ হিচাপে বৃহস্পতিবাৰে বিজেপি দলে ১৭ টা গাঁও পঞ্চায়তত মুঠ ১৭ টা কাৰ্যালয় মুকলি কৰে ।

মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰথমে বৰগাঙত বিহালীত উপ-নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰে । মুকলি অনুষ্ঠানত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তও উপস্থিত থাকে । ইয়াৰ পিছতে আন আন গাঁও পঞ্চায়তসমূহতো উপ-নিৰ্বাচনৰ কাৰ্যালয় মুকলি কৰে । বিধায়ক দিগন্ত কলিতা, বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিধায়ক ভুৱন পেগু আৰু বিধায়ক উৎপল বৰাই পৃথকে পৃথকে নিৰ্বাচনী কাৰ্যালয়সমূহ মুকলি কৰে ৷

উল্লেখ্য যে বুধবাৰে সন্ধিয়াৰে পৰা বিহালী সমষ্টিত বাহৰ পাতি থকা মন্ত্ৰী পীযুষ হাজৰীকাই সমষ্টিটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে । মুঠ ৩০০ গৰাকী জ্যেষ্ঠ নাগৰিক তথা সমাজ সেৱকৰ বাসগৃহলৈ গৈ মন্ত্ৰীগৰাকীয়ে আগন্তুক উপ-নিৰ্বাচনৰ বাবে পৰামৰ্শ লয় আৰু সহযোগিতা বিচাৰে ।

লগতে পঢ়ক :হাতত কাৰ পতাকা লৈ আহি আছে "কাজিৰঙাৰ ৰজা" ? - Jiten Gogoi will Join AJP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.