ETV Bharat / politics

হাতত কাৰ পতাকা লৈ আহি আছে "কাজিৰঙাৰ ৰজা" ? - Jiten Gogoi will Join AJP

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Jiten Gogoi: ৰাজনৈতিক ক্ষেত্ৰখনত দীৰ্ঘদিনে নীৰৱে থকাৰ পিছত এইবাৰ নতুন ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈ ৷ 4 অক্টোবৰত গগৈয়ে প্ৰৱেশ কৰিব এখন নতুন ঘৰত ৷ আকৌ ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাৰ প্ৰস্তুতি জীতেন গগৈৰ ৷

Jiten Gogoi
হাতত কাৰ পতাকা লৈ আহি আছে "কাজিৰঙাৰ ৰজা" (ETV Bharat Assam)

নিউজ ডেস্ক, 2 অক্টোবৰ: আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাবলৈ এইবাৰ সাজু হৈছে এগৰাকী প্ৰাক্তন বিধায়ক ৷ দুবাৰকৈ নিৰ্দলীয় বিধায়কৰূপে জয়ী হৈ দিছপুৰলৈ অহা এইগৰাকী বিধায়কে 4 অক্টোবৰত হাতত তুলি ল'ব আঞ্চলিকতাবাদৰ পতাকা ৷ ইতিমধ্যে যোগদানৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, বাকী আছেগৈ কেৱল আনুষ্ঠানিকতাহে ৷

বোকাখাত বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে শুকুৰবাৰে অৰ্থাৎ 4 অক্টোবৰত আনুষ্ঠানিকভাৱে যোগদান কৰিব অসম জাতীয় পৰিষদ চমুকৈ এজেপিত ৷ বুধবাৰে ই টিভি ভাৰতক এই কথা জানিবলৈ দিছে অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বই ৷ উল্লেখ্য যে 2001 চনত প্ৰথমবাৰৰ বাবে বোকাখাত সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়কৰূপে নিৰ্বাচিত হৈছিল জীতেন গগৈ ৷

লগতে পঢ়ক: নতুন ৰাজনৈতিক ঠিকনা অনুপ চেতিয়াৰ - Anup Chetia to join AGP

দুটাকৈ কাৰ্যকালৰ বাবে সমষ্টিটোৰ পৰা জীতেন গগৈ নিৰ্বাচিত হৈ আহিছিল বিধায়ক হিচাপে ৷ অৱশ্যে ইয়াৰ পৰৱৰ্তী সময়ত বোকাখাত সমষ্টি যায় অগপৰ বৰ্তমানৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ হাতলৈ ৷ বিগত প্ৰায় দুটা দশকৰো অধিককাল জুৰি বোকাখাত নিৰ্মাণ গোট নামৰ এটা সংগঠনৰ নেতৃত্ব বহন কৰি আহিছে জীতেন গগৈয়ে ৷

4 অক্টোবৰত বোকাখাতত অনুষ্ঠিত হ'বলগীয়া এই যোগদান কাৰ্যসূচীত তেওঁৰ বোকাখাত নিৰ্মাণ গোট নামৰ সংগঠনটোও চিৰদিনৰ বাবে চামিল হ'ব অসম জাতীয় পৰিষদত ৷ স্মৰ্তব্য যে বিধায়ক হৈ থকা সময়ছোৱাত বা তাৰ পৰৱৰ্তী পৰ্যায়তো বিভিন্ন বিষয়ত প্ৰায়েই চৰ্চাত থকা দেখা গৈছিল জীতেন গগৈক ৷ আনকি "মই কাজিৰঙাৰ ৰজা" বুলি মন্তব্য কৰিও ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছিল জীতেন গগৈ ৷

লগতে পঢ়ক: কাজিৰঙাক খীৰতী গাইৰ দৰে ব্যৱহাৰ কৰিছে কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.