ETV Bharat / state

হঠাতে সলনি হ'ল ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী - THENGAL KACHARI AUTONOMOUS COUNCIL

চিত্ৰনাট্য় আগতেই ৰচনা হৈছিল । মাথো বাকী আছিল কাৰ্যকৰীকৰণ । অৱশেষত সেয়াও হ'ল ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত ।

THENGAL KACHARI AUTONOMOUS COUNCIL
ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 10:30 PM IST

যোৰহাট: ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত হঠাৎ ৰাজনৈতিক পট পৰিৱৰ্তন । পূৰ্ব পৰিকল্পনা মতেই ভংগ হ'ল ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদখন । মুখ্য কাৰ্যবাহী সদস্য়ৰূপে তিনি বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ নাপাওঁতেই পৰিষদৰ সদস্যসকলৰ ৰোষত পৰি বুধবাৰে মুখ্য কাৰ্যবাহীৰ চকীৰ পৰা আঁতৰিল প্ৰতাপ কছাৰী ।

বিজেপিৰ ৰাজ্যিক নেতৃত্বই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীক মুখ্য কাৰ্যবাহী সদস্য় পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই আজি বিয়লি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত পদত্যাগ কৰে প্ৰতাপ কছাৰীয়ে । মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়ত উপস্থিত হৈ সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছতে পৰিষদখন ভংগ কৰাৰ কথা ঘোষণা কৰে । অৱশ্য়ে ইয়াৰ পিছতেই কুমুদ কছাৰীক পুনৰ মুখ্য কাৰ্যবাহী সদস্য ঘোষণা কৰা হয় । আনহাতে, চকী হেৰুওৱা প্ৰতাপ কছাৰীক নিয়োগ কৰা হয় পৰিষদৰ অধ্যক্ষৰূপে ।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)

যোৱা সময়ত প্ৰতাপ কছাৰীৰ বিৰুদ্ধে খোদ দলীয় সতীৰ্থসকলেই বিসম্বাদ আৰম্ভ কৰিছিল । যাৰ পৰিণতিত আজি মুখ্য কাৰ্যবাহী সদস্যৰ আসনৰ পৰা অপসাৰিত হ'ল প্ৰতাপ কছাৰী । আনহাতে, আজি ডাঃ ৰণোজ পেগুৰ উপস্থিতিত পৰিষদখন নতুনকৈ গঠন কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে কয়, "পৰিষদৰ সদস্যসকলে পৰিৱৰ্তন বিচাৰিছিল । ফলত এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কাৰণ গণতন্ত্ৰত পট পৰিৱৰ্তন হৈয়ে থাকে । সেয়েহে এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া ।" এই সালসলনিয়ে ২০২৬ৰ নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, মুখ্য কাৰ্যবাহী পদত অধিষ্ঠিত কুমুদ কছাৰীয়ে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সুৰত সুৰ মিলাই কয়, "গণতন্ত্ৰত এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া ।" ৰাইজৰ মতামত গ্ৰহণ কৰি আগন্তুক সময়ত কাম কৰি যোৱাৰ কথাও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে ২২ জনীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত বৰ্তমান বিজেপিৰ ১৮গৰাকী, মিত্ৰজোঁট অগপৰ ৩গৰাকী আৰু কংগ্ৰেছৰ এগৰাকী পাৰিষদ আছে । বিজেপিৰ গৰিষ্ঠসংখ্যক সদস্যই প্ৰতাপ কছাৰীৰ বিভিন্ন দুৰ্নীতি আৰু অনিয়ম সম্পৰ্কে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিছিল ।

লগতে পঢ়ক:প্ৰতিবাদত কঁপিল ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় - Thengal Kachari Autonomous Council - THENGAL KACHARI AUTONOMOUS COUNCIL

এখন গ্ৰন্থৰ এষাৰি বাক্যই তোলপাৰ লগাইছে ঠেঙাল-কছাৰী জনগোষ্ঠীৰ মাজত - Thengal Kachari community - THENGAL KACHARI COMMUNITY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.