ETV Bharat / state

দুস্প্ৰাপ্য হলৌ বান্দৰৰ বাবে বিখ্যাত গিবন অভয়াৰণ্যত অগ্নিকাণ্ড - GIBBON SANCTUARY FIRE

তেল খনন কৰিব বুলি চৰ্চা হৈ থকাৰ সময়তেই কোনে জুই জ্বলালে গিবনত ?

HOLLONGAPAR GIBBON SANCTUARY
গিবন অভয়াৰণ্যত অগ্নিকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 10:14 PM IST

যোৰহাট: মৰিয়নীৰ হোলোঙাপাৰাৰ গিবন অভয়াৰণ্যত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । ঘটনাৰ বিৱৰণি অনুসৰি যোৰহাট জিলাৰ মৰিয়নী হোলোঙাপাৰাস্থিত গিবন অভয়াৰণ্যত বুধবাৰে কোনো অচিনাক্ত লোকে অগ্নিসংযোগ কৰে । অভয়াৰণ্যখনৰ অতি দুৰ্গম অঞ্চলত অগ্নিসংযোগ কৰাৰ ফলত হঠাৎ জুয়ে আগুৰি ধৰে অভয়াৰণ্যখনৰ বহু অঞ্চল । লগে লগে অভয়াৰণ্যখনত কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ।

লগে লগে উক্ত ঘটনাৰ বিষয়ে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল । অগ্নি নিৰ্বাপক বাহিনীয়ে অতি কৌশলৰে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । আনহাতে, এই অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপক বাহিনীৰ এজন জোৱানে কয়, "ভোগদৈ নদীৰ সিপাৰে গিবনৰ বৃহৎ এলেকাত হোৱা জুই আমি ফায়াৰ মিটাৰ আৰু গছৰ ডাল পাতেৰে নিৰ্বাপিত কৰিবলৈ সক্ষম হ'লো । এটা বৃহৎ এলেকাত জুইৰ সুত্ৰপাত হৈছিল । দীৰ্ঘসময়ৰ চেষ্টাৰ অন্তত এই জুই আমি নিৰ্বাপিত কৰিবলৈ সক্ষম হ'লো ।"

গিবন অভয়াৰণ্যত অগ্নিকাণ্ড (ETV Bharat Assam)

এই জুই কোনে লগালে সেই সম্পৰ্কে তেওঁলোক জ্ঞাত নহয় বুলি তেওঁ মন্তব্য় কৰে । উল্লেখ্য় যে অগ্নিকাণ্ড সংঘটিত হোৱা এলেকা অতি দুৰ্গম হোৱা বাবে উক্ত স্থানত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হ'ব পৰা নাছিল । আনহাতে, এই অগ্নিকাণ্ডৰ বিষয়ে গিবন অভয়াৰণ্য কৰ্তৃপক্ষই এতিয়ালৈকে মুখ খোলা নাই ।

উল্লেখ্য যে গিবন অভয়াৰণ্যত এটা বহুজাতিক তেল আৰু গেছ অন্বেষণ কোম্পানীয়ে তেল খনন কৰিব বুলি পূৰ্বৰ পৰাই চৰ্চা হৈ আহিছে । তেনে এক সময়ত গিবনৰ দুৰ্গম অঞ্চলত সংঘটিত হোৱা অগ্নিকাণ্ডই তাৎপৰ্য বহণ কৰিছে ।

লগতে পঢ়ক:জুইৰ ক’লা ধোঁৱাৰ মাজত এখন বিয়াঘৰৰ বাকৰি - MASSIVE FIRE IN TINSUKIA

মৰিয়নীত ভয়ংকৰ অগ্নিকাণ্ড: ছাই হ'ল কেইটাবাও ঘৰ - JORHAT FIRE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.