ETV Bharat / politics

ছেমি কণ্ডাক্টৰ প্ৰকল্প : মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ স্পষ্টীকৰণ কংগ্ৰেছৰ - Priyank Kharge Controversy - PRIYANK KHARGE CONTROVERSY

Priyank Kharge on Semi Conductor: বিজেপিৰ প্ৰতিবাদৰ পাছতে জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পক লৈ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই কৰা মন্তব্যৰ স্পষ্টীকৰণ কংগ্ৰেছৰ ৷ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্য ভুলভাৱে ব্যাখ্যা কৰা হৈছে বুলি উল্লেখ জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ ৷ ইফালে অসমত ছেমি কণ্ডাক্টৰৰ লগতে আৰু ডাঙৰ উদ্যোগ আহিলেও কংগ্ৰেছ দলে বিৰোধিতা নকৰে বুলি উল্লেখ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ ৷

Priyank Kharge on Semi Conductor
ছেমি কণ্ডাক্টৰ প্ৰকল্প : মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ স্পষ্টীকৰণ কংগ্ৰেছৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2024, 9:32 PM IST

ডিব্ৰুগড়, ২ অক্টোবৰ: "কংগ্ৰেছ নেতা তথা কৰ্ণাটকৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্য ভুলভাৱে ব্যাখ্যা কৰা হৈছে ৷ প্ৰিয়াংক খাৰ্গেই নিজৰ এটা বক্তব্য ৰাখিছে, যিটো কেৱল কৰ্ণাটকৰে নহয় সমগ্ৰ দেশৰ বাবে হয় ৷ অসমত পুৰণি উদ্যোগ বন্ধ কৰি, নতুন উদ্য়োগ স্থাপনৰ কথা কোৱা হৈছে ৷ আমাৰ কথা হৈছে- পুৰণি উদ্যোগ বন্ধ নকৰিব, সেয়া মজবুত কৰক ৷" জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্য সন্দৰ্ভত বুধবাৰে ডিব্ৰুগড়ত এই কথা উল্লেখ কৰে অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে ৷

লগতে পঢ়ক: প্ৰিয়াংক খাৰ্গেৰ মন্তব্যই কঁপাইছে ৰাজ্য: জাগীৰোডত বিজেপিৰ বিশাল প্ৰতিবাদ - Priyank Kharge Controversy

উল্লেখ্য যে, জাগীৰোডত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত নিৰ্মাণ কৰা হ'ব ছেমিকণ্ডাক্টৰ প্ৰকল্প । ইতিমধ্যে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে । এই প্ৰকল্পৰ জড়িয়তে অসমৰ নিবনুৱা সমস্যা কিছু হ্ৰাস পোৱাৰ লগতে উদ্যোগীক নতুন বাতাবৰণ ৰাজ্যত সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে । কিন্তু ইয়াৰ মাজতে ২৫ ছেপ্টেম্বৰত কংগ্ৰেছ নেতা তথা কৰ্ণাটকৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই অসমৰ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ইয়াৰ পাছতে ৰাজ্যত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি দলৰ নেতা-মন্ত্ৰীসকলে ।

ছেমি কণ্ডাক্টৰ প্ৰকল্প : মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ স্পষ্টীকৰণ কংগ্ৰেছৰ (ETV Bharat Assam)

কৰ্ণাটকৰ মন্ত্ৰীজনে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কৰা মন্তব্যই অসমৰ ৰাইজক অপমানিত কৰা বুলি দাবী কৰিছে বিজেপিয়ে । কংগ্ৰেছ নেতা তথা কৰ্ণাটকৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই সামাজিক মাধ্যম যোগে কেন্দ্ৰীয় চৰকাৰক জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্প প্ৰসংগত প্ৰশ্ন কৰিছিল, "৫ টা ছেমি কণ্ডাক্টৰ ইউনিটৰ ৪ টা গুজৰাটক আৰু ১ টা অসমক কেন্দ্ৰীয় চৰকাৰে দিছে । কিন্তু তাত ছেমি কণ্ডাক্টৰৰ বাবে দক্ষতাৰ পৰিবেশতন্ত্ৰ নাই ৷" ইয়াৰ পাছতে ৰাজ্যত যি প্ৰতিবাদ হৈছিল তাৰ পাছতেই আজি কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই কৰা মন্তব্যৰ স্পষ্টীকৰণ কংগ্ৰেছ দলৰ ।

লগতে পঢ়ক: প্ৰিয়ংক খাৰ্গেক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ: আপুনি সংবেদনশীল হ'ব লাগে - Priyank Kharge Controversy

ডিব্ৰুগড়ত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং আৰু প্ৰাক্তন ড’নাৰ মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে কংগ্ৰেছ দলৰ হৈ এই সম্পৰ্কত স্থিতি স্পষ্ট কৰিলে ।

কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেৰ মন্তব্য ভুলভাৱে ব্যাখ্যা কৰা হৈছে: প্ৰাক্তন ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ

প্ৰাক্তন ড’নাৰ মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে কয়, "এই বিষয়টো ভুলভাৱে ব্যাখ্যা কৰা হৈছে । কৰ্ণাটকৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী হিচাপে প্ৰিয়াংক খাৰ্গেই কৈছে ৫ টা ছেমি কণ্ডাক্টৰ ইউনিটৰ ৪ টা গুজৰাটক আৰু ১ টা অসমক স্থাপন কৰিছে । কিন্তু আই টি চেক্টৰত ভাৰতৰ ভিতৰত কৰ্ণাটক উন্নত যদিও কৰ্ণাটকত ছেমি কণ্ডাক্টৰ প্ৰকল্প দিয়া নাই । এই কথাটোকে বিজেপি দলে ভুল ব্যাখ্যা কৰিছে । অসমৰ দৰে ৰাজ্যত ছেমি কণ্ডাক্টৰ প্ৰকল্প হোৱাটো কংগ্ৰেছে সদায় আদৰণি জনায় ।"

কি কয় নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে :

ইফালে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে কয়, "চৰকাৰে কাগজকলকে ধৰি উজনি আৰু নামনি অসমৰ উদ্যোগসমূহ বন্ধ কৰি নতুন উদ্যোগ স্থাপনৰ কথা কৈছে । যি উদ্যোগ আছিল গুচি গৈছে । অসমত ছেমি কণ্ডাক্টৰৰ লগতে আৰু ডাঙৰ উদ্যোগত আহিলেও কংগ্ৰেছ দলে বিৰোধিতা নকৰে । কংগ্ৰেছ দলে এটা দাবী জনাব বিচাৰে যে অসমত যি উদ্যোগ আছে সেয়া অধিক শক্তিশালী কৰক, বন্ধ নকৰিব । নতুন উদ্যোগ আহিলে আমি আদৰণি জনাম ।"

লগতে পঢ়ক: অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প নিবিচাৰে নেকি প্ৰিয়াংক খাৰ্গেই ? প্ৰদ্যুৎ বৰদলৈক ক’লে কংগ্ৰেছ নেতাগৰাকীয়ে - Priyank Kharge Controversy

মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ দুয়োগৰাকী অসমবিৰোধী : পীযুষ হাজৰীকা - Priyank Kharge Controversy

অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প কিয় ? কংগ্ৰেছ অধ্য়ক্ষৰ পুত্ৰৰ মন্তব্যক সমালোচনা মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰীৰ - Priyank Kharge on Semi Conductor

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.