অসম

assam

ETV Bharat / politics

কমেও 80 হাজাৰ ভোটত বি পি এফৰ শুদ্ধ বসুমতাৰী জয়ী হ’ব: হাগ্ৰামাৰ দাবী - ASSAM BYE ELECTION 2024

চিদলী বিধানসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল ৷ নিশ্চিত বিজয়ৰ আশ্বাস বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ৷

Assam bye election 2024
শুদ্ধ কুমাৰ বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 4:13 PM IST

চিৰাং:উপ-নিৰ্বাচনমুখী চিদলী সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে শুকুৰবাৰে দাখিল কৰে মনোনয়ন ৷ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ লগতে প্ৰায় 5 সহস্ৰাধিক সমৰ্থকক লৈ সমদল কৰি মনোনয়ন দাখিলৰ বাবে আহে শুদ্ধ কুমাৰ বসুমতাৰী ৷ চিৰাং কাজলগাঁওস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে ।

2021 চনৰ বিধানসভা নিৰ্বাচনত চিদলী সমষ্টিৰ পৰা জয়ী হৈছিল জয়ন্ত বসুমতাৰী ৷ কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাত চিদলী সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে ৷ চিদলীত এই উপ-নিৰ্বাচনত বি পি এফৰ উপৰিও ইউ পি পি এল আৰু কংগ্ৰেছেও প্ৰাৰ্থী আগবঢ়াইছে ৷

শুদ্ধ কুমাৰ বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল (ETV Bharat)

চিদলী সমষ্টিৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মূল প্ৰাৰ্থীসমূহ হ’ল-

  • ইউ পি পি এল (এন ডি এ)- নিৰ্মল কুমাৰ ব্ৰহ্ম
  • বি পি এফ- শুদ্ধ কুমাৰ বসুমতাৰী
  • কংগ্ৰেছ- সঞ্জীৱ ৱাৰী

13 নৱেম্বৰত অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ মনোনয়ন পৰীক্ষণ হ’ব অহা 28 অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ 30 অক্টোবৰ ৷ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব 23 নৱেম্বৰত ৷

উল্লেখ্য যে শুকুৰবাৰে বি পি এফ প্ৰাৰ্থীৰ মনোনয়নৰ সময়ত প্ৰতিকূল বতৰকো নেওচি প্ৰায় পাঁচ সহস্ৰাধিক সমৰ্থক উপস্থিত থাকে ৷ মনোনয়ন দাখিলৰ পূৰ্বে কাজলগাঁওস্থিত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এক বিশাল জনসভাত বি পি এফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী উপস্থিত থাকি শুদ্ধ বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায় ।

সভাত তেওঁ লগতে কয় যে আগন্তুক 2025 চনৰ বি টি চি নিৰ্বাচনত বি পি এফে পৰিষদ গঠন কৰিব আৰু ভূমিৰ সমস্যা দূৰ কৰিব ৷ জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকক লৈ বি পি এফ আগবাঢ়ি যাব বুলিও তেওঁ উল্লেখ কৰে ৷ তেওঁ আৰু কয় যে বিগত সোতৰ বছৰত বি পি এফ দলে কোনো কাম কৰিব পৰা নাছিল বুলি প্ৰমোদ বড়োৱে কৈ থাকিলেও যোৱা চাৰি বছৰত তেওঁৰ পৰিষদে কেৱল স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰিয়েই বি টি চিত সকলো কৰা বুলি দাবী কৰিছে ।

‘‘প্ৰমোদ বড়োৱে বি টি চিত সম-উন্নয়ন আৰু সম-বিকাশৰ কথা কৈ নিজৰ জনগোষ্ঠীৰ মানুহকে উচ্ছেদ কৰিছে ৷ গতিকে আন আন জনগোষ্ঠীৰ মানুহৰ বাবে প্ৰমোদ বড়োৱে কি কৰিব আপোনালোকে অনুমান কৰক ।’’ ৰাইজক উদ্দেশ্যি এইদৰে কয় হাগ্ৰামা মহিলাৰীয়ে ৷ ইফালে সাংবাদিকৰ আগত তেওঁ দাবী কৰে যে ইউ পি পি এলে 14 হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ম বুলি কৈ থাকিলেও বি পি এফৰ শুদ্ধ কুমাৰ বসুমতাৰী অতি কমেও 80 হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ’ব ৷

ইফালে বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে দলৰ নেতৃত্ব আৰু সাধাৰণ ৰাইজক ধন্যবাদ জনায় ৷ মনোনয়ন দাখিল পৰ্বত সমৰ্থকৰ উছাহ দেখি বিজয় নিশ্চিত বুলি মন্তব্য কৰে শুদ্ধ বসুমতাৰীয়ে ৷ তেওঁ কয় যে বি পি এফৰ নেতৃত্বত বি টি চি গঠনৰ পিছত বড়োভূমিত যিমান উন্নয়ন হ’ল, সেয়া আন কোনোৱে সাধন কৰিব পৰা নাই ৷ ইউ পি পি এল দলে বি পি এফৰ 17 বছৰৰ কথা কৈ থাকিলেও তেওঁলোকে কোনো কাম কৰিব নোৱাৰিলে বুলি তেওঁ কটাক্ষ কৰে ৷

ইফালে প্ৰাক্তন বি পি এফ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক পুনৰ দললৈ আহিবলৈ আহ্বান জনাই দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে শুদ্ধ কুমাৰ বসুমতাৰীয়েও ৷ ইতিমধ্যে ব্ৰহ্মৰ ওচৰলৈ মানুহ পঠিওৱা বুলিও তেওঁ জনায় ৷

লগতে পঢ়ক:কৰ্মী-সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ

কংগ্ৰেছে নিজৰ মাজতেই যুঁজিব নে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব ? ভৱেশ কলিতাই ধৰিবই পৰা নাই !

ABOUT THE AUTHOR

...view details