গুৱাহাটী: ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত আজি উপ-নিৰ্বাচন । পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া । উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টি হৈছে ক্ৰমে ১১ নং ধলাই (এছ চি), ৩১ নং চিদলী(এছ টি), ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি সমষ্টি । এই পাঁচটা বিধানসভা সমষ্টিৰ বিধায়ক কেইগৰাকী সংসদলৈ নিৰ্বাচিত হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টি কেইটাত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে ।
উল্লেখ্য যে ঢলাই বিধানসভা সমষ্টিৰ পৰিমল শুক্লবৈদ্য, বিহালীৰ ৰঞ্জিত দত্ত, চামগুৰিৰ ৰকিবুল হুছেইন, বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰী আৰু চিদলী সমষ্টিৰ জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টি কেইটাত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া আবেলি ৫ বজালৈ চলিব ।
ভোটদাতাসকলে নিজ নিজ আধাৰ কাৰ্ড, পেন কার্ড, বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক, ড্ৰাইভিং লাইচেঞ্চ, ফটো সংলগ্ন থকা পেন্সনৰ তথ্য, চৰকাৰী পৰিচয় পত্ৰ ইত্যাদি (১২ খন পৰিচয় পত্ৰৰ যিকোনো এখন) লগত আনিলেও ভোটদান কৰিব পাৰিব । আজি পাঁচটা সমষ্টিৰ ৯,০৯,০৫৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩৪ গৰাকী প্ৰাৰ্থীৰ ।
সমষ্টি অনুসৰি প্ৰাৰ্থীসকল-
বঙাইগাঁও সমষ্টিত অৱতীৰ্ণ হৈছে আঠগৰাকী প্ৰাৰ্থী :
- অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী (NDA)
- কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ
- এছ ইউ চি আইৰ প্ৰাৰ্থী মৃত্যুঞ্জয় ৰাভা
- নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰ
- নিৰ্দলীয় প্ৰাৰ্থী অনুপ কুমাৰ কৰ্মকাৰ
- নিৰ্দলীয় প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মন
- নিৰ্দলীয় প্ৰাৰ্থী গৌতম ৰায়
- নিৰ্দলীয় প্ৰাৰ্থী দীপক দাস
চামগুৰি সমষ্টিত অৱতীৰ্ণ হৈছে ১১ গৰাকী প্ৰাৰ্থী:
- বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা (NDA)
- কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন
- আম আদমি পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী
- এছ ইউ চি আইৰ প্ৰাৰ্থী আব্দুছ চবুৰ মিঞা
- ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী বীৰেন বসাক
- ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ প্ৰাৰ্থী ৰবুল হক
- নিৰ্দলীয় প্ৰাৰ্থী ফাতেমা খাতুন
- নিৰ্দলীয় প্ৰাৰ্থী শশী তাতী
- নিৰ্দলীয় প্ৰাৰ্থী জেহিৰুল ইছলাম
- নিৰ্দলীয় প্ৰাৰ্থী মুচাব্বিৰ আলি আহমেদ
- নিৰ্দলীয় প্ৰাৰ্থী আব্দুল মাজিদ
ধলাই সমষ্টিত অৱতীৰ্ণ আঠগৰাকী প্ৰাৰ্থী :
- বিজেপিৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস (NDA)
- কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থ
- এছ ইউ চি আইৰ প্ৰাৰ্থী গৌৰ চন্দ্ৰ দাস
- নিৰ্দলীয় প্ৰাৰ্থী অমলেন্দু দাস
- নিৰ্দলীয় প্ৰাৰ্থী ধীৰাজ দাস
- নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ ধুবী
- নিৰ্দলীয় প্ৰাৰ্থী পৰিমল দাস
- নিৰ্দলীয় প্ৰাৰ্থী ৰাজু দাস
বিহালী সমষ্টিত অৱতীৰ্ণ হৈছে চাৰিগৰাকী প্ৰাৰ্থী:
- বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল (NDA)
- কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা
- চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী
- আম আদমি পাৰ্টীৰ প্ৰাৰ্থী অনন্ত গগৈ