অসম

assam

ETV Bharat / politics

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ - ASSAM BY POLLS 2024

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৷

ASSAM BY POLLS 2024
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ (Jayanta Mallabaruah's X handle)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 4:40 PM IST

Updated : Nov 12, 2024, 5:03 PM IST

শিলচৰ: নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভোটাৰক উদ্দেশ্যি নিজৰ ভাষণৰ মাজতে ভাবুকিসূচক মন্তব্য কৰি শেহতীয়াকৈ চৰ্চিত হৈ পৰিছে বিজেপি নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ উপ-নিৰ্বাচনৰ আগদিনা অৰ্থাৎ আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই ৷ ভোটাৰক ভাবুকি প্ৰদান, ধন বিতৰণ আদি কেবাটাও অভিযোগ নিৰ্বাচন আয়োগৰ সমুখত দাঙি ধৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷

মুকলিকৈ ভোটাৰক ভাবুকিৰ অভিযোগ

জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ (ETV Bharat)

জয়ন্ত মল্লবৰুৱাই নিৰ্বাচনী ভাষণত সংখ্যালঘু ভোটাৰ মুকলিকৈয়ে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে ৷ ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মন্ত্ৰীগৰাকীয়ে ভাগা বাজাৰত সংখ্যালঘু ৰাইজক উদ্দেশ্যি মন্তব্য কৰিছিল যে ভোট নিদিলে ব্যৱসায় কৰিবলৈ দিবলৈও মন নাযাব ৷ তেওঁ কৈছিল যে সংখ্যালঘু ৰাইজে বিজেপিৰ পৰা সুবিধা লয় কিন্তু ভোট নিদিয়ে ৷ ভাগা বাজাৰত ব্যৱসায় কৰা সংখ্যালঘু মুছলমানক বিজেপিয়ে কেতিয়াও দিগদাৰি কৰা নাই ৷ কিন্তু ভোট নিদিলে ব্যৱসায় কৰিবলৈ দিবলৈও মন নাযাব ৷

জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ (ETV Bharat)

লগতে পঢ়ক:মন বেয়া লাগিলে ব্যৱসায় বন্ধ কৰি দিম ! কাক উদ্দেশ্যি কিয় ক’লে মন্ত্ৰী জয়ন্তই

ইফালে জামালপুৰত সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত তেওঁ মন্তব্য কৰিছিল যে ভোট দিলেহে চৰকাৰী আঁচনিৰ সুবিধা দিয়া হ’ব ৷ ‘‘মুখ্যমন্ত্ৰীয়ে কৈছে অহা জানুৱাৰী মাহৰ ভিতৰত পুনৰ 15 হাজাৰ মহিলাক অৰুণোদয় দিয়া হ’ব ৷ এতিয়া যে অৰুণোদয় দিয়া হ’ব, সেয়া কোনে দিব ? মই অভিভাৱক মন্ত্ৰী, ময়েইতো দিব লাগিব ৷ যাৰ ৰেচন কাৰ্ড নাই, যোগান বিভাগৰ বিষয়াই মোৰ ওচৰলৈকে লৈ আহিব, মই চহী কৰিলেই পাব ৷ আমি ক’ত চহী কৰিম, য’ত ভোট পাম তাতেই চহী কৰিম ৷ ভোট লাগে কাৰণেই জামালপুৰলৈ আহিছো ৷ যদি 4 হাজাৰ ভোট নাপাওঁ তেতিয়া চহী নকৰো ৷’’ এই মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷

ইফালে কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই অভিযোগ তুলিছে যে জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত মুকলিভাৱে ৰাইজক বিলোৱা হৈছে ধন ৷ তাৰোপৰি ৰেচন ডিলাৰসকলকো বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ তুলিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি তেওঁ অভিযোগ কৰে ৷

লগতে পঢ়ক:ভোট দিয়ক আঁচনি লওক: ধলাইত ভোটাৰলৈ মন্ত্ৰী জয়ন্তৰ বাম্পাৰ অফাৰ

Last Updated : Nov 12, 2024, 5:03 PM IST

ABOUT THE AUTHOR

...view details