অসম

assam

ETV Bharat / politics

বিধানসভাৰ অধ্যক্ষই শুনানি ল’লে ৰকিবুল-শ্বেৰমানৰ

শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ সন্দৰ্ভত শুনানি গ্ৰহণ । শুনানি গ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

Assam Assembly speaker takes hearing on Sherman Ali disqualification
বিধানসভাৰ অধ্যক্ষই শুনানি ল’লে ৰকিবুল-শ্বেৰমানৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 5:46 PM IST

গুৱাহাটী:এইবাৰ সঁচাকৈয়ে বিধায়ক পদ খাৰিজ হ’ব নেকি কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ ? শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ সন্দৰ্ভত শুকুৰবাৰে শুনানি গ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । বিধানসভা চৌহদত এক কক্ষত বিধানসভাৰ অধ্যক্ষগৰাকীয়ে গোচৰীয়া কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ লগতে শ্বেৰমান আলীৰো শুনানি গ্ৰহণ কৰে । নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ ভিতৰত অধ্যক্ষই এই প্ৰসংগত ৰায়দান কৰিব ।

কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰাৰ পিছতো বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ হোৱা নাছিল । কংগ্ৰেছৰ তৰফৰ পৰা একাধিকবাৰ এই প্ৰসংগত অধ্যক্ষগৰাকীক আবেদনো জনোৱা হৈছিল । এই লৈ যোৱা ১০ ছেপ্টেম্বৰত অসম বিধানসভাৰ অধ্যক্ষলৈ জাননী জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে । অসম বিধানসভাৰ অধ্যক্ষ, বিধানসভাৰ প্ৰধান সচিব, বিধানসভাৰ সচিব আৰু বিধায়ক শ্বেৰমান আলী আহমেদলৈ জাননী জাৰি কৰাৰ লগতে শপতনামা দাখিল কৰিবলৈকো আদালতে নিৰ্দেশ দিছিল ।

বিধানসভাৰ অধ্যক্ষই শুনানি ল’লে ৰকিবুল-শ্বেৰমানৰ (ETV Bharat Assam)

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে এই বছৰৰ ২ মে’ত বিধানসভাৰ অধ্যক্ষৰ ওচৰত সংবিধানৰ দশম অনুসূচী অনুসৰি বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজৰ বাবে আবেদন দাখিল কৰিছিল । উচ্চতম ন্যায়ালয়ে ২০২০ চনৰ ২১ জানুৱাৰীত প্ৰদান কৰা এক ৰায় অনুসৰি আবেদন দাখিল কৰা দিনটোৰ পৰা ৩ মাহৰ ভিতৰত বিধানসভাৰ অধ্যক্ষৰ পৰা সিদ্ধান্ত আশা কৰিছিল । কিন্তু সেই সময়ছোৱাত কোনো সিদ্ধান্ত গ্ৰহণ নকৰাত ৰকিবুল হুছেইন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । এই অনুসৰি পৰৱৰ্তী শুনানী ২ নৱেম্বৰত হোৱাৰ কথা ।

কি কয় ৰকিবুল হুছেইনে:

শুকুৰবাৰৰ এই শুনানিত ৰকিবুল হুছেইনে নিজেই নিজৰ পক্ষ ৰাখি ৰাখি যুক্তি আগবঢ়ালে শুনানিত । আনহাতে বিধায়ক শ্বেৰমান আলীয়ে অধিবক্তাৰ জৰিয়তে ৰাখিলে নিজৰ পক্ষ । শুনানিৰ পিছত সাংসদ ৰকিবুল হুছেইনে জনাই তেঁও বিধায়ক শ্বেৰমান আলীয়ে আন দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰমাণ দিলে বিধানসভাৰ অধ্যক্ষক । অধ্যক্ষক শ্বেৰমান আলীয়ে ফেচবুকত দিয়া প'ষ্ট প্ৰমাণ আকাৰে দিলে ৰকিবুল হুছেইনে ।

ৰকিবুল হুছেইনে কয়,“মই নিজেই মোৰ কথাখিনি কৈছো । শ্বেৰমান আলীয়ে চাৰিজন উকীল আনি কথাখিনি কৈছে । দীঘলীয়া শুনানি হ’ল । আমি অধ্যক্ষৰ ৰায়দানলৈ বাট চাব লাগিব । মোৰ ওচৰত থকা সকলো তথ্য-প্ৰমাণ অধ্যক্ষৰ ওচৰত দাখিল কৰিছো । শ্বেৰমান আলীয়ে আমাৰ দলৰ অফিচিয়েল কেণ্ডিডেটৰ বিৰুদ্ধে চলোৱা প্ৰচাৰ ফেচবুকত নিজেই দিছে । সেয়াও অধ্যক্ষক দাখিল কৰিছো ।”

কি কয় শ্বেৰমান আলীয়ে:

অধ্যক্ষই গ্ৰহণ কৰা শুনানিত অংশগ্ৰহণ কৰি বিধায়ক শ্বেৰমান আলীয়ে আত্মপক্ষ সমৰ্থন কৰি নিজকে নিৰ্দোষী বুলি অভিহিত কৰে । শ্বেৰমান আলীয়ে কয়,“মই সম্পূৰ্ণ নিৰ্দোষী ৷ মোৰ বিৰুদ্ধে একপক্ষীয়ভাবে ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়াই শত্ৰুতা কৰিছে । এতিয়াও মই কংগ্ৰেছত Three line wheep মানি আছো ।” লগতে শ্বেৰমান আলীয়ে কয় যে কংগ্ৰেছে বিজেপিৰ পক্ষত মুকলিকৈ কথা কোৱা আৰু সভাত অংশগ্ৰহণ কৰাসকলৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে ।

শ্বেৰমান আলীৰ মন্তব্য,“কংগ্ৰেছৰ ভালৰ কাৰণে দোষবোৰ আঙুলিয়াই দিলে যদি মই দোষী হয় তেনেহ’লে কংগ্ৰেছে তেওঁলোকৰ সংবিধানৰ পৰা গণতান্ত্ৰিক শব্দটো উঠাই লওক ৷ বসন্ত দাস, কমলাক্ষ দে’, শশী কান্ত দাস, ছিদ্দিক আহমেদৰ বিৰুদ্ধে কংগ্ৰেছে কিয় ব্যৱস্থা ল’ব নোৱাৰে । তেওঁলোকে মুকলিকৈ বিজেপিৰ সভাত অংশ লয় । মই যদি ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছো তেনেহ’লে যোৰহাটত গৌৰৱ গগৈৰ সপক্ষেও প্ৰচাৰ চলাইছো ।"

ইয়াৰ উপৰিও বিধায়ক শ্বেৰমানে কয়,“মোৰ বিৰুদ্ধে কংগ্ৰেছ দলে অভিযোগ অনা নাই । ব্যক্তিগত আখেজৰ বাবে ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়াইহে অভিযোগ দিছে । বিধায়ক পদ খাৰিজৰ ক্ষেত্ৰত কোনো ন্যায়ালয়ে হস্তক্ষেপ কৰিব নোৱাৰে । বিধায়ক পদ খাৰিজৰ সৰ্বোচ্চ ক্ষমতা বিধানসভাৰ অধ্যক্ষৰ হাতত আছে । মোৰ ক্ষেত্ৰত অধ্যক্ষই উচিত ন্যায় দিব ।”

লগতে পঢ়ক:বিজেপিয়ে এটা প্ৰতিশ্ৰুতি দিলে তাঞ্জিলৰ মনোনয়ন প্ৰত্যাহাৰ কৰা হ’ব ! কিয় ক’লে ৰকিবুল হুছেইনে ?

আমি এজাহাৰ দিলেও তেওঁলোকে কেৰেপেই নকৰে: ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details